আইন আৰু ন্যায় মন্ত্ৰালয়

চলিত বছৰৰ অন্তিমটো ৰাষ্ট্ৰীয় লোক আদালতত ভাৰ্চুৱেল মোডত আৰু সোশৰীৰে ৩২২৮ কোটি টকা মূল্যৰ দহ লাখৰো অধিক গোচৰ নিষ্পত্তি হৈছে

Posted On: 17 DEC 2020 12:02PM by PIB Guwahati

চলিত বছৰৰ অন্তিমটো ৰাষ্ট্ৰীয় লোক আদালত ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষৰ তত্ত্বাৱধানত সমগ্ৰ দেশতে ভাৰ্চুৱেল মাধ্যমেৰে আৰু সোশৰীৰে বিগত ১২ ডিচেম্বৰত সম্পন্ন হৈছে। ক’ৰোনাজনিত মহামাৰীৰ পৰিপ্ৰেক্ষিতত যাবতীয় সুৰক্ষা বিধি মানি এই লোক আদালত অনুষ্ঠিত হয়।ৰাষ্ট্ৰীয় লোক আদালতত মুঠ ৮১৫২ খন বিচাৰপীঠ গঠন কৰা হৈছিল।

মুঠ ১০ লাখ ৪২ হাজাৰ ৮১৬টা গোচৰ ইয়াৰ যোগেদি সফলতাৰে নিষ্পত্তি কৰা হয়। ইয়াৰ ভিতৰত ৫ লাখ ৬০ হাজাৰ ৩১০টা গোচৰ আদালতত প্ৰাক-বিচাৰাধীন অৱস্থাত আছিল।আনফালে, বাকী ৪ লাখ ৮২ হাজাৰ ৫০৬ গোচৰ বিভিন্ন আদালতত বিচাৰাধীন আছিল। নিষ্পত্তিৰ বাবে মুঠ ধনৰ পৰিমাণ আছিল ৩২২৭.৯৯ কোটি টকা।

 

গোচৰ

বিচাৰাধীন

প্ৰাক-বিচাৰাধীন

মুঠ

গ্ৰহণ কৰা

11,54,958

22,98,771

34,53,729

নিস্পত্তি হোৱা

4,82,506

5,60,310

10,42,816

নিস্পত্তি মূল্য

(টকাত)

24,76,52,09,400

7,51,47,51,636

 

32,27,99,61,036

 

ৰাষ্ট্ৰীয় লোক আদালতত এমএচিটি গোচৰৰ উপৰিও শ্ৰম বিৰোধ, ধন পুনৰুদ্ধাৰ, ভূমি অধিগ্ৰহণ, ভৰণ পোষণ গোচৰ সহ বিবাহ সংক্ৰান্তীয়, বেতন সংক্ৰান্তীয়, অৱসৰ গ্ৰহণৰ সুবিধা বিষয়ক আৰু অন্যান্য দেৱানী গোচৰো গ্ৰহণ কৰা হৈছিল।

ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ বা নেশ্যনেল লিগেল ছাৰ্ভিছেজ অথৰিটীৰ দ্বাৰা পৰিচালিত লোক আদালত হৈছে বিৰোধ নিষ্পত্তি কৰাৰ এক বিকল্প পদ্ধতি। ই এনে এক ফ’ৰাম য’ত গোচৰ আদালতত উঠাৰ পূৰ্বে অথবা পিছতো নিষ্পত্তি অথবা বুজাবুজিৰ মাধ্যমেৰে মীমাংসিত হয়।লিগেল ছাৰ্ভিছেজ অথৰিটিজ এক্ট ১৯৮৭ অনুযায়ী লোক আদালতক বিধিবদ্ধ মৰ্যাদা দিয়া হৈছে। লোক আদালতৰ সিদ্ধান্ত চূড়ান্ত বুলি বিবেচিত হয়।

******

RCJ/M/RD



(Release ID: 1681695) Visitor Counter : 120