বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

বিশাল বিজ্ঞান মহোত্সৱ ‘আইআইএছএফ ২০২০’ত ‘ভাৰ্ছুৱেল’ মাধ্যমেৰে বিজ্ঞানৰ অভিজ্ঞতা লওক

ঘৰৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে ‘আইআইএছএফ ২০২০’ৰ কাৰ্যক্ৰমৰ লাভ আদায় কৰিব পাৰিব : ড০ ৰঞ্জনা আগৰৱাল

সময় আৰু সীমাৰ পৰিধি নেওচি গৱেষণাকাৰীৰে জড়িত হৈ আহিছে ‘আইআইএছএফ’-য়ে : জয়ন্ত সহস্ৰবুধে

Posted On: 17 DEC 2020 11:14AM by PIB Guwahati

মহামাৰীয়ে সৃষ্টি কৰা সংকটৰ সময়ত জীৱনৰ উন্মাদনা বহু পৰিমাণে স্তিমিত হৈ পৰিছিল যদিও ইয়াৰ মাজতো যদি জীৱনক প্ৰচণ্ড উত্সাহৰে উজ্জীৱিত কৰি ৰাখিছিল সেয়া হৈছে বিজ্ঞান আৰু প্ৰযুক্তিতেনে এক জীৱন্ত উদাহৰণ হৈছে ভাৰতীয় আন্ত্ঃৰাষ্ট্ৰীয় বিজ্ঞান মহোত্সৱ(আইআইএছএফ) ২০২০ত বিজ্ঞানৰ অভিজ্ঞতা ভাৰ্ছুৱেলী গ্ৰহণ কৰিব পৰা যায়। এই মহোত্সৱত ছাত্ৰ-ছাত্ৰীয়ে ভাৰ্ছুৱেল ভ্ৰমণত যোৱাৰ সুবিধা গ্ৰহণ কৰিব পৰাৰ উপৰি ৩-ডি প্ৰদৰ্শনী, আলোচনা চক্ৰ, বক্তৃতা আৰু অন্যান্য বহু কাৰ্যক্ৰমত অংশগ্ৰহণৰ অভিজ্ঞতা অৰ্জন কৰিব পাৰিব। মহোত্সৱত সৰ্বমুঠ ৪১টা অনুষ্ঠান অনুষ্ঠিত হব বুলি তথ্য দাঙি ধৰিছে নতুন দিল্লীৰ চিএছআইআৰ-ৰ ৰাষ্ট্ৰীয় বিজ্ঞান, প্ৰযুক্তি তথা উন্নয়ণ অধ্যয়ণ প্ৰতিষ্ঠান(এনআইএছটিএডিএছ)ৰ সঞ্চালিকা ড০ ৰঞ্জনা আগৰৱালে। তেওঁ ওৱাইএমচিএ-ৰ জে চি দাস ইউনিভাৰ্ছিটী অব ছায়েন্স এণ্ড টেকনলজী-ত ভাষণ প্ৰদান কৰিছিল। প্ৰণিধানযোগ্য যে, বিশ্ববিদ্যালয়খনে হাৰিয়াণাৰ বিজ্ঞান ভাৰতীৰ সৈতে লগ লাগি আইআইএছএফ ২০২০-ৰ এক পট-উন্মোচন কাৰ্যক্ৰম অনুষ্ঠিত কৰিছিল। আইআইএছএফ ২০২০ অহা ২২ৰ পৰা ২৫ ডিচেম্বৰলৈ অনুষ্ঠিত হব।

আইআইএছএফ ২০২০ৰ মূল আয়োজকৰ ভূমিকা পালন কৰিছে নতুন দিল্লীৰ চিএছআইআৰ-এনআইএছটিএডিএছ-য়েমহোত্সৱখন যুটীয়া ভাবে অনুষ্ঠিত কৰিছে বিজ্ঞান প্ৰযুক্তি বিভাগ(ডিএছটি), কাউন্সিল অব ছায়েণ্টিফিক এণ্ড ইণ্ডাষ্ট্ৰিয়েল ৰিছাৰ্চ(চিএছআইআৰ), ধৰিত্ৰী বিজ্ঞান মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ আৰু জৈৱ-প্ৰযুক্তি বিভাগ(ডিবিটি)য়ে।

মহোত্সৱ অনুষ্ঠিতব্য বিভিন্ন কাৰ্যক্ৰম সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰি ড০ আগৰৱালে কয় যে ঘৰৰ পৰাই ছাত্ৰ-ছাত্ৰীসকলে আইআইএছএফ ২০২০ৰ কাৰ্যক্ৰমৰ লাভ আদায় কৰিব পাৰিব।

ইফালে, সময় আৰু সীমাৰ পৰিধি নেওচি গৱেষণাকাৰীৰে আইআইএছএফ জড়িত হৈ আহিছে বুলি বিভাৰ সাংগঠনিক সম্পাদক জয়ন্ত সহস্ৰবুধেয়ে অভিমত ব্যক্ত কৰে।

ইফালে, আইআইএছএফ ২০২০ৰ জন-সম্পৰ্ক স্থাপন সংক্ৰান্তীয় কাৰ্যক্ৰমত ড০ ৰঞ্জনা আগৰৱালে বিজ্ঞান জনপ্ৰিয়কৰণ সম্পৰ্কীয় ভাষণ প্ৰদান কৰাৰ লগতে বিশাল বিজ্ঞান মহোত্সৱখনৰ উদ্দেশ্য আৰু প্ৰয়োজনয়ীতা সন্দৰ্ভত বক্তব্য দাঙি ধৰে।

আইআইএছএফ সম্পৰ্কীয় বিভিন্ন তথ্যৰ লগতে পঞ্জীয়ণৰ সবিশেষ জানিবৰ বাবে www.scienceindiafest.org ৰে সংযোজিত হব পাৰিব।

 

******



(Release ID: 1681649) Visitor Counter : 220