গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰালয়

কুঁহিয়াৰ কৃষকসকলক সাহায্য প্ৰদানৰ বাবে ৩,৫০০ কোটি টকা আবণ্টনৰ বাবে কেন্দ্ৰীয় কেবিনেটৰ মঞ্জুৰি প্ৰদান

এই সাহায্যৰ ধন পোনপটীয়াকৈ কৃষকৰ একাউণ্টত জমা হ’ব

এই সিদ্ধান্তই দেশৰ পাচ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ আশ্ৰিতসকলক উপকৃত কৰিব, লগতে চেনিকল তথা ইয়াৰ সৈতে জড়িত অন্যান্য কাৰ্যাৱলীত নিয়োজিত হৈ থকা পাচ লাখ কৰ্মচাৰীকো উপকৃত কৰিব

Posted On: 16 DEC 2020 3:34PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটৰ অৰ্থনৈতিক বিষয়ক কমিটিৰ বৈঠকত কুঁহিয়াৰ খেতিয়কসকলক সাহায্য প্ৰদান কৰিবৰ বাবে ৩,৫০০ কোটি টকা আবণ্টন দিয়াৰ প্ৰস্তাৱলৈ যাৱতীয় অনুমোদন প্ৰদান কৰা হৈছে।

বৰ্তমান দেশত প্ৰায় ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল বহু লোক আছে। ইয়াৰ উপৰিও বিভিন্ন চেনিকলত আৰু ইয়াৰ সৈতে জড়িত অন্যান্য উদ্যোগ তথা কাৰ্যাৱলীৰ সৈতে আৰু প্ৰায় ৫ লাখ কৰ্মচাৰী নিয়োজিত হৈ আছে, যাৰ জীৱিকা চেনি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল।

কৃষকসকলে চেনি কলত তেওঁলোকৰ দ্বাৰা উৎপাদিত কুঁহিয়াৰসমূহ বিক্ৰী কৰি আহিছে। কিন্তু চেনি কলবোৰত বৃহৎ পৰিমাণত চেনি থকাৰ বাবে তেওঁলোকে তেওঁলোকৰ ন্যায্য মূল্য সঠিক সময়ত লাভ নকৰে। এই সমস্যাৰ সমাধানৰ বাবে অতিৰিক্ত চেনি কাৰখানাৰ পৰা বাহিৰলৈ লৈ অহাৰ কামত চৰকাৰৰ এই উদ্যোগে সহায় কৰিব। ইয়াৰ ফলত কুঁহিয়াৰ খেতিয়কসকলে তেওঁলোকৰ প্ৰাপ্য তথা ন্যায্য মূল্য সঠিক সময়ত লাভ কৰিব। চৰকাৰে এই সংক্ৰান্তত ৩,৫০০ কোটি টকা ব্যয় কৰিব। এই ধন কৃষকসকলৰ একাউণ্টলৈ পোনপটীয়াভাৱে যাব, বা জমা হ’ব। চেনি কলবোৰৰ এই প্ৰক্ৰিয়াত কোনো ধন বকেয়া থাকিলে সেই ধন সংশ্লিষ্ট কাৰখানাৰ একাউন্টত জমা হ’ব।

এই ৰাজসাহায্য প্ৰদান কৰাৰ ফলত চেনিক বজাৰজাত কৰি তোলা, প্ৰক্ৰিয়াকৰণৰ ব্যয় তথা ২০২০-২১ চেনি বিপণন ছিজনত কাৰখানাবোৰৰ বাবে আমদানিকৃত সৰ্বোচ্চ ৰপ্তানিৰ কোটা অনুযায়ী ৬০ লাখ মেট্ৰিক টন চেনি ৰপ্তানিৰ ক্ষেত্ৰত পণ্য পৰিবহণত সহায় কৰা হ’ব।

*****

DS/RD



(Release ID: 1681346) Visitor Counter : 146