যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

ইণ্ডিয়া পোষ্ট পেইমেণ্ট বেংকে দেশৰ প্ৰতিগৰাকী ব্যক্তিক অত্যাধুনিক বেংকিং সুবিধাৰ অনুভৱ প্ৰদান কৰিবৰ বাবে নিজা ডিজিটেল পেইমেণ্ট সেৱা ‘ডাকপে’ মুকলি কৰিছে

অনলাইন পেইমেণ্ট আৰু ঘৰে ঘৰে গৈ বিত্তীয় সেৱা উপলব্ধ কৰাবৰ দিশেৰে ‘ডাকপে’ এক দুগুণ শক্তিশালী সেৱা - শ্ৰী ৰবিশংকৰ প্ৰসাদ

प्रविष्टि तिथि: 15 DEC 2020 1:58PM by PIB Guwahati

ভাৰতীয় ডাক বিভাগ আৰু ইণ্ডিয়া পোষ্ট পেইমেন্টছ বেংকে ডিজিটেল সেৱা হিচাপে আজি 'ডাকপে' ব্যৱস্থাৰ সূচনা কৰিছে। সমগ্ৰ দেশতে ডিজিটেল ব্যৱস্থাৰে আৰ্থিক লেনদেনৰ ক্ষেত্ৰত এই এপ্পে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলে ধাৰণা কৰা হৈছে।

কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী শ্ৰী ৰবি শংকৰ প্ৰসাদে আজি এই সেৱাৰ কথা ঘোষণা কৰি কয়, লকডাউনৰ সময়ত ডাক বিভাগে সমগ্ৰ দেশজুৰি ইয়াৰ নিজৰ সেৱা অব্যাহত ৰাখিছে। 'ডাকপে'মুকলি ডাক বিভাগৰ উন্নত সেৱাৰ আন এক দিশ যিয়ে প্ৰতি ঘৰে ঘৰে উপলব্ধ হ’ব। সাধাৰণ মানুহে এতিয়াৰে পৰা ঘৰৰ দুৱাৰডলিতে ডাক সেৱাৰ সুযোগ গ্ৰহণ কৰিব পাৰিব। ই এক অনন্য সেৱা, যি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ 'আত্মনিৰ্ভৰ ভাৰত' দৃষ্টিভঙ্গীৰ সৈতে সম্পৰ্কিত।

************

 

RCJ/M/RD


(रिलीज़ आईडी: 1680978) आगंतुक पटल : 290
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , Marathi , हिन्दी , Bengali , Manipuri , Punjabi , Odia , Tamil , Telugu , Malayalam