প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী শ্বাভকট মিৰজিঅ’য়েবৰ মাজত ভাৰ্চুৱেল বৈঠক

Posted On: 09 DEC 2020 6:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু উজবেকিস্তানৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী শ্বাভকট মিৰজিঅ’য়েবৰ মাজত ১১ ডিচেম্বৰ, ২০২০ত এখনি ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হ’ব।

এই বৈঠকখনি হ’ব ভাৰত আৰু মধ্য এছিয়াৰ এখন দেশৰ মাজত প্ৰথমখনি দ্বিপাক্ষিক ‘ভাৰ্চুৱেল বৈঠক’। নেতাদুজনে ইয়াত ক’ভিড-পৰৱৰ্তী বিশ্বখনত ভাৰত-উজবেকিস্তানৰ সহযোগিতা সুদৃঢ়কৰণকে ধৰি দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ দিশ সম্পৰ্কে আলোচনা কৰিব। তদুপৰি তেওঁলোকে পাৰস্পৰিক লাভৰ আঞ্চলিক আৰু বৈশ্বিক প্ৰসংগসমূহৰ ওপৰত মত বিনিময় কৰিব।

শেহতীয়া সময়ছোৱাত ভাৰত আৰু উজবেকিস্তানে উচ্চ পৰ্যায়ৰ বিনিময় অব্যাহত ৰাখি আহিছে। ২০১৫ আৰু ২০১৬ ত প্ৰধানমন্ত্ৰী মোদীৰ উজবেকিস্তান ভ্ৰমণ আৰু ২০১৮ আৰু ২০১৯ ত ৰাষ্ট্ৰপতি মিৰজিঅ’য়েবৰ ভাৰত ভ্ৰমণে কূটনৈতিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰে।

এই ভাৰ্চুৱেল বৈঠকখনিত কেইবাখনো চুক্তি/ বুজাবুজিৰ চুক্তি সম্পাদিত হোৱাৰ সম্ভাৱনা আছে।

***

DS/SH/SB


(Release ID: 1680767)