স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

‘ই-সঞ্জীৱনী’ টেলিমেডিচিন সেৱাৰ দ্বাৰা অভিলেখসংখ্যক ১নিযুত টেলি-পৰামৰ্শ প্ৰদান

৫৫০তকৈ অধিক জিলাৰ ৰোগীয়ে ই-সঞ্জীৱনী ব্যৱহাৰ কৰিছে

প্ৰতিদিনে প্ৰায় ১৪,০০০লৈকে পৰামৰ্শৰ সংখ্যা বৃদ্ধি কৰা হৈছে

Posted On: 14 DEC 2020 2:42PM by PIB Guwahati

ভাৰতে ইয়াৰ ই-স্বাস্থ্য যাত্ৰাত এক মাইলৰ খুটি অতিক্ৰম কৰিছে। স্বাস্থ্য মন্ত্ৰালয়ৰ ই-সঞ্জীৱন টেলিমেডিচিন সেৱাই আজি ১০ লাখ টেলি-আলোচনা অতিক্ৰম কৰিছে। টেলিমেডিচিনৰ দ্বাৰা ইণ্টাৰনেট ব্যৱহাৰ কৰি দূৰত্বৰ পৰা স্বাস্থ্য সেৱা প্ৰদান কৰা হয় আৰু ই কেৱল স্বাস্থ্য সেৱাৰ উপলব্ধতা বৃদ্ধি নকৰে, লগতে সময় আৰু ধন ৰাহি কৰাৰ উপৰিও স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰে। ভাৰতৰাষ্ট্ৰীয় স্তৰত স্বাস্থ্য সেৱা প্ৰদানডিজিটেল ৰূপান্তৰ ই-সঞ্জীৱনী হৈছে খন বিকাশশীল দেশদ্বাৰা গ্ৰহণ কৰা এইধৰণৰ প্ৰথম পদক্ষেপকভিড-১৯ মহামাৰীৰ সময়ত -সঞ্জীৱনস্বাস্থ্য সেৱা প্ৰদান কেৱল এক বিশাল ডিজিটেল ৰূপান্তৰেই যে আনিছিল তেনে নহয়, লগতে দেশৰ ডিজিটেল স্বাস্থ্য পৰিৱেশতন্ত্ৰক প্ৰোত্সাহিত কৰিছিল।

 

স্বাস্থ্য মন্ত্ৰালয়ৰ ই-সঞ্জীৱনীৰ জৰিয়তে ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল দুটা ভাগত সেৱা প্ৰদান কৰি থকা হৈছে। ই-সঞ্জীৱনএবি-স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰচিকিৎসকৰ মাজত টেলিআলোচনা সহজসাধ্য কৰে আৰু প্ৰায় ৬০০০ স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰত ইয়াক ব্যৱহাৰ কৰা হৈছে। ৰাজ্যসমূহৰ দ্বাৰা প্ৰায় ২৪০ হাব নিৰ্মাণ কৰা হৈছে যিবোৰ বিশেষজ্ঞ আৰু চিকিৎসকে সেৱা প্ৰদান কৰি আছে। ই-সঞ্জীৱনস্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ ব্যৱহাৰ কৰিবলৈ ২০,০০০ৰো অধিক পেৰামেডিক, চিকিৎসক আৰু বিশেষজ্ঞক প্ৰশিক্ষণ দিয়া হৈছে। দ্বিতীয়টো ব্যৱস্থা হৈছে -সঞ্জীৱনী অপিডি। প্ৰান্তীয় অঞ্চলৰ ঘৰকা ৰোগীসকলক -সঞ্জীৱনী অপিডি ব্যৱস্থাপনাৰ জৰিয়তে স্পৰ্শহীনভাৱে, নিৰাপদে কোনো শংকা অবিহনে এগৰাকী চিকিৎসকে ৰোগীক পৰামৰ্শ দিয়ে। প্ৰায় ৮,০০০ চিকিৎসকক ই-সঞ্জীৱনী অপিডি প্ৰশিক্ষণ দিয়া হৈছে আৰু ই-সঞ্জীৱনীৰ জৰিয়তে গড় প্ৰায় ১৫০০ চিকিৎসকে ২২৫টা অনলাইনপিডিৰ জৰিয়তে ৰোগীৰ চিকিৎসা কৰে। ইয়াৰ ভিতৰত ১৯০টা অপিডি বিশেষজ্ঞ  চিকিৎসকআৰু প্ৰায় ৩০টা সাধাৰণ অ'পিডি। সম্প্ৰতি সমগ্ৰ দেশজুৰি দৈনিক ই-সঞ্জীৱনীয়ে প্ৰায় ১৪,০ ৰোগী সেৱা প্ৰদান কৰি আছে।

 

ভাৰতৰ ৫৫০ৰো অধিক জিলাত ৰোগীসকলে ই-সঞ্জীৱন ব্যৱহাৰ কৰি আছে। ই-সঞ্জীৱনী ব্যৱহাৰকাৰীসকল১০% ৰো অধিকবয়স ৬০ বছৰ বা তাৰ অধিক। মুঠ ৰোগীৰ প্ৰায় এক চতুৰ্থাংশ ৰোগীয়ে এবাৰতকৈ অধিক ই-সঞ্জীৱন ব্যৱহাৰ কৰিছে। এইবোৰ এই কথাৰ সাক্ষ্য হিচাপে আছে যে জনসাধাৰণে চিকিৎসকৰ সৈতে আলোচনা কৰাৰ বাবে চিকিৎসালয়ৰ অ'পিডিতকৈ টেলিমেডিচিন পছন্দ কৰা আৰম্ভ কৰিছে।

 

স্বাস্থ্য সেৱাৰ প্ৰদানৰ ক্ষেত্ৰত এই ডিজিটেল পদ্ধতিৰ সুবিধা গ্ৰহণৰ সম্ভাৱনা আৰু সামাজিক প্ৰভাৱ বিবেচনা কৰি ৰাজ্যসমূহে এইক্ষেত্ৰত নানাধৰণৰ পৰিৱৰ্তন আনিছে। কেৰালাপালক্কাড জিলা কাৰাগাৰৰ কদীসকলক  -সঞ্জীৱনী অপিডিৰ জৰিয়তে স্বাস্থ্য সেৱা প্ৰদান কৰা হৈছে। হিমাচল প্ৰদেশৰ বৃদ্ধাশ্ৰমসমূহত এই সেৱা প্ৰদানৰ উদ্যোগ গ্ৰহণ কৰা হৈছে। দেশজুৰি ই-সঞ্জীৱনী অপিডি আৰম্ভ হোৱাৰ পাছত   বিভিন্ন প্ৰকাৰৰ বিশেষত্ব আৰু অতি-বিশেষত্বৰ অ'পিডি আৰম্ভ কৰাত সহায় কৰিছে যাৰ ভিতৰত আছে বিকল্প চিকিৎসা প্ৰণালী যেনে আয়ুস আৰু নেচৰোপেথি। কেৰালাই ইতিমধ্যে ৰাষ্ট্ৰীয় বাল স্বস্থ্য কাৰ্য্যক্ৰমজিলা প্ৰাৰম্ভিক হস্তক্ষেপ কেন্দ্ৰৰ সেৱা প্ৰদান কৰাৰ বাবে ই-সঞ্জীৱনীত 'পিডি স্থাপন কৰিছে। এই ১৪টা অনলাইনপিডিৰ  এটা দল আছে যাৰ ভিতৰত আছে মনোবিজ্ঞানী, বিশেষ শিক্ষাবিদ, স্পীচ থেৰাপিষ্ট আৰু এজন ফিজিঅথেৰাপিষ্ট যিয়ে শিশু বিকাশ আৰু তেওঁলোকৰ ভৱিষ্যতৰ স্বাস্থ্যৰ সৈতে সম্পৰ্কিত সচৰাচৰ সমস্যাবোৰ মোকাবিলা কৰে।

 

ৰাজ্য চৰকাৰসমূহে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ এনে প্ৰচেষ্টাক প্ৰশংসা কৰিছে-সঞ্জীৱন আৰু ই-সঞ্জীৱন'পিডি মঞ্চৰ যোগেৰে সৰ্বোচ্চ পৰামৰ্শ গ্ৰহণ কৰা শীৰ্ষ দহখন ৰাজ্য হৈছে তামিলনাডু (৩১৯৫০৭), উত্তৰ প্ৰদেশ (২৬৮৮৮৯), মধ্য প্ৰদেশ (৭০৮৩৮), গুজৰাট (৬৩৬০১),কেৰালা(৬২৭৯৭),হিমাচল প্ৰদেশ(৪৯২২৪),অন্ধ্ৰ প্ৰদেশ(৩৯৮৫৩), কৰ্ণাটক(৩২৬৯৩),উত্তৰাখণ্ড(৩১৯১০),আৰু মহাৰাষ্ট্ৰ(১২৬৩৫)।

 

 *********

MV/SJ/KG



(Release ID: 1680675) Visitor Counter : 221