নৌ-পৰিবহন মন্ত্ৰালয়

ৰাইজৰ পৰামৰ্শৰ বাবে মুকলি কৰা হৈছে ভাৰতীয় বন্দৰ বিধেয়ক,২০২০ৰ খচৰা

ভাৰতীয় সমুদ্ৰ খণ্ডৰ বাবে এই বিধেয়ক হ’ব এক গেম চেঞ্জাৰ, বিশেষকৈ এই খণ্ডলৈ অধিক বিনিয়োগ কঢ়িয়াই অনাত ই সহায় কৰিবঃ শ্ৰী মনসুখ মান্দাভিয়া

Posted On: 11 DEC 2020 2:26PM by PIB Guwahati

বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ে ভাৰতীয় বন্দৰ বিধেয়ক,২০২০ৰ খচৰা ৰাইজৰ দিহা-পৰামৰ্শৰ বাবে মুকলি কৰিছে। এই বিধেয়কে ভাৰতীয় বন্দৰ আইন,১৯০৮ক বিলুপ্ত কৰিব আৰু ইয়াৰ স্থান গ্ৰহণ কৰিব।

ভাৰতৰ বন্দৰসমূহত ফলপ্ৰসু প্ৰশাসন আৰু ব্যৱস্থাপনা নিশ্চিত কৰি এই খণ্ডৰ প্ৰতি বিনিয়োগকাৰীক আকৰ্ষিত কৰিব পৰাকৈ ভাৰতীয় বন্দৰ বিধেয়ক,২০২০ৰ খচৰা প্ৰস্তুত কৰা হৈছে। প্ৰস্তাৱিত বিধেয়কখনে বন্দৰ সংৰক্ষণ, অ-কাৰ্যক্ষম বন্দৰ পুনৰ মুকলি আদিৰ দৰে ব্যৱস্থা সন্নিৱিষ্ট কৰিছে। ই ভাৰতীয় সমুদ্ৰ খণ্ডত বৃহ বিনিয়োগ নিশ্চিত কৰিব বুলি আশা কৰা হৈছে।

বিধেয়কখনে লগতে ভাৰতৰ বন্দৰ খণ্ডৰ বিকাশ আৰু বহনক্ষম উন্নয়নৰ বাবে এক ইতিবাচক পৰিৱেশ তৈয়াৰ কৰিবলৈ নিম্নোক্ত পদ্ধতিৰে প্ৰচেষ্টা চলাব:

ক. সমুদ্ৰ বন্দৰ নিয়ামক প্ৰাধিকৰণ গঠন।

খ. উপকূলীয় ৰাজ্য চৰকাৰ, ৰাজ্যিক সমুদ্ৰ ব’ৰ্ড আৰু অন্যান্য অংশীদাৰৰ সৈতে মতবিনিময় কৰি ৰাষ্ট্ৰীয় বন্দৰ নীতি আৰু ৰাষ্ট্ৰীয় বন্দৰ যোজনা গঠন।

গ. সমুদ্ৰ বন্দৰ ন্যায়াধিকৰণ আৰু সমুদ্ৰ বন্দৰ এপিলেট ন্যায়াধিকৰণৰ দৰে বিশেষীকৃত সহায়ক ন্যায়াধিকৰণ গঠন।

প্ৰস্তাৱিত বিধেয়কৰ আপ-টু-ডেট ব্যৱস্থাই বন্দৰৰ সুৰক্ষা, নিৰাপত্তা, প্ৰদূষণ নিয়ন্ত্ৰণ, পাৰদৰ্শিতাৰ মান আৰু বহনক্ষমতা নিশ্চিত কৰিবলৈ সক্ষম হ’ব। এই বিধেয়কে সঁচা অৰ্থত সমুদ্ৰৰ সুৰক্ষা আৰু নিৰাপত্তাক উদগণি যোগাব। বিধেয়কখনে বন্দৰৰ বৈজ্ঞানিক উন্নয়ন আৰু বন্দৰ নেটৱৰ্কৰ মাজত ব্যৱধান দূৰ কৰিব।

ভাৰতীয় বন্দৰ বিধেয়ক,২০২০ৰ খচৰা ৰাইজৰ বাবে মুকলি কৰি দিহা-পৰামৰ্শ আৰু মতামত বিচৰা হৈছে। নিম্নোক্ত লিংকত জনসাধাৰণে বিধেয়কখনৰ খচৰা চাব পাৰিব আৰু ২৪ ডিচেম্বৰ,২০২০ৰ ভিতৰত নিজৰ মতামত sagar.mala[at]nic[dot]in লৈ প্ৰেৰণ কৰক।

http://shipmin.gov.in/sites/default/files/IPAbill.pdf

***********

YB/AP/MS



(Release ID: 1680169) Visitor Counter : 269