প্ৰতিৰক্ষা মন্ত্ৰালয়

অনলাইনেৰে ‘আছীয়ান প্ৰতিৰক্ষা মন্ত্ৰীমণ্ডলীৰ বৰ্দ্ধিত সন্মিলন সম্বোধন কৰিলে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে

বিধি আধাৰিত শাসন, সামুদ্ৰিক সুৰক্ষাৰ প্ৰতি অহা ভাবুকী, চাইবাৰ সম্পৰ্কীয় অপৰাধ তথা সন্ত্ৰাসবাদক নিৰস্ত্ৰ কৰাৰ প্ৰয়োজনীয়তা আছে-ৰাজনাথ সিং

Posted On: 10 DEC 2020 1:43PM by PIB Guwahati

প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে আজি অনলাইন মাধ্যমেৰে আছীয়ান প্ৰতিৰক্ষা মন্ত্ৰীমণ্ডলীৰ বৰ্দ্ধিত সন্মিলন(এডিএমএএম প্লাছ)খন সম্বোধন কৰে। এডিএমএএম প্লাছ-ৰ দশম বাৰ্ষিক সন্মিলনখন ভিয়েটনামৰ হানয়ত অনুষ্ঠিত কৰা হৈছিল।

প্ৰণিধানযোগ্য যে, আছীয়ানৰ ১০খন দেশ আৰু আঠখন অংশীদাৰ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰীমণ্ডলীৰ এই সন্মিলনখন প্ৰতিবছৰেই অনুষ্ঠিত কৰি অহা হৈছে। এইবেলি এডিএমএএম প্লাছ-ৰ প্ৰতিস্থাৰ দহটা বছৰ পূৰ্ণ হৈছে আৰু ভিয়োটনামৰ হানয়ত এইবেলি বিশেষ স্মাৰক সন্মিলন অনুষ্ঠিত কৰা হৈছে। চিয়েলিষ্ট ৰিপ্লাবলিক অব ভিয়েটনামৰ প্ৰধানমন্ত্ৰী শ্ৰী গুয়েন জুয়ান ফুক আৰু দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে দশম বাৰ্ষিকী উদযাপনৰ বাবে আয়োজিত বিশেষ অধিৱেশনত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰি ভাৰতৰ প্ৰতি মঞ্চই আগবঢ়োৱা স্বীকৃতিকে যেন মান্যতা দান কৰে।

সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে কয় যে আছীয়ান-কেন্দ্ৰিক মঞ্চই এছীয়াত বহুত্ববাদী, সমাৱেশী, অংশীদাৰিত্বপূৰ্ণ আলোচনাৰ প্ৰেক্ষাপট ৰচনা কৰি আহিছে। বিগত দশকত এডিএমএএম প্লাছ-য়ে কৌশলপূৰ্ণ আলোচনাৰ জৰিয়তে বহুপক্ষীয় সহযোগিতাৰ দিশে আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সম্ভৱ কৰা সাফল্যসমূহৰ বিষয়ে তেওঁ বিশেষ ভাবে উল্লেখ কৰে। তেওঁ সামুদ্ৰিক সুৰক্ষা, মানৱীয় সহযোগিতা, দুৰ্যোগৰ সময়ত আগবঢ়োৱা সাহায্য, সন্ত্ৰাসবাদ বিৰোধী কাৰ্যক্ৰম আৰু শান্তিৰক্ষা অভযানৰে জড়িত সাতোটা বিশেষজ্ঞ কৰ্ম-বাহিনীয়ে সম্ভৱ কৰা সাফল্যৰ বাবে অভিনন্দন জনায়।

এডিএমএএম প্লাছ-ৰ সন্মিলনত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় নিৰাপত্তা পাৰিপাৰ্শ্বিকতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰি এই ক্ষেত্ৰত ভাৰতে গ্ৰহণ কৰা ভূমিকা আৰু পদক্ষেপসমূহৰ সন্দৰ্ভত ব্যাখ্যা দাঙি ধৰে। ভাষণ প্ৰসংগত তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলসমূহে যে বিশষভাবে পাৰম্পৰিক আৰু অ-পাৰম্পৰিক নিৰাপত্তা সম্পৰ্কীয় অসংখ্য ভাবুকীৰ সন্মুখীন হৈ আহিবলগীয়া হৈছে সেই কথা গুৰুত্ব সহকাৰে উল্লেখ কৰে। এই প্ৰসংগত তেওঁ যোৱা বছৰ পূব এছীয়া শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰত-প্ৰশান্ত মহাসাগৰীয় উদ্যোগ(আইপিঅআই)ৰ শুভাৰম্ভ ঘোষণা কৰাৰ প্ৰসংগ উল্লেখ কৰি আইপিঅআই আৰু আছীয়ান-য়ে বহণ কৰা সমাৱেশী দৃষ্টিভংগীৰ চৰ্চা কৰাৰ লগতে দুয়োটা মঞ্চই সহযোগিতাৰ মহত্বকে প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে।

প্ৰতিৰক্ষা মন্ত্ৰীয়ে সন্ত্ৰাবাদক আঞ্চলটোৰ লগতে সামগ্ৰিক ভাবে পৃথিৱীৰ বাবেই আটাইতকৈ উদ্বেগ সৃষ্টিকাৰী বিষয় বুলি অভিহিত কৰে। তেওঁ সন্ত্ৰাসবাদক পৰাভূত কৰিব পৰাকৈ যুঁজত অৱতীৰ্ণ হোৱাৰ বাবে সকলোৱে একত্ৰিত হৈ শক্তিশালী আন্তঃৰাষ্ট্ৰীয় ব্যৱস্থা গঢ়ি তোলাৰ প্ৰয়োজনীয়তা দোহাৰে।

তেওঁ কভিড-১৯ৰ বাবে আৰোপিত নিয়ন্ত্ৰণ স্বত্বেও এডিএমএম প্লাছ-ৰ দৰে সন্মিলন সুন্দৰকৈ অনুষ্ঠিত কৰাৰ বাবে ভিয়েটনামক ধন্যবাদ জনায়।

*****

ABB/Nampi/KA/Rajib/KB



(Release ID: 1679818) Visitor Counter : 271