কেবিনেট

আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনা (এবিআৰৱাই)ক অনুমোদন জনালে কেবিনেটে

Posted On: 09 DEC 2020 3:42PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে আত্মনিৰ্ভৰ ভাৰত পেকেজ ৩.০ৰ অধীনত আত্মনিৰ্ভৰ ভাৰত ৰোজগাৰ যোজনাৰ বাবে অনুমোদন জনাইছে৷ কেবিনেটে চলিত বিত্তীয় বৰ্ষৰ বাবে ১৫৮৪ কোটি টকা ব্যয় আৰু ২০২০-২০২৩ সময়ছোৱাৰ বাবে সমগ্ৰ আঁচনিটোৰ বাবে ২২,৮১০ কোটি টকা ব্যয়ৰ অনুমোদন জনাইছে৷

এই আঁচনিটোৰ বৈশিষ্টসমূহ হ’লঃ

১) ভাৰত চৰকাৰে ১ অক্টোবৰ ২০২০ৰ পৰা ৩০ জুন ২০২১ তাৰিখলৈ নিয়োজিত হোৱা নতুন কৰ্মচাৰীৰ বাবে দুবছৰৰ সাহায্য প্ৰদান কৰিব৷

২) ভাৰত চৰকাৰে কৰ্মচাৰী আৰু নিয়োজক দুয়োটা দলৰ বাবে ১২% অৰিহণা আগবঢ়াব অৰ্থাৎ ইপিএফলৈ দৰমহাৰ ২৪% দুবছৰৰ বাবে নতুন কৰ্মচাৰীৰ ক্ষেত্ৰত ১০০০ গৰাকী পৰ্যন্ত কৰ্মচাৰীলৈ অৰিহণা আগবঢ়াব৷

৩) ভাৰত চৰকাৰে দুবছৰৰ বাবে ১০০০ত কৈও অধিক কৰ্মচাৰীৰ বাবে নতুন কৰ্মচাৰীৰ ক্ষেত্ৰত দৰমহাৰ ১২% ইপিএফ অৰিহণা আগবঢ়াব৷

৪) যিসকল কৰ্মচাৰীৰ দৰমহা ১৫,০০০ টকাতকৈ কম আৰু ১ অক্টোবৰ ২০২০ৰ পূৰ্বে যি ইপিএফঅ’ পঞ্জীকৃত উদ্যোগত কাম কৰি থকা নাই আৰু যাৰ ইউএএন অথবা ইপিএফ একাউণ্ট নম্বৰ নাই, তেওঁলোকো এই আঁচনিৰ বাবে যোগ্য হ’ব৷

৫) ১৫,০০০ টকাতকৈ কম দৰমহা পোৱা তথা ইউএএন থকা এজন কৰ্মচাৰীয়ে যদি ক’ভিডৰ ফলত ০১.০৩.২০২০ তাৰিখৰ পৰা ৩০.০৯.২০২০ তাৰিখলৈ কৰ্মৰ পৰা অব্যাহতি লৈছে আৰু ৩০.০৯.২০২০ তাৰিখ পৰ্যন্ত ইপিএফ থকা কোনো স্থানত যোগদান কৰা নাই, তেওঁও এই আঁচনিৰ বাবে যোগ্য হ’ব৷

৬) আধাৰ থকা সদস্যৰ একাউণ্টত ইলেক্ট্ৰনিকভাৱে ইপিএফঅ’ জমা হ’ব৷

৭) ইপিএফঅ’য়ে এটা ছফ্টৱেৰ বিকশিত কৰিব য’ত স্বচ্ছতাৰে কৰ্মসমূহ সম্পাদন হ’ব৷

৮) ইপিএফঅ’ৰ অন্যান্য আঁচনিৰ সৈতে এবিআৰৱাইৰ অধীনত প্ৰদান কৰা সুবিধাসমূহ উপৰা-উপৰি নহয় তাৰবাবে ইপিএফঅ’ই নিশ্চিতি প্ৰদান কৰিব৷ 

 

******

DS/MANN



(Release ID: 1679648) Visitor Counter : 280