আয়ুষ
আয়ুস মন্ত্ৰালয় আৰু এইমছে এটা ইণ্টিগ্ৰেটিভ মেডিচিন বিভাগ স্থাপনৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সিদ্ধান্ত লৈছে
प्रविष्टि तिथि:
09 DEC 2020 2:27PM by PIB Guwahati
আয়ুস মন্ত্ৰালয় আৰু এইমছে এটা ইণ্টিগ্ৰেটিভ মেডিচিন বিভাগ স্থাপনৰ বাবে ঐক্যবদ্ধভাৱে কাম কৰাৰ সিদ্ধান্ত লৈছে। আয়ুস সচিব বৈদ্য ৰাজেশ কোটেচা আৰু নতুন দিল্লীস্থিত এইমছৰ চেণ্টাৰ ফৰ ইণ্টিগ্ৰেটিভ মেডিচিন এণ্ড ৰিছাৰ্চ(চিআইএমআৰ)ৰ অধ্যক্ষ ড০ ৰনদ্বীপ গুলেৰিয়াৰ যুটীয়া পৰিদৰ্শন আৰু পৰ্যালোচনাৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আয়ুস মন্ত্ৰালয়ৰ চেণ্টাৰ অৱ এক্সিলেন্স কাৰ্যসূচীৰ মাধ্যমেৰে চিআইএমআৰ-এ উল্লেখনীয় সহযোগিতা লাভ কৰিছে।
চিআইএমআৰৰ মূৰব্বী ড০ গৌতম শৰ্মা আৰু আয়ুস মন্ত্ৰালয়ৰ জেষ্ঠ বিষয়াসকলো এই পৰিদৰ্শন কালত উপস্থিত আছিল। যোগ আৰু আয়ুৰ্বেদ বিভাগত উন্নত প্ৰযুক্তিৰ গৱেষণা কাৰ্যসূচীসমূহ পৰ্যালোচনা কৰা হয় আৰু গৱেষণাৰ ফলাফলসমূহ সন্তুষ্টিদায়ক দেখা গৈছে। আয়ুস মন্ত্ৰালয় আৰু এইমছ প্ৰতিষ্ঠানে চিআইএমআৰত গৱেষণা সহযোগিতা সম্প্ৰসাৰিত কৰাৰ সিদ্ধান্ত লৈছে।
এইমছৰ চিআইএমআৰত ৰোগীৰ বৰ্ধিত আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰে এইমছত ইণ্টিগ্ৰেটিভ মেডিচিনৰ বাবে এক সুকীয়া বিভাগ স্থাপন কৰিবলৈ আয়ুস সচিব আৰু এইমছৰ অধ্যক্ষই সন্মতি প্ৰকাশ কৰে। এইমছত এক স্থায়ী বিভাগ হিচাপে ইয়াক গঢ়ি তুলিবলৈ পৃথক ফেকাল্টী আৰু কৰ্মচাৰী নিযুক্ত কৰা হ’ব।
***************
MV/SK/MS
(रिलीज़ आईडी: 1679639)
आगंतुक पटल : 319