যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়

১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিতব্য ‘মল্লযুঁজ বিশ্বকাপ প্ৰতিযোগিতা’ত ৰবি কুমাৰ, দীপক পুনীয়াকে ধৰি ২৪গৰাকী প্ৰতিযোগীয়ে ভাৰতক প্ৰতিনিধিত্ব কৰিব, মাৰ্চ মাহত প্ৰদুৰ্ভাৱ ঘটা ক’ৰোনাভাইৰাছৰ সংক্ৰমণৰ পিচত আয়োজিত এইখন হ’ব প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা

Posted On: 03 DEC 2020 4:33PM by PIB Guwahati

অহা ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিতব্য মল্লযুঁজ বিশ্ব কাপ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ভাৰতৰ পৰা ৪২গৰাকী সদস্য(২৪গৰাকী মল্লযুঁজাৰু, ৯গৰাকী প্ৰশিক্ষক, ৩গৰাকী শুশ্ৰুষা কৰ্মী আৰু ৩গৰাকী ৰেফাৰী)ৰে গঠিত এটা দলে ছাৰ্বিয়াৰ বেলগ্ৰেডলৈ যাত্ৰা কৰিব। কৰোনাভাইৰাছ মহামাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিত মাৰ্চ মাহৰ পৰা ৰাষ্ট্ৰ জুৰি বলবত্ কৰা লকডাউনৰ পিচত ভাৰতীয় মল্লযুঁজাৰুয়ে অংশগ্ৰহণ কৰা এয়া হব প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা।

প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে চৰকাৰে ৯০ লাখ টকাৰো অধিক পুঁজিৰ অনুমোদন জনাইছে। এই পুঁজি বিমানৰ ভাড়া, বিশ্ব মল্লযুঁজৰ অনুজ্ঞা পত্ৰৰ মাচুল, ভিছা মাচুলৰ লগতে প্ৰতিযোগী, প্ৰশিক্ষক আৰু ৰেফাৰীসকলৰ হাত খৰছৰ বাবদ ব্যয় কৰা হব।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব লগা প্ৰতিযোগীসকল হল-

পুৰুষৰ ফ্ৰী ষ্টাইল : ৰবি কুমাৰ(৫৭ কিলো), ৰাহুল আওৰে(৬১ কিলো), নৱীন(৭০ কিলো), গৌৰৱ বালিয়ান(৭৯ কিলো), দীপক পুনীয়া(৮৬ কিলো), সত্যব্ৰত কাডিয়ান(দ৭ কিলো), সুমিত(১২৫ কিলো)

পুৰুষৰ গ্ৰেকো-ৰোমান :  অৰ্জন হালাকুৰ্কী(৫৫ কিলো), জ্ঞানেন্দৰ(৬০ কিলো), শচীন ৰাণা(৬৩ কিলো), আশু(৬৭ কিলো), আদিত্য কুণ্ডু(৭২ কিলো), সাজন(৭৭ কিলো), সুনীল কুমাৰ(৮৭ কিলো), হৰদীপ(৯৭ কিলো), নবীন(১৩০ কিলো)

মহিলা : নিৰ্মলা দেৱী(৫০ কিলো), পিংকী(৫৫ কিলো), অংশু(৫৭ কিলো), সৰিতা(৫৯ কিলো), সোণম(৬২ কিলো), সাক্ষী মালিক(৬৫ কিলো), গুৰচৰণ প্ৰীত কৌৰ(৭২ কিলো), কীৰণ(৭৬ কিলো)

ভাৰতে বজৰং পুনীয়া(পুৰুষৰ ফ্ৰী ষ্টাইল ৬৫কিলো), বিনেশ ফোগট(মহিলাৰ ৫৩ কিলো), ৰবি কুমাৰ আৰু দীপক পুনীয়াৰ জৰিয়তে মুঠ চাৰিটা অলিম্পিক সুযোগ লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁলোকে ২০২১ৰ মাৰ্চ আৰু ২০২১ৰ ২৯ এপ্ৰিলৰ পৰা অনুষ্ঠিতব্য দুই প্ৰতিযোগিতা ক্ৰমে এছীয়ান কোৱালিফিকেশ্যন টুৰ্ণামেণ্ট আৰু বিশ্ব কোৱিলিফিকেশ্যন টুৰ্ণামেণ্টৰ কোটা আহৰণৰ সুযোগ লাভ কৰিব।

*******

NB/OA/KB



(Release ID: 1678177) Visitor Counter : 169