প্ৰতিৰক্ষা মন্ত্ৰালয়

বাংলাদেশ নেশ্যনেল ডিফেন্স কলেজত আয়োজিত ক’ভিড ১৯ জনিত অতিমাৰীৰ পৰৱর্তী পৰিস্থিতিত সুৰক্ষা ব্যৱস্থা সম্পর্কে সেনাবাহিনীৰ উপপ্রধানৰ ভাষণ

Posted On: 02 DEC 2020 6:26PM by PIB Guwahati

সেনাবাহিনীৰ উপপ্ৰধান লেফটেনেন্ট জেনেৰেল এছ কে ছাইনীয়ে আজি ভাৰ্চুৱেল মাধ্যমেৰে বাংলাদেশৰ নেশ্যনেল ডিফেন্স কোৰ্ছৰ দ্বাৰা আয়োজিত ক’ৰোনাৰ পৰৱৰ্তী সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ভাষণ প্ৰদান কৰে। তেওঁৰ কৰ্মজীৱনৰ আৰম্ভণিতে ২০১১ চনত বাংলাদেশৰ নেশ্যনেল ডিফেন্স কলেজত তেওঁ যোগ দিছিল। তেওঁ তেওঁৰ ভাষণত সমগ্ৰ বিশ্বজুৰি ক’ৰোনা অতিমাৰীৰ পৰিপ্ৰেক্ষিতত সামৰিক বাহিনীত ইয়াৰ প্ৰভাৱ সম্পৰ্কে বিস্তাৰিত আলোচনা কৰে। তেওঁ কয়, কৰোনা ভাইৰাছৰ মোকাবিলাত সমগ্ৰ বিশ্বতে স্বাস্থ্য ব্যৱস্থাৰ ওপৰত ধন বিনিয়োগ কৰা হৈছে।

তেওঁ লগতে কয়, সামৰিক বাহিনীত আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু ডিজিটেল যোগাযোগৰ বিকাশেৰেই ক’ৰোনা পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সক্ষম হ’ব।

বাংলাদেশৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত ই এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি তেওঁ মন্তব্য কৰে।

AA/BSC/RD



(Release ID: 1677939) Visitor Counter : 144