স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

ডব্লিউএইচঅ’ বিশ্ব মেলেৰিয়া ৰিপ’ৰ্ট: মেলেৰিয়া সমস্যা হ্ৰাসত অগ্ৰগতি অব্যাহত ভাৰতৰ

২০১৮ তকৈ ২০১৯ত ১৭.৬% হ্ৰাস হোৱা ভাৰত হৈছে একমাত্ৰ উচ্চ স্থানীয় দেশ
২০১২ ৰপৰা ভাৰতৰ এনুৱেল পেৰাচিটিক ইনচিডেন্স (API) একৰ নিম্ন হৈ আছে

Posted On: 02 DEC 2020 11:25AM by PIB Guwahati

বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই বিশ্ব মেলেৰিয়া ৰিপ’ৰ্ট (WMR) ২০২০ প্ৰকাশ কৰিছে, য’ত গাণিতিক অনুমানৰ ওপৰত ভিত্তি কৰি সমগ্ৰ বিশ্বৰ মেলেৰিয়াৰ বাবে আনুমানিক ঘটনাসমূহৰ তথ্য আগবঢ়োৱা যায়। ইয়াত ভাৰতে মেলেৰিয়া সমস্যা হ্ৰাসত লক্ষ্যণীয় অগ্ৰগতি লাভ কৰা দেখা যায়। ২০১৮ তকৈ ২০১৯ত ১৭.৬% হ্ৰাস হোৱা ভাৰত হৈছে একমাত্ৰ উচ্চ স্থানীয় দেশ। ২০১৭ ৰ তুলনাত ২০১৮ ত এনুৱেল পেৰাচিটিক ইনচিডেন্স (API) ২৭.৬% হ্ৰাস পাইছে আৰু ২০১৮ ৰ তুলনাত ২০১৯ ত ১৮.৪% হ্ৰাস পাইছে। ২০১২ বৰ্ষৰপৰা ভাৰতৰ এপিআই একৰ কম হৈ আছে।

ভাৰতত ঘটনাৰ হ্ৰাসৰ ক্ষেত্ৰটো সৰ্বাধিক অৱনমন প্ৰত্যক্ষ কৰা যায়। প্ৰায় ২০ নিযুতৰপৰা প্ৰায় ৬ নিযুতলৈ এই সংখ্যা হ্ৰাস পাইছে। ২০০০ ৰপৰা ২০১৯ লৈকে মেলেৰিয়া ঘটনা ৭১.৮% হ্ৰাস পাইছে। ঠিক সেইদৰে, মৃত্যুৰ ঘটনা ৭৩.৯% হ্ৰাস পায়।

২০০০ (২০,৩১,৭৯০ ঘটনা, ৯৩২ মৃত্যু) আৰু ২০১৯ (৩,৩৮,৪৯৪ ঘটনা, ৭৭ মৃত্যু) বৰ্ষৰ ভিতৰত ভাৰতত মেলেৰিয়াজনিত অসুস্থতা ৮৩.৩৪% আৰু মেলেৰিয়াজনিত মৃত্যু ৯২% হ্ৰাস পাইছে। যাৰ জৰিয়তে ভাৰতে মিলেনিয়াম ডেভলপমেন্ট গ’ল (২০০০ আৰু ২০১৯ ৰ মাজত ঘটনা ৫০-৭৫% হ্ৰাস)ৰ গ’ল ৬ লাভ কৰিছে।

চিত্ৰ ১: ভাৰতত মেলেৰিয়াৰ এপিডিমিঅ’ল’জিকেল ট্ৰেণ্ড (২০০০-২০১৯) পিভি; প্লাজম’ডিয়াম ভিভেক্স পিএফ; প্লাজম’ডিয়াম ফেলচিপাৰুম

বছৰভিত্তিক পৰিসংখ্যাতো মেলেৰিয়া ঘটনা হ্ৰাস পাই আহিছে। ২০১৮ (৪,২৯,৯২৮ ঘটনা, ৯৬ মৃত্যু) ৰ তুলনাত ২০১৯ (৩,৩৮,৪৯৪ ঘটনা, ৭৭ মৃত্যু) বৰ্ষত ঘটনা আৰু মৃত্যু লক্ষণীয়ভাৱে ২১.২৭% আৰু ২০% হ্ৰাস পাইছে। ২০১৯ (২,৮৬,০৯১)ৰ অক্টোবৰৰ তুলনাত ২০২০ ৰ অক্টোবৰ পৰ্যন্ত (১,৫৭,২৮৪) মেলেৰিয়া ঘটনাৰ মুঠ সংখ্যা ৪৫.০২ শতাংশ হ্ৰাস পাইছে।

দেশখনত ২০১৫ ত মেলেৰিয়া নিৰ্মূল প্ৰচেষ্টা আৰম্ভ কৰা হৈছিল আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰদ্বাৰা ২০১৬ ত নেশ্যনেল ফ্ৰেমৱৰ্ক ফৰ মেলেৰিয়া এলিমিনেশ্যন (NFME)ৰ শুভাৰম্ভৰ পাছত ই তীব্ৰতৰ হৈ পৰে। ২০১৭ৰ জুলাইত স্বাস্থ্য মন্ত্ৰালয়ৰদ্বাৰা নেশ্যনেল ষ্ট্ৰেটেজিক প্লেন ফৰ মেলেৰিয়া এলিমিনেশ্যন (২০১৭-২২) আৰম্ভ কৰা যায়, ইয়াৰ জৰিয়তে অহা পাঁচ বছৰৰ বাবে পন্থা সূত্ৰবদ্ধ কৰা হৈছে।

চিত্ৰ ২: ভাৰতত মেলেৰিয়াৰ এপিডিমিঅ’ল’জিকেল পৰিস্থিতি (২০১৫ – ২০১৯)

প্ৰথম দুবছৰত ঘটনা ২৭.৭% আৰু মৃত্যু ৪৯.৫% হ্ৰাস পাই; ২০১৫ ত ১১,৬৯,২৬১ ঘটনা আৰু ৩৮৫ মৃত্যুৰ বিপৰীতে ২০১৭ ত ঘটনা হয় ৮,৪৪,৫৫৮ আৰু মৃত্যু ১৯৪।

২০১৯ ত মেলেৰিয়া ঘটনাৰ প্ৰায় ৪৫.৪৭ শতাংশ (ভাৰতৰ ৩,৩৮,৪৯৪ ঘটনাৰ ১,৫৩,৯০৯ ঘটনা) উৰিষ্যা, চত্তীশগড়, ঝাড়খণ্ড, মেঘালয় আৰু মধ্য প্ৰদেশত সংঘটিত হয় আৰু ফেলচিপাৰুম মেলেৰিয়া ঘটনাৰ ৭০.৫৪ শতাংশ (ভাৰতৰ ১,৫৬,৯৪০ ঘটনাৰ ১,১০,৭০৮ ঘটনা) এই ৰাজ্যকেইখনত সংঘটিত হয়। সমান্তৰালভাৱে এই ৰাজ্যকেইখনত মেলেৰিয়াজনিত মৃত্যুৰ ঘটনা মুঠ ঘটনাৰ ৬৩.৬৪% (৭৭ ৰ ভিতৰত ৪৯)।

মাইক্ৰ’স্ক’প, ৰেপিড ডায়েগনিষ্টিক লং লাষ্টিং ইনচেকটিচাইডেল নেট (LLINs) ৰ সুবিধাৰে ভাৰত চৰকাৰৰদ্বাৰা গ্ৰহণ কৰা প্ৰচেষ্টাৰ পৰিপ্ৰেক্ষিতত – উত্তৰ-পূবৰ ৭ ৰাজ্য, চত্তীশগড়, ঝাড়খণ্ড, মধ্য প্ৰদেশ আৰু উৰিষ্যাত ২০১৮-১৯ লৈকে প্ৰায় ৫ কোটি বিতৰণ কৰা হয়। ঠিক সেইদৰে চলিত বিত্তীয় বৰ্ষত বাকী উচ্চ স্থানীয় ৰাজ্যসমূহত হ্ৰাসৰ অৰ্থে আৰু ২.২৫ কোটি এলএলআইএন যোগান/বিতৰণ কৰা হৈছে।

*****

MV/SJ/SB

HFW/World Malaria Report/2ndDecember2020/1



(Release ID: 1677918) Visitor Counter : 280