সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

দিব্যাংগসকলৰ সৱলীকৰণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজেতাৰ বাচনিৰ বাবে ৰাষ্ট্ৰীয় বাচনি সমিতিৰ বৈঠক ক’ভিড-১৯ৰ মহামাৰীৰ বাবে স্থগিত কৰা হৈছে

Posted On: 02 DEC 2020 5:05PM by PIB Guwahati

দিব্যাংগসকলৰ সৱলীকৰণৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় পুৰস্কাৰ ‘দিব্যাংগজন আন্তঃৰাষ্ট্ৰীয় দিৱস’ত দিব্যাংগ ব্যক্তিসকলৰ যোগদান/দক্ষতাৰ মান্যতা আৰু চৰকাৰী সংগঠন/সংস্থা তথা ব্যক্তিগতখণ্ডৰ দ্বাৰা কৰা যোগদানৰ ভিত্তিত প্ৰদান কৰা হয়৷ এই ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰতি বৰ্ষত ৩ ডিচেম্বৰ তাৰিখে প্ৰদান কৰা হয়৷ এই সন্দৰ্ভত সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে ২৫ জুলাই ২০২০ তাৰিখে এক বিজ্ঞাপন প্ৰকাশ কৰিছিল য’ত ৰাষ্ট্ৰীয় পুৰস্কাৰ, ২০২০ৰ বাবে আবেদন আমন্ত্ৰিত কৰা হৈছিল৷

তদনুসাৰে ৰাষ্ট্ৰীয় বাচনি সমিতিৰ বৈঠক ০১.১২.২০২০ তাৰিখে অনুষ্ঠিত হোৱাৰ কথা আছিল৷ কিন্তু বিদ্যমান ক’ভিড-১৯ মহামাৰীৰ বাবে এই বৈঠক স্থগিত কৰা হৈছে৷ ক’ভিডৰ স্থিতি সংশোধন হোৱাৰ পিছত ৰাষ্ট্ৰীয় বাচনি সমিতিৰ বৈঠক আয়োজিত কৰি এই প্ৰক্ৰিয় পূৰণ কৰাৰ বাবে জনসাধাৰণলৈ জাননী জাৰি কৰা হ’ব৷

*****

NB/SK/jk/MANN



(Release ID: 1677905) Visitor Counter : 122