স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

স্বাস্থ্য মন্ত্ৰালয়ৰ টেলিমেডিচিন সেৱা ই-সঞ্জীৱনীয়ে ৯ লাখ পৰামৰ্শৰ সংখ্যা সম্পূৰ্ণ কৰিলে

নবেম্বৰ ২০১৯ত আৰম্ভ ই-সঞ্জীৱনী আয়ুষ্মান ভাৰত-এইচডব্লিউচিয়ে এবছৰত ১,৮৩,০০০তকৈ অধিক ডাক্তৰী পৰামৰ্শ দিয়ে

ই-সঞ্জীৱনী অ'পিডিয়ে ৭,১৬,০০০তকৈ অধিক ডাক্তৰী পৰামৰ্শ নথিভুক্ত কৰে

Posted On: 02 DEC 2020 3:47PM by PIB Guwahati

স্বাস্থ্য মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় টেলিমেডিচিন পদক্ষেপে এক ঐতিহাসিক প্ৰাপ্তিৰ ৰূপত আজি ৯ লাখ ডাক্তৰী পৰামৰ্শৰ সংখ্যা স্পৰ্শ কৰিলে। ই-সঞ্জীৱনী আৰু ই-সঞ্জীৱনী অ'পিডি প্লেটফৰ্মৰ মাধ্যমত সবাতোকৈ অধিক পৰামৰ্শ লোৱা শীৰ্ষৰ ১০খন ৰাজ্য হৈছে তামিলনাডু (২,৯০,৭৭০), উত্তৰ প্ৰদেশ (2,44,211), কেৰালা (৬০,৪০১), মধ্যপ্ৰদেশ (৫৭,৫৬৯), গুজৰাট (৫২,৫৭১), হিমাচল প্ৰদেশ (৪৮,১৮৭), অন্ধ্ৰপ্ৰদেশ (৩৭,৬৮১), উত্তৰাখণ্ড (২৯,১৪৬), কৰ্ণাটক (২৬,৯০৬), আৰু মহাৰাষ্ট্ৰ (১০,৯০৩)।

টেলিমেডিচিন সেই স্থান য'ত দূৰত থকা ৰোগীক ইণ্টাৰনেটৰ জৰিয়তে চিকিৎসা কৰাব পাৰি। ই-সঞ্জীৱনীৰ ওপৰত ৰিয়েল-টাইম ভিডিঅ' কনফাৰেঞ্চৰ জৰিয়তে দূৰ দূৰণিত থকা ৰোগী, ডাক্তৰ আৰু বিশেষজ্ঞই কোনো বাধা নোহোৱাকৈ বৈঠক কৰিব পাৰে। এই দূৰৱৰ্তী পৰামৰ্শৰ অন্তত এই প্লেটফৰ্মত এখন ইলেকট্ৰনিক নিদান পত্ৰও প্ৰস্তুত কৰা হয় যাৰ আধাৰত ঔষধ ল'ব পাৰি। কোভিড-১৯ মহামাৰীৰ সময়ত দূৰৱৰ্তী অঞ্চলৰ ৰোগীয়ে স্বাস্থ্যসেৱা ল'বলৈ সমৰ্থ কৰি তোলাৰ উদ্দেশ্যে এই সেৱা আৰম্ভ কৰা হৈছিল আৰু বৰ্তমানলৈকে স্বাস্থ্য মন্ত্ৰালয়ৰ এই সেৱাক ২৮খন ৰাজ্যই ইতিমধ্যে আৰম্ভ কৰিছে। সম্প্ৰতি এই ৰাজ্যকেইখনে টেলিমেডিচিন সেৱাৰ দীৰ্ঘকালীন সেৱাৰ বাবে দ্ৰুত গতিত কাম কৰি আছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ই-সঞ্জীৱনীক দুটা ৰূপত লঞ্চ কৰিছে-প্ৰথম (ই-সঞ্জীৱনী এবি-এইচডব্লিউচি) য'ত ডাক্তৰ আৰু ডাকৰৰ মাজত কথা-বতৰা আৰু পৰামৰ্শৰ সুবিধা আছে আৰু দ্বিতীয়টোত ৰোগীৰ ডাক্তৰ (ই-সঞ্জীৱনী অ'পিডি)ৰ সৈতে পৰামৰ্শৰ সুবিধা দিয়া হৈছে। ই-সঞ্জীৱনী আয়ুষ্মান ভাৰত-এইচডব্লিউচি আৰম্ভ হোৱা এতিয়া এবছৰ হ'ল। অন্ধ্ৰপ্ৰদেশ নবেম্বৰ ২০১৯ত এই সেৱা আৰম্ভ কৰা প্ৰথমখন ৰাজ্য আছিল আৰু তেতিয়াৰে পৰা বিভিন্ন ৰাজ্যৰ দ্বাৰা প্ৰায় ২৪০টা হাব আৰু ৫০০০তকৈও অধিক অনলাইন কেন্দ্ৰ স্থাপন কৰা হয়। এই সুবিধাই ১,৮৩,০০০টা পৰামৰ্শ সম্পূৰ্ণ কৰিছে।

ই-সঞ্জীৱনী অ'পিডি যাৰ আৰম্ভণি ১৩ এপ্ৰিল ২০২০ত দেশত লকডাউনৰ সময়ত হৈছিল, ই দূৰ দূৰণিত থকা মানুহক অনলাইন ডাক্তৰী পৰামৰ্শ লোৱাৰ ব্যৱস্থা। এতিয়ালৈকে এই প্লেটফৰ্মত ৭,১৬,০০০তকৈও অধিক পৰামৰ্শ নথিভুক্ত কৰা হৈছে। ২৪০টাতকৈ অধিক অনলাইন অ'পিডি কেন্দ্ৰৰ জৰিয়তে এই পৰামৰ্শ নথিভুক্ত কৰা হৈছে। ইয়াত সামান্য অ'পিডি আৰু বিশেষ অ'পিডি কেন্দ্ৰ অন্তৰ্ভুক্ত আছে। ই-সঞ্জীৱনীৰ দুয়োটা সংস্কৰণ ব্যৱহাৰ আৰু ক্ষমতা তথা কাৰ্যকাৰিতাৰ দিশত দ্ৰুত গতিত বিকশিত হৈ আছে।

পঞ্জাৱৰ মোহালিত চি-ডেকত ই-সঞ্জীৱনী টীমে স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে ৰাজ্যখনৰ স্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ কাম কৰি আছে। মন্ত্ৰালয়ে ৰাজ্যখনৰ সৈতে এই সেৱা প্ৰসাৰিত কৰাৰ ৰণনীতিৰ ওপৰত কাম কৰি আছে। ইয়াৰ উদ্দেশ্য হৈছে ৰাজ্যখনৰ বঞ্চিত শ্ৰেণীক স্বাস্থ্য সুবিধাৱলী প্ৰদান কৰা। তামিলনাডু, উত্তৰ প্ৰদেশ, গুজৰাটৰ দৰে ৰাজ্যয়ো গৰীব আৰু বঞ্চিত শ্ৰেণী যাৰ ওচৰত ইণ্টাৰনেটৰ সুবিধা নাই, তেওঁলোকক ই-সঞ্জীৱনীৰ সেৱা প্ৰদানৰ ৰণনীতিৰ ওপৰত কাম কৰি আছে।

চি-ডেক মোহালিত ই-সঞ্জীৱনী টীমে ৰাজ্যসমূহৰ আৱশ্যকতা পূৰণ কৰিবলৈ স্বাস্থ্য মন্ত্ৰালয়ৰ সৈতে লগ হৈ কাম কৰি আছে। স্বাস্থ্য মন্ত্ৰালয়ে ৰাজ্যসমূহৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰাখিছে যাতে সমাজৰ বঞ্চিত শ্ৰেণীৰ বাবেও ই-সঞ্জীৱনী সেৱাৰ প্ৰাপ্তি প্ৰসাৰিত কৰাৰ ৰণনীতি প্ৰস্তুত কৰিব পৰা যায়। কিছুমান ৰাজ্য যেনে তামিলনাডু, উত্তৰ প্ৰদেশ, গুজৰাট আদিৰ আইটি তথ্যবিহীন সেই গৰীব লোকসকলৰ বাবেও বিভিন্ন মডেলৰ প্ৰয়োগ কৰি থকা হৈছে, যাৰ ওচৰত ইণ্টাৰনেট নাই।

WhatsApp Image 2020-12-02 at 3.23.59 PM.jpeg

****

MV/SJ



(Release ID: 1677780) Visitor Counter : 219