স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

সক্ৰিয় কেছল’ড (৪.৭৪%)ৰ নিৰন্তৰ অৱনমন অব্যাহত

যোৱা ১ মাহে কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা, তামিল নাডু, অন্ধ্ৰ প্ৰদেশত সক্ৰিয় ঘটনা সৰ্বাধিক হ্ৰাস

ভাৰতত মুঠ টেষ্টে অতিক্ৰম কৰিলে ১৪ কোটিৰ লেণ্ডমাৰ্ক

Posted On: 30 NOV 2020 12:02PM by PIB Guwahati

ভাৰতত যোৱা ২৪ ঘন্টাত মাত্ৰ ৩৮,৭৭২ জন লোকৰ দেহত ক’ভিডৰ সংক্ৰমণ ধৰা পৰিছে। কে সময়তে, ভাৰতত ৪৫,৩৩৩ নতুন আৰোগ্য লাভৰ সংখ্যাই সক্ৰিয় কেছল’ডৰপৰা ৬,৫৬১ টা ঘটনা হ্ৰাস নিশ্চিত কৰিছে।

ভাৰতৰ সক্ৰিয় কেছল’ডৰ সংকোচনে ভাৰতৰ বৰ্তমান সক্ৰিয় কেছল’ড ৪,৪৬,৯৫২ কৰিছে যাৰ হাৰ হৈছে ভাৰতৰ মুঠ পজিটিভ ঘটনাৰ মাত্ৰ ৪.৭৪%।

নতুন ঘটনাতকৈ নতুন আৰোগ্য লাভৰ পাৰ্থক্যও বাঢ়ি গৈ আছে। আজি আৰোগ্য লাভৰ হাৰ হয় ৯৩.৮১%। মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৮৮,৪৭,৬০০। আৰোগ্য লাভৰ ঘটনা আৰু সক্ৰিয় ঘটনাৰ মাজৰ ব্যৱধান ক্ষীপ্ৰতাৰে বৃদ্ধি পাইছে, বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৮৪,০০,৬৪৮ অৰ্থাৎ সক্ৰিয় ঘটনাৰ ১৯.৮ গুণ।

যোৱা এমাহে কৰ্ণাটক, মহাৰাষ্ট্ৰ, কেৰালা, তামিল নাডু, অন্ধ্ৰ প্ৰদেশত সক্ৰিয় ঘটনা সৰ্বাধিক হ্ৰাস পাই আহিছে।

আনহাতে, মধ্য প্ৰদেশ, হিমাচল প্ৰদেশ, দিল্লী, হাৰিয়ানা আৰু ৰাজস্থানত সক্ৰিয় কেছল’ড বৃদ্ধি পাইছে।

আজি মুঠ টেষ্ট ১৪ কোটিৰ সীমা অতিক্ৰমৰে ভাৰতে ক’ভিডৰ বিৰুদ্ধে যুঁজখনত লেণ্ডমাৰ্ক মাইলৰ খুঁটি অতিক্ৰম কৰিছে। যোৱা ২৪ ঘন্টাত ৮,৭৬,১৭৩ টা টেষ্ট সম্পন্ন কৰা হয়। ভাৰতে ইয়াৰ দৈনিক টেষ্টিং ক্ষমতা ১৫ লাখলৈ বৃদ্ধি কৰিছে।

যোৱা ২৪ ঘন্টাত নতুন ঘটনাসমূহৰ ৭৮.৩১% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

যোৱা ২৪ ঘন্টাত কেৰালাত এনে ঘটনাৰ সংখ্যা হৈছে ৫,৬৪৩ টা। ইয়াৰ পাছতেই মহাৰাষ্ট্ৰৰ নতুন ঘটনাৰ সংখ্যা হৈছে ৫,৫৪৪ টা। কালি দিল্লীত নতুন ঘটনাৰ সংখ্যা হয় ৪,৯০৬ টা।

নতুন আৰোগ্য লাভৰ ঘটনাৰ ৭৬.৯৪% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

ক’ভিডৰপৰা ৬,৩২৫ জন লোকৰ আৰোগ্য লাভেৰে, দিল্লীত আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা সৰ্বাধিক। কেৰালাত দৈনিক আৰোগ্য লাভৰ সংখ্যা হৈছে ৫,৮৬১। মহাৰাষ্ট্ৰত নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৪,৩৬২ টা।

যোৱা ২৪ ঘন্টাত সংঘটিত ৪৪৩ টা মৃত্যুৰ ঘটনাৰ ৭৮.৫৬% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ। ৰাষ্ট্ৰীয় মৃত্যুৰ ঘটনাৰ হাৰ ১.৪৫% লৈ অৱনমিত হৈছে। বৈশ্বিকভাৱে প্ৰতি নিযুত জনসংখ্যাত সৰ্বনিম্ন মৃত্যুৰ ঘটনা সংঘটিত ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰত হৈছে অন্যতম।

নতুন মৃত্যুৰ ঘটনাৰ ১৯.১৮% মহাৰাষ্ট্ৰত সংঘটিত হৈছে। য়াত মৃত্যুৰ ঘটনা ৮৫ টা। দিল্লীত ৬৮ টা মৃত্যুৰ ঘটনা সংঘটিত হোৱাৰ সমান্তৰালভাৱে পশ্চিম বংগত নতুন মৃত্যুৰ ঘটনা হৈছে ৫৪ টা।

****

MV/SJ/SB

HFW/COVID States data/30th November2020/1



(Release ID: 1677219) Visitor Counter : 143