শ্ৰম আৰু নিয়োগ মন্ত্ৰালয়
‘জীৱন প্ৰমাণ পত্ৰ’ দিয়াৰ বাবে পেন্সনাৰক ২৮ ফেব্ৰুৱাৰী ২০২১লৈকে সময় সম্প্ৰসাৰিত কৰিলে ‘ইপিএফঅ’-য়ে; ‘ইপিএফঅ’-ৰে জড়িত ৩৫ লাখ পেন্সনাৰ লাভান্বিত হ’ব
प्रविष्टि तिथि:
28 NOV 2020 3:26PM by PIB Guwahati
ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত আৰু বয়োজ্যেষ্ঠ লোকসকলৰ ক্ষেত্ৰত ক’ৰোনা ভাইৰাছে অধিক বিপদৰ আশংকা কঢ়িওৱাৰ প্ৰতি লক্ষ্য ৰাখি ‘ইপিএফঅ’-য়ে পেন্সনাৰসকলক ‘জীৱন প্ৰমাণ পত্ৰ’(জেপিপি) দিয়াৰ বাবে ২৮ ফেব্ৰুৱাৰী ২০২১লৈকে জীৱন প্ৰমাণ পত্ৰ সম্প্ৰসাৰিত কৰিছে। ১৯৯৫ চনৰ ‘ইপিএছ’ অনুসৰি পেন্সন লাভ কৰা পেন্সনাৰসকলে প্ৰতিবছৰৰ ৩০ নৱেম্বৰ পৰ্যন্ত জেপিপি দাখিল কৰাৰ বিধি প্ৰৱৰ্তিত হৈ আহিছে। প্ৰণিধানযোগ্য যে পেন্সন ঘোষণাৰ দিনৰ পৰা এবছৰৰ বাবে ই প্ৰযোজ্য হয়।
এইবেলি সকলো পেন্সনাৰে ২৮ ফেব্ৰুৱাৰী ২০২১ পৰ্যন্ত ‘জেপিপি’ দাখিল কৰিব পাৰিব। এই প্ৰমাণ প্ৰত্ৰ দাখিলৰ বাবে পেন্সনাৰসকলে দেশ ব্যাপী থকা ৩.৬৫ লাখ ‘উমৈহতীয়া সেৱা কেন্দ্ৰ’(চিএছচি), ‘পেন্সন বিতৰণ বেংক’ৰ শাখা হিচাপে চিহ্নিত ১.৩৬ লাখ ডাক কাৰ্যালয়, ডাক বিভাগৰ অধীনস্থ ‘পোষ্টেল নেটৱৰ্ক’ৰ ১.৯০ লাখ ডাকপাল আৰু ‘গ্ৰামীণ সেৱক’ৰ সহায় ল’ব পাৰিব।
সমীপৱৰ্তি ‘চিএছচি’-ৰ ঠিকনা বিচৰাৰ বাবে পেন্সনাৰসকলে https://locator.csccloud.in/ ৰ সৈতে সংযুক্ত হোৱাৰ উপৰি ডাৰঘৰসমূহৰ জৰিয়তে ঘৰ অথবা অন্য কোনো স্থানৰ পৰা অনায়সে ‘জেপিপি’ দাখিলৰ বাবে http://ccc.cept.gov.in/covid/request.aspx -ৰে সংযুক্ত হ’ব পাৰিব।
‘ইপিএফঅ’-য়ে গ্ৰহণ কৰা এই পদক্ষেপত সন্তুষ্টি প্ৰকাশ কৰিছে কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ দপ্তৰৰ মন্ত্ৰী শ্ৰী সন্তোষ গংগোৱাৰে সন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ বয়োজ্যেষ্ঠ নাগৰিকসকলক সহায় কৰাৰ বাবেই ‘ইপিএফঅ’-য়ে অনলাইনৰে কৰা এই ব্যৱস্থাই দেশৰ ৩৫ লাখ পেন্সনাৰক উপকৃত কৰিব বুলি অভিমত ব্যক্ত কৰে।
নৱেম্বৰ ২০২০ৰ ভিতৰত ‘জেপিপি’ দাখিল কৰিব নোৱাৰা পেন্সনাৰসকলৰ পেন্সন এই সম্প্ৰসাৰিত সময়ছোৱাতো নিয়মীয়াকৈ দি থকা হ’ব বুলি শ্ৰী গংগোৱাৰে স্পষ্ট কৰি দিয়ে।
*****
RCJ/RNM/IA/KB
(रिलीज़ आईडी: 1676901)
आगंतुक पटल : 279
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam