পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়

‘ভিণ্টেজ যান-বাহণৰ পঞ্জীয়ণ বিধি’ প্ৰণয়ণ সন্দৰ্ভত ৰাজহুৱা পৰামৰ্শ আহ্বান

পোষ্ট কৰা হৈছে: 27 NOV 2020 11:12AM by PIB Guwahati

ভিণ্টেজ যান-বাহণৰ পঞ্জীয়ণ সম্পৰ্কীয় বিধি-ব্যৱস্থাৰ পৰিৱৰ্তন কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় যান-বাহণ বিধিৰ সংশোধন কৰিব পৰাকৈ ৰাজহুৱা মতামত আৰু পৰামৰ্শ বিচাৰি স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে যোৱা ২৫ নৱেম্বৰত প্ৰকাশিত জিএছআৰ ৭৩৪(ই)নং জাননী জাৰি কৰিছে। এই জাননীৰ জৰিয়তে মন্ত্ৰালয়টোৱে ভিণ্টেজ যান-বাহণসমূহৰ পঞ্জীয়ণ প্ৰক্ৰিয়াক আনুষ্ঠানিকতা প্ৰদান কৰিব বিচাৰিছে। এই পৰ্যন্ত ঐতিহাসিক প্ৰমূল্য বিশিষ্ট যান-বাহণসমূহক নিয়ন্ত্ৰণ কৰাৰ বাবে কোনো ধৰণৰ বিধিগত ব্যৱস্থা নাছিল। এনে ব্যৱস্থাৱলীক ১৮৮৯ চনৰ কেন্দ্ৰীয় যান-বাহণ বিধি-ৰ ৮১ক, ৮১খ, ৮১গ, ৮১ঘ, ৮১ঙ, ৮১চ, ৮১ছ উপ-বিধি হিচাপে অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ উথ্থাপন কৰা হৈছে।

এই সম্পৰ্কীয় খচৰাত সকলোধৰণৰ দুচকীয়া আৰু চাৰিচকীয়া(অনা-বাণিজ্যিক-ব্যক্তিগত ব্যৱহাৰ) আৰু প্ৰথম পঞ্জীয়ণ(আমদানীকৃত যানসমূহকে ধৰি)ৰ পৰা ৫০বছৰতকৈ অধিক বছৰৰে পুৰণি যানসমূহক ভিণ্টেজ যান হিচাপে সংজ্ঞায়িত কৰাৰ প্ৰস্তাৱ লোৱা হৈছে। এই সংজ্ঞাৰ আওতালৈ আহিবলৈ হলে- যানসমূহৰ চেছিছ বা ন্যায়াধাৰ আৰু অথবা ইঞ্জিনৰ সাল-সলনিকে ধৰি বিস্তৃত ৰূপত পৰিৱৰ্তন সাধন হব নোৱাৰিব।

পঞ্জীয়ণ সম্পৰ্কীয় সকলো ধৰণৰ আবেদন পৰিৱহণৰ্টেলৰ জৰিয়তে সম্পাদিত কৰিব লাগিব।

ভাৰতৰ পুৰণি যান-বাহণসমূহৰ সংৰক্ষণ আৰু উত্তৰণ সাধনৰ প্ৰয়াসেই হল ইয়াৰ উদ্দেশ্য।

এই খচৰা সন্দৰ্ভত উথ্থাপিত আপত্তি তথা পৰামৰ্শাৱলী সঞ্চালক (এমভিএল), ই-মেইল: director-morth[at]gov[dot]in স্থলপথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়, পৰিবহণ ভৱন, সংসদ ভৱন মাৰ্গ, নতুন দিল্লী-১১০০০১ ঠিকনাত জাননী প্ৰকাশৰ ৩০ দিনৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।

***

RCJ/MS/jk/KB


(ৰিলিজ আই ডি : 1676456) অতিথি কক্ষ : 134