প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ৰাজকোটৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক
পোষ্ট কৰা হৈছে:
27 NOV 2020 10:20AM by PIB Guwahati
ৰাজকোটৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত নিহতসকলৰ প্ৰতি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰিছে।
এটা টুইটত, প্ৰধানমন্ত্ৰীজনে কয়, "ৰাজকোটৰ চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত নিহত হোৱা ঘটনাত অতিশয় মৰ্মাহত হৈছো। এই অনাকাংক্ষিত হৃদয়বিদাৰক ঘটনাত প্ৰিয়জনক হেৰুৱাসকলৰ প্ৰতি মোৰ সহমৰ্মিতা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ প্ৰাৰ্থনা জনাইছো। প্ৰভাৱিতসকলৰ প্ৰতি যথাসম্ভৱ সাহাৰ্য্য প্ৰশাসনে নিশ্চিত কৰিছে।"
***
DS/SH/SB
(ৰিলিজ আই ডি : 1676369)
অতিথি কক্ষ : 161
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam