ৰেল মন্ত্ৰালয়

ভাৰতীয় ৰে’লে মুকলি কৰিলে ‘ডিজিটাইজড অনলাইন’ ‘মানৱ সম্পদ প্ৰবন্ধন পদ্ধতি’(এইচআৰএমএছ)

২৭ লাখ সেৱাৰত আৰু অৱসৰী কৰ্মীৰ পৰিয়ালক প্ৰভাৱিত কৰিব ‘এইচআৰএমএছ’-য়ে

‘এইচআৰএমএছ’-য়ে বৃদ্ধি কৰিব ৰে’লৰ ব্যৱস্থাৱলীৰ পাৰদৰ্শিতা আৰু উত্পাদনশীলতা

ৰে’লৰ কাৰ্য পদ্ধতিক দায়বদ্ধ আৰু স্বচ্ছ কৰি তুলিব ‘এইচআৰএমএছ’-য়ে


‘ডিজিটেলী’ সবল সমাজ আৰু ‘জ্ঞান-অৰ্থনীতি’ হিচাপে ভাৰতৰ ৰূপান্তৰ সাধনৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীক সাৰ্থক কৰাৰ দিশত ‘এইচআৰএমএছ’ হ’ল এক পদক্ষেপ

কৰ্মচাৰীসকলৰ কাম-কাজ আৰু তেওঁলোকক অধিক প্ৰযুক্তি-অনুকূল কৰি তোলাৰ ক্ষেত্ৰত বিপুল ভাবে প্ৰভৱশালী হ’ব এইচআৰএমএছ

Posted On: 26 NOV 2020 1:45PM by PIB Guwahati

ভাৰতীয় ৰেলে সম্পূৰ্ণ ৰূপে ডিজিটাইজড অনলাইন ব্যৱস্থাৰে সঞ্চালিত মানৱ সম্পদ প্ৰবন্ধন পদ্ধতি(এইচআৰএমএছ)মুকলি কৰিছে। এইচআৰএমএছ প্ৰকল্পক ভাৰতীয় ৰেলৰ উত্পাদনশীলতা আৰু কৰ্মীসকলৰ সন্তুষ্টি বৃদ্ধি কৰিব পৰাকৈ বিশেষ গুৰুত্বৰে যুগুতাই উলিওৱা হৈছে। এই প্ৰকল্পই ৰেলৰ ব্যৱস্থাৱলীৰ পাৰদৰ্শিতা আৰু উত্পাদনশীলতা বৃদ্ধি কৰিব আৰু ডিজিটেলী সবল সমাজ আৰু জ্ঞান-অৰ্থনীতি হিচাপে ভাৰতৰ ৰূপান্তৰ সাধনৰ বাবে প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা দৃষ্টিভংগীক সাৰ্থক কৰাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এইচআৰএমএছ-য়ে কৰ্মচাৰীসকলৰ কাম-কাজ আৰু তেওঁলোকক অধিক প্ৰযুক্তি-অনুকূল কৰি তোলাৰ ক্ষেত্ৰত বিপুল ভাবে প্ৰভৱ বিস্তাৰ কৰিব।

 

ৰেল বোৰ্ডৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী বিনোদ কুমাৰ যাদৱে আজি ভিডিঅ কনফাৰেন্সিং ব্যৱস্থাৰে এইচআৰএমএছ-ৰ কেইটামান প্ৰভাগৰ আনুষ্ঠানিক ভাবে শুভাৰম্ভ ঘোষণা কৰে। এই পদ্ধতিৰ অন্তৰ্গত আৰু আজি মুকলি কৰা বিভিন্ন প্ৰভাগসমূহ হকৰ্মচাৰী স্ব-সেৱা প্ৰভাগ(এম্প্লয়ী ছেল্ফ ছাৰ্ভিচ মডিউল), ভৱিষ্য নিধি প্ৰভাগ(পিএফ এডভান্স মডিউল), নিষ্পত্তি প্ৰভাগ(ছেটেলমেণ্ট মডিউল) আদি।

ইয়াৰ পূৰ্বে ভাৰতীয় ৰেলে মুকলি কৰা এইচআৰএমএছ-ৰ অন্যান্য প্ৰভাগসমূহ হল-এম্পয়ী মাষ্টাৰ মডিউল, ইলেক্ট্ৰনিক ছাৰ্ভিচ ৰেকৰ্ড মডিউল, এনুৱেল পাৰ্ফৰ্মেন্স এপ্ৰেইজেল ৰিপৰ্ট মডিউল আদি।

 

***

DJN/KB



(Release ID: 1676297) Visitor Counter : 239