প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

নগৰীকৰণত বিনিয়োগৰ অৰ্থে ভাৰতত অপাৰ সম্ভাৱনা আছে, বিনিয়োগকাৰীসকলক প্ৰধানমন্ত্ৰীয়ে কয়

ক’ভিড পৰৱৰ্তী বিশ্বৰ বাবে মনস্তত্ব আৰু প্ৰথাৰ পুনঃস্থাপন আৱশ্যকীয়

১০০ স্মাৰ্ট চিটিৰ ৩০ বিলিয়ন ডলাৰ পৰিমাণৰ প্ৰকল্প যুগুত

৩য় বাৰ্ষিক ব্লুমবাৰ্গ নতুন অৰ্থনীতি সন্মিলন সম্বোধন

Posted On: 17 NOV 2020 8:06PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় নগৰীকৰণত বিনিয়োগ কৰিবলৈ বিনিয়োগকাৰীসকলক আমন্ত্ৰণ জনাইছে। আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৩য় বাৰ্ষিক ব্লুমবাৰ্গ নতুন অৰ্থনীতি সন্মিলনত ভাষণ আগবঢ়াই, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়যদি আপোনালোকে নগৰীকৰণত বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে ভাৰতত আপোনালোকৰ বাবে অপাৰ সুযোগ আছে। যদি আপোনালোকে মবিলিটিত বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে ভাৰতত আপোনালোকৰ বাবে অপাৰ সুযোগ আছে। যদি আপোনালোকে উদ্ভাৱনত বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে ভাৰতত আপোনালোকৰ বাবে অপাৰ সুযোগ আছে। যদি আপোনালোকে বহনক্ষম চলুশ্যনত বিনিয়োগ কৰিব বিচাৰিছে, তেন্তে ভাৰতত আপোনালোকৰ বাবে অপাৰ সুযোগ আছে। এই সুযোগসমূহৰ সৈতে আছে-স্পন্দনশীল গণতন্ত্ৰ। এটা বাণিজ্য অনুকূল বাতাবৰণ। এখন বৃহ বজাৰ। আৰু আছে এনে এখন চৰকাৰ যিয়ে ভাৰতক পচ্ছন্দৰ বৈশ্বিক বিনিয়োগ ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টাৰ ক্ৰুটি কৰা নাই।

শ্ৰী মোদীয়ে কয় যে ক’ভিড-১৯ পৰৱৰ্তী বিশ্বৰ বাবে ৰিষ্টাৰ্টৰ আৱশ্যকীয়, অৱশ্যে ৰিছেট অবিহনে এই ৰিষ্টাৰ্ট সম্ভৱপৰ নহয়। মনস্তত্বৰ পুনঃস্থাপন। প্ৰক্ৰিয়াৰ পুনঃস্থাপন আৰু প্ৰথাৰ পুনঃস্থাপন। মহামাৰীটোৱে আমাক প্ৰতি ক্ষেত্ৰতে নতুন প্ৰট’কল যুগুতৰ সুযোগ প্ৰদান কৰিছে।যদি আমি ভৱিষ্য়তৰ অৰ্থে স্থিতিস্থাপক ব্যৱস্থা যুগুত কৰিব খুজো, তেতিয়া এই সুযোগ বিশ্বখনে গ্ৰহণ কৰা উচিত। আমি বিশ্বখনৰ ক’ভিড পৰৱৰ্তী প্ৰয়োজনীয়তাসমূহ সন্দৰ্ভত চিন্তা কৰাটো আৱশ্যকীয়। আমাৰ নগৰীয়া কেন্দ্ৰসমূহৰ পুনৰুজ্জীৱন হ’ব এটা ভাল আৰম্ভণি বিন্দু”, প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।

নগৰীয়া কেন্দ্ৰসমূহৰ নৱজীৱনৰ বিষয়বস্তু সন্দৰ্ভত ব্যক্ত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ উদ্ধাৰ প্ৰক্ৰিয়াটোত জনসাধাৰণৰ কেন্দ্ৰীয়তাত গুৰুত্ব আৰোপ কৰে। জনসাধাৰণক সৰ্ববৃহ সম্পদ আৰু সমাজক সৰ্ববৃহ বিল্ডিং ব্লক হিচাপে অভিহিত কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়মহামাৰীটোৱে আমাৰ সৰ্ববৃহ সম্পদক সমাজ আৰু ব্যৱসায় আৰু আমাৰ লোক হিচাপে পুনৰাই গুৰুত্ব-আৰোপ কৰিলে। ’ভিড-পৰৱৰ্তী বিশ্বখন এই প্ৰধান আৰু প্ৰাথমিক সমলৰ পোষণেৰে নিৰ্মাণ কৰা হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে মহামাৰী সময়ছোৱাৰ শিক্ষাক আগুৱাই নিয়াৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। লকডাউনৰ সময়ছোৱাত পৰিস্কাৰ বাতাবৰণ সন্দৰ্ভত বক্তব্য প্ৰদান কৰি তেখেতে আশ্চৰ্য্য প্ৰকাশ কৰে।আমাৰ এয়াই লক্ষ্য যে ভাৰতত নগৰীয়া কেন্দ্ৰসমূহ গঢ়ি তোলোতে মহানগৰৰ সা-সুবিধা থাকিব কিন্তু গাঁৱৰ উদ্দীপনাৰে এইসমূহ বিৰাজমান হ’ব,” শ্ৰী মোদীয়ে কয়।

তেওঁ ফৰামক ডিজিটেল ইণ্ডিয়া, ষ্টাৰ্টআপ ইণ্ডিয়া, সাশ্ৰয়ী হাউছিং, ৰিয়েল এষ্টেট (ৰেগুলেশ্যন) আইন আৰু ২৭ খন মহানগৰত মেট্ৰ’ ৰেলৰ দৰে ভাৰতীয় নগৰীয়া বাতাবৰণৰ নৱজীৱনৰ অৰ্থে শেহতীয়াভাৱে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ কথা অৱগত কৰে।আমি ২০২২ ৰ ভিতৰত দেশখনত ১০০০ কিঃমিঃ মেট্ৰ’ ৰেল ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়ি গৈছো,” প্ৰধানমন্ত্ৰীগৰাকীয়ে ফৰামক জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়আমি দুই-তৰপীয়া প্ৰক্ৰিয়াৰ জৰিয়তে ১০০ খন স্মাৰ্ট চিটি বাছনি কৰিছো। এয়া আছিল সহযোগিতা আৰু প্ৰতিযোগিতামূলক মৈত্ৰীতন্ত্ৰৰ দৰ্শনক প্ৰোসাহনৰ অৰ্থে ৰাষ্ট্ৰজোৰা প্ৰতিযোগিতা। এই মহানগৰসমূহে প্ৰায় দুই লাখ কোটি টকা বা ৩০ বিলিয়ন ডলাৰ মূল্যৰ প্ৰকল্প যুগুত কৰিছে। আৰু প্ৰায় এক লাখ চল্লিশ হাজাৰ কোটি টকা বা ২০ বিলিয়ন ডলাৰ মূল্যৰ প্ৰকল্প সম্পূৰ্ণ হৈছে বা সম্পূৰ্ণ হোৱাৰ পথত আছে।

******

DS/SH/SB



(Release ID: 1675476) Visitor Counter : 143