প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ চক্ৰান্ত ব্যৰ্থ কৰাৰ বাবে সুৰক্ষা বাহিনীক প্ৰধানমন্ত্ৰীৰ ধন্যবাদ জ্ঞাপন

Posted On: 20 NOV 2020 4:11PM by PIB Guwahati

জম্মু-কাশ্মীৰৰ তৃণমূল পৰ্যায়ৰ গণতান্ত্ৰিক সঞ্চালনক লক্ষ্য কৰি লোৱা জঈচ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ চক্ৰান্ত ব্যৰ্থ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সুৰক্ষা বাহিনীসমূহক ধন্যবাদ জ্ঞাপন কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে টুইটত উল্লেখ কৰে “পাকিস্তানৰ মদদপুষ্ট সন্ত্ৰাসবাদী সংগঠন জঈচ-ই-মহম্মদৰ ৪ সন্ত্ৰাসবাদীক প্ৰতিহত কৰা আৰু সিহঁতৰপৰা বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী জব্দ কৰা কাৰ্যই সিহঁতৰ ভয়ংকৰ আঘাত হনাৰ চক্ৰান্তকে সূচিত কৰিছে আৰু পুনৰ এবাৰ এই সংঘৰ্ষ প্ৰতিহত কৰা হৈছে।”

শ্ৰী মোদীয়ে পুনৰ কয়

“আমাৰ সুৰক্ষা বাহিনীসমূহে আকৌ এবাৰ পৰম সাহসিকতা আৰু পেছাদাৰিত্ব প্ৰদৰ্শন কৰিলে। তেওঁলোকৰ সতৰ্কতাৰ বাবে ধন্যবাদ, তেওঁলোকে জম্মু-কাশ্মীৰৰ তৃণমূল স্তৰৰ গণতান্ত্ৰিক সঞ্চালনক লক্ষ্য কৰি লোৱা এটা পৈশাচিক চক্ৰান্তক ব্যৰ্থ কৰিলে।”

***

DS/SKS/SB



(Release ID: 1674599) Visitor Counter : 171