মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়

বাতায়ন জীৱনজোৰা সাধনা বঁটাৰে সন্মানীত হ’ব কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়াল ‘নিশাংক’

Posted On: 19 NOV 2020 4:01PM by PIB Guwahati

কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী শ্ৰী ৰমেশ পোখৰিয়ালনিশাংক ২১ নৱেম্বৰ, ২০২০ত এক ভাৰ্চুৱেল অনুষ্ঠানত  বাতায়ন জীৱনজোৰা সাধনা বঁটাৰে সন্মানীত কৰা ব৷

লেখন, কবিতা আৰু অন্যান্য সাহিত্য কৰ্মৰ বাবে মন্ত্ৰীগৰাকীয়ে লাভ কৰা ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা তালিকাত এই সন্মানো তালিকাভুক্ত ল৷ শ্ৰী পোখৰিয়ালে ইয়াৰ পূৰ্বে তদানিন্তন প্ৰধানমন্ত্ৰী শ্ৰী অটল বিহাৰী বাজপেয়ীৰ পৰা সাহিত্য ভাৰতী বঁটা, প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ . পি. জে. আব্দুল কালামৰ পৰা সাহিত্য গৌৰৱ সন্মান, ডুবাই চৰকাৰৰ পৰা সুপ্ৰশাসনৰ বাবে ভাৰত গৌৰৱ সন্মান, মৰিচাচৰ ভাৰতীয় বংশোদ্ভৱসকলৰ বিশ্ব সংস্থাৰ দ্বাৰা উৎকৃষ্ট সফলতাৰ সন্মান, পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ইউক্ৰেইন চৰকাৰৰ দ্বাৰা সন্মানকে ধৰি সাহিত্য আৰু প্ৰশাসনিক দিশত বহুতো সন্মান অৰ্জন কৰিছে৷ শ্ৰী নিশাংকক নেপালৰ দ্বাৰাওহিমাল গৌৰৱ সন্মানেৰে সন্মানীত কৰা হৈছে৷

শ্ৰী নিশাংকৰ গল্প সংগ্ৰহ জাষ্ট এ ডিজায়াৰজাৰ্মান ভাষালৈ অনুবাদ কৰা হৈছে৷ তেওঁৰ স্পৰ্শ গংগাকাৰ্যসূচী মৰিচাচৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰা হৈছে৷ সেইদৰে ‘স্বৰ্ণ গংগা’ৰ দৰে বিশেষ অভিযান আৰু অন্যান্য সামাজিক কাম-কাজত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰি আহিছে৷ শ্ৰী পোখৰিয়ালে উত্তৰপ্ৰদেশ চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰী হোৱাৰ লগতে বিশ্বৰ বিভিন্ন স্থাপনত বহু সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰিছিল৷

শ্ৰী পোখৰিয়ালক সাহিত্যৰ ক্ষেত্ৰৰ বাবে উত্তৰাখণ্ডৰ ডীম বিশ্ববিদ্যালয়ে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰিছে৷

শ্ৰী পোখৰিয়ালে ৭৫খনতকৈ অধিক গ্ৰন্থ লিখিছে, যিবোৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ভাষালৈ অনূদিত হৈছে৷ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্বত মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰৱৰ্তন কৰিছে, যিটো বিশ্বজুৰি প্ৰশংসা লাভ কৰিছে৷

সাহিত্য, লেখক আৰু শিল্পীসকলক উল্লেখযোগ্য কৰ্মৰ বাবে লণ্ডনৰ বাতায়ান-ইউকে সংস্থাই বাতায়ান আন্তঃৰাষ্ট্ৰীয় সন্মান প্ৰদান কৰে৷ ইয়াৰ পূৰ্বে সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে প্ৰসূন যোশী, জাভেদ আখটাৰৰ দৰে বিশিষ্ট ব্যক্তিয়ে এই সন্মান লাভ কৰিছিল৷

২১ নৱেম্বৰৰ সন্ধিয়া ৮.৩০বজাত বাতায়ান-ইউকে সন্মান প্ৰদান কৰা হ’ব৷ এই অনুষ্ঠানত বিশিষ্ট লেখক তথা লণ্ডনস্থিত নেহৰু কেন্দ্ৰৰ সঞ্চালক ড০ আমিষ ত্ৰিপাঠীয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব৷ বাতায়ানৰ অধ্যক্ষ মীৰা কৌশিক, আগ্ৰাৰ কেন্দ্ৰীয় হিন্দী বোৰ্ড উপাধ্যক্ষ কবি অনিল শৰ্মা যোশী, আৰু বাণী প্ৰকাশনৰ কাৰ্যবাহী সঞ্চালক অদিতি মহেশ্বৰীয়েও অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷

****

MC/KP/AK/DB


(Release ID: 1674277) Visitor Counter : 145