বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ভাৰতৰ এআই ছুপাৰ কম্পিউটাৰ পৰম সিদ্ধি বিশ্বৰ সৰ্বাধিক শক্তিশালী ৫০০ নন-ডিষ্ট্ৰিবিউটেড কম্পিউটাৰ প্ৰণালীৰ মাজত ৬৩তম স্থানত

Posted On: 18 NOV 2020 3:10PM by PIB Guwahati

চি-ডেকৰ ৰাষ্ট্ৰীয় ছুপাৰ-কম্পিউটিং মিছন (এন এছ এম)ৰ অধীনত নিৰ্মিত উচ্চ কাৰ্য প্ৰদৰ্শনকাৰী আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (এইচপিচি-এআই) ছুপাৰ কম্পিউটাৰ পৰম সিদ্ধিয়ে বিশ্বৰ সৰ্বাধিক শক্তিশালী ৫০০ নন-ডিষ্ট্ৰিবিউটেড কম্পিউটাৰ প্ৰণালীৰ মাজত ৬৩তম স্থান লাভ কৰিছে। ৰেংকিঙৰ পৰিণাম ১৬ নৱেম্বৰ, ২০২০ত জাৰি কৰা হৈছে।

 

এআই প্ৰণালীয়ে এডভাঞ্চ মেটেৰিয়েল, কম্পিউটেচনেল কেমিষ্ট্ৰী তথা এষ্ট্ৰ'ফিজিক্সৰ দৰে ক্ষেত্ৰত এপ্লিকেশ্যন বিকাশ পেকেজক শক্তিশালী কৰিব। মিছনৰ অন্তৰ্গত প্লেটফৰ্মত ড্ৰাগ ডিজাইন, প্ৰতিৰোধ কৰিব পৰা স্বাস্থ্য সেৱা প্ৰণালীৰ বাবে একাধিক পেকেজ বিকশিত কৰা হৈছে। মুম্বাই, দিল্লী, চেন্নাই, পাটনা তথা গুৱাহাটীৰ দৰে বানৰ আশংকা থকা চহৰৰ বাবে বান পূৰ্বানুমান পেকেজ বিকশিত কৰি থকা হৈছে। ইয়াৰ জৰিয়তে কোভিড-১৯ৰ বিৰুদ্ধে যুঁজত অনুসন্ধান আৰু বিকাশক দ্ৰুত ছিমুলেশ্যন্স, মেডিকেল ইমেজিং, জিনম অনুক্ৰম তথা পূৰ্বানুমানৰ মাধ্যমেৰে ক্ষিপ্ৰতা আহিব। ই ভাৰতীয় জনতা আৰু ষ্টাৰ্ট আপ তথা বিশেষভাৱে এম এছ এম ইৰ বাবে বৰদান।

 

এই এপ্লিকেশ্যন বিকশিত কৰাসকলৰ বাবে বৰদান আৰু ইয়াৰ জৰিয়তে এনচিএমআৰডব্লিউএফ তথা আইআইটিএমৰ দ্বাৰা বতৰ পূৰ্বানুমান পেকেজৰ অনুসন্ধান তেল তথা গেছ নৰ্গমনৰ বাবে জিঅ'-এক্সপ্লৰেচন, এৰ'-ডিজাইন অধ্যয়ন, কম্পিউটেচনেল ভৌতিক তথা গণিত সম্পৰ্কীয় এপ্লিকেশ্যনৰ অনুসন্ধানত সহায়ক হ'ব আৰু শিক্ষাৰ বাবে অনলাইন পাঠ্যক্ৰমতো সহায় পোৱা যাব।

 

৫.২৬৭ পেটাফ্লপ্ছৰ আৰপিক তথা ৪.৬ পেটাফ্লপ্ছ আৰমেক্স (ছাষ্টেণ্ড)ৰ সৈতে এই ছুপাৰ কম্পিউটাৰৰ পৰিকল্পনা চি-ডেকৰ দ্বাৰা কৰা হয় আৰু ৰাষ্ট্ৰীয় ছুপাৰ-কম্পিউটিং মিছন এন এছ এমৰ অধীনত বিজ্ঞান আৰু প্ৰযুক্তি বিভাগ আৰু ইলেকট্ৰনিক্ছ তথা তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সহযোগত সংযুক্তভাৱে বিকশিত কৰা হৈছে।

 

বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয় যে ই ঐতিহাসিক। ভাৰতৰ ওচৰত বিশ্বৰ সবাতোকৈ ডাঙৰ ছুপাৰ কম্পিউটিং ব্যৱস্থাপনা আছে আৰু ই আজি পৰম সিদ্ধি-এআইৰ ৰেংকিঙৰ জৰিয়তে প্ৰতিপন্ন হ'ল।

 

অধ্যাপক শৰ্মাই কয়, ''মোৰ সঁচাকৈ ধাৰণা হয় যে পৰম সিদ্ধি-এআইয়ে আমাৰ ৰাষ্ট্ৰীয় শৈক্ষিক তথা গৱেষণা আৰু বিকাশ প্ৰতিষ্ঠানসমূহক শক্তিশালী কৰিব আৰু নেচনেল নলেজ নেটৱৰ্ক (এনকেএন)ৰ ওপৰত ৰাষ্ট্ৰীয় ছুপাৰ কম্পিউটাৰ গ্ৰীডৰ নেটৱৰ্কৰ ওপৰত দেশত ব্যাপ্ত হৈ থকা উদ্যোগ তথা ষ্টাৰ্ট আপক শক্তি প্ৰদান কৰিব।''

 

অধ্যাপক আশুতোষ শৰ্মাই কয় যে পৰম সিদ্ধি-এআইৰ সৈতে দেশত বৈজ্ঞানিক আৰু প্ৰযুক্তিকাৰী সমুদায়ে স্বাস্থ্য, কৃষি, শিক্ষা, শক্তি, চাইবাৰ সুৰক্ষা, অন্তৰীক্ষ, এআই এপ্লিকেশ্যন, বতৰ তথা জলবায়ু মডেলিং, চহৰীয়া নিয়োগৰ বহু বিষয়ৰ প্ৰত্যাহ্বানৰ সমাধানত আৰু অধিক সক্ষম আৰু শক্তিশালী হ'ব।

 

তেওঁ কয় যে ই বিজ্ঞান আৰু প্ৰযুক্তি নৱাচাৰৰ মাধ্যমত আত্মনিৰ্ভৰতাৰ আমাৰ যাত্ৰাত মহত্বপূৰ্ণ পদক্ষেপ।

 

পৰম সিদ্ধি ছুপাৰ কম্পিউটাৰ চি-ডেকৰ স্বদেশত বিকশিত এইচ পি চি-এআই ইঞ্জিন, ছফ্টৱেৰ ফ্ৰেমৱৰ্ক তথা ক্লাউড প্লেটফৰ্মৰ সৈতে এনভিআইডিআইএ ডিজিএক্স ছুপাৰ-পিঅ'ডি ৰেফাৰেন্স আৰ্কিটেকচাৰ নেটৱৰ্কিঙৰ ওপৰত নিৰ্মাণ হৈছে। ই ডীপ লাৰ্নিং, ভাৰ্চুৱেল কম্পিউটিং, ভাৰ্চুৱেল ৰিয়েলিটী, এক্সেলেৰেটেড কম্পিউটিং আৰু গ্ৰাফিক্স ভাৰ্চুৱেলাইজেচনত সহায়ক হিচাপে প্ৰতিপন্ন হ'ব।

 

*****

 

NB/KGS/(DST Media Cell)



(Release ID: 1673910) Visitor Counter : 245