স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়

একেৰাহে ৪৬ দিনৰ বাবে ভাৰতত দৈনিক আৰোগ্যৰ সংখ্যা দৈনিক ঘটনাতকৈ বেছি হৈ আছে

এঘাৰ দিন ধৰি দৈনিক নতুন ঘটনাৰ সংখ্যা ৫০ হাজাৰৰ নিম্ন

Posted On: 18 NOV 2020 12:43PM by PIB Guwahati

একেৰাহে ১.৫ মাহৰো অধিক সময় ধৰি ভাৰতৰ দৈনিক নতুন আৰোগ্যৰ সংখ্যা দৈনিক নতুন ঘটনাতকৈ অধিক হৈ আছে। তদুপৰি, দেশখনত এঘাৰ দিন ধৰি নতুন দৈনিক ঘটনাৰ সংখ্যা ৫০,০০০ ৰ নিম্ন হৈ আছে।

যোৱা ২৪ ঘন্টাত ৪৪,৭৩৯ ক’ভিড-১৯ ৰোগীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে নতুনকৈ চিনাক্ত ঘটনাৰ সংখ্যা হৈছে মাত্ৰ ৩৮,৬১৭ টা। ই সক্ৰিয় কেছল’ডৰ ৬,১২২ হ্ৰাসকে সূচিত কৰিছে। বৰ্তমান ইয়াৰ পৰিমাণ হৈছে ৪,৪৬,৮০৫ টা। আজিৰ তাৰিখত সক্ৰিয় কেছল’ডৰ হাৰ হৈছে মুঠ ক’ভিড-১৯ ঘটনাৰ মাত্ৰ ৫.০১%।

যোৱা কেইবা সপ্তাহ ধৰি গড় দৈনিক ঘটনা একেৰাহে হ্ৰাস হৈ আহিছে।

জনসাধাৰণৰ মাজত ক’ভিডৰ যথোচিত আচৰণ সন্দৰ্ভত সফলতাৰে সজাগতা সৃষ্টিৰ পৰিপ্ৰেক্ষিতত এই প্ৰৱণতা দেখা পোৱাৰ বিপৰীতে ইউৰোপ আৰু আমেৰিকাৰ বহু ৰাষ্ট্ৰত ক’ভিড-১৯ পজিটিভ সংখ্যা বৃদ্ধি পাব ধৰিছে।

আজি আৰোগ্য লাভৰ হাৰ হয় ৯৩.৫২% লৈ বৃদ্ধি হয়। মুঠ আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৮৩,৩৫,১০৯ টা।

নতুনকৈ আৰোগ্য লাভৰ ঘটনাৰ ৭৪.৯৮% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

কেৰালাত সৰ্বাধিক ৬,৬২০ লোকে ক’ভিডৰপৰা আৰোগ্য লাভ কৰিছে। মহাৰাষ্ট্ৰত দৈনিক আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা ৫,১২৩ ৰ সমান্তৰালভাৱে দিল্লীত নতুন আৰোগ্য লাভৰ ঘটনাৰ সংখ্যা হৈছে ৪,৪২১ টা।

নতুন ঘটনাৰ ৭৬.১৫% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

যোৱা ২৪ ঘন্টাত দিল্লীত নতুন ঘটনাৰ সংখ্যা হৈছে ৬,৩৯৬ টা। কালি কেৰালাত নতুন ঘটনাৰ সংখ্যা ৫,৭৯২ টাৰ সমান্তৰালভাৱে একে সময়তে পশ্চিম বংগত নতুন ঘটনাৰ সংখ্যা হৈছে ৩,৬৫৪ টা।

যোৱা ২৪ ঘন্টাত সংঘটিত ৪৭৪ টা মৃত্যুৰ ঘটনাৰ ৭৮.৯% হৈছে দহ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ।

শেহতীয়া মৃত্যুৰ ঘটনাৰ ২০.৮৯% দিল্লীত সংঘটিত হৈছে। ইয়াত মৃত্যুৰ সংখ্যা ৯৯। একে সময়তে মহাৰাষ্ট্ৰ আৰু পশ্চিম বংগত সংঘটিত মৃত্যুৰ ঘটনা হৈছে ক্ৰমে ৬৮ আৰু ৫২।

****

MV/SB
 



(Release ID: 1673908) Visitor Counter : 149