সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়

ছাত্ৰ বৃত্তি যোজনাৰ জৰিয়তে পৰিশোধ সন্দৰ্ভত সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

Posted On: 17 NOV 2020 5:47PM by PIB Guwahati

কিছুমান সংবাদ লেখাত উল্লেখ কৰা হৈছে যে কোভিড-১৯ মহামাৰীৰ বাবে ছাত্ৰ বৃত্তি যোজনাৰ জৰিয়তে পৰিশোধত অধিক বিলম্ব হৈ আছে আৰু এই কাৰণেই ছাত্ৰ-ছাত্ৰীয়ে বহুতো সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এই খবৰৰ ওপৰত তথ্য সম্পৰ্কীয় স্থিতি স্পষ্ট কৰিবলৈ, এই কথা অৱগত কৰা হৈছে যে সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগে অনুসূচিত জাতি/অন্য পিছপৰা শ্ৰেণী, অধিসূচিত জনজাতি, অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ দৰে লক্ষিত সমুদায়ৰ বাবে ৰাজ্য চৰকাৰ/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ প্ৰশাসন/বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ সহযোগত বিভিন্ন ছাত্ৰ বৃত্তি যোজনা প্ৰত্যক্ষভাৱে বলৱ কৰে।

 

বিভাগে কাৰ্য ৰূপায়ণ এজেঞ্চিৰ সৈতে ছাত্ৰ বৃত্তি যোজনাৰ জৰিয়তে পৰিশোধৰ দিক-নিৰ্দেশনা কঠোৰতাৰে পালন কৰিছে যাতে লাভাৰ্থীসকলক বিশেষকৈ কোভিড-১৯ৰ এই সংকটৰ সময়ত কোনোধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয়। বিভাগে অনুসূচিত জাতিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মেট্ৰিকৰ পিছৰ ছাত্ৰ বৃত্তিৰ প্ৰধান যোজনাৰ জৰিয়তে, জুন, ২০২০ পৰ্যন্ত সকলো সংশ্লিষ্ট ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশক পূৰ্বানুমানিত দাবীৰ আধাৰত ৭৫%ৰ কেন্দ্ৰীয় অংশ পূৰ্বেই জাৰি কৰিছে। বেলেগ বেলেগ বিষয়ৰ আধাৰত কেন্দ্ৰীয় অংশৰ ২৫%ৰ অন্তিম ধনৰাশিও জাৰি কৰাৰ মঞ্জুৰী দিয়া হৈছে।

 

সকলো কাৰ্য ৰূপায়ণ এজেঞ্চিক ছাত্ৰ বৃত্তি আবেদনৰ নিষ্পত্তি কৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰিবলৈ কোৱা হৈছে যাতে ছাত্ৰ-ছাত্ৰীয়ে কোনোধৰণৰ জটিলতাৰ সন্মুখীন হ'বলগীয়া নহয়। বিভাগৰ আন সকলো যোজনাত, কাৰ্য ৰূপায়ণ এজেঞ্চিক নিয়মীয়া ৰূপত ধনৰাশি জাৰি কৰা হৈছে। সংশ্লিষ্ট বিষয়াসকলৰ সৈতে এই প্ৰক্ৰিয়া দৈনিক পৰ্যবেক্ষণো কৰি থকা হৈছে।

 

অনুসূচিত জাতিৰ বাবে ৰাষ্ট্ৰীয় ফেল'শ্বিপৰ যোজনাৰ জৰিয়তে অনুসূচিত জাতিৰ লাভাৰ্থীসকলক ফেল'শ্বিপ বিতৰণৰ তত্বাৱধান বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি) আৰু অন্য হিতধাৰকৰ ক্ষেত্ৰত মাহিলি ভিত্তিত কৰা হয়। সামাজিক ন্যায় বিভাগৰ দ্বাৰা কাৰ্য ৰূপায়ণ এজেঞ্চিক যোজনাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক ফেল'শ্বিপৰ সময়ত বিতৰণ সুনিশ্চিত কৰিবৰ বাবে নিৰ্দেশ দিয়া হৈছে।

 

*****

 

NB/SK/jk-MoSJ&E



(Release ID: 1673633) Visitor Counter : 151