স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়
শেহতীয়া ৮ দিনত ভাৰতত দিনৌ ৫০হাজৰতকৈ কম লোক আক্ৰান্ত হৈছে
সক্ৰিয় ৰোগীৰ সংস্পৰ্শত সংক্ৰমণ অব্যাহত
পোষ্ট কৰা হৈছে:
15 NOV 2020 12:30PM by PIB Guwahati
ভাৰতত দিনৌ ৫০ হাজৰতকৈ কম লোক আক্ৰান্ত হৈছে আৰু এই স্থিতি শেহতীয়া ৮ দিন ধৰি অব্যাহত থকাৰ তথ্য লাভ কৰা হৈছে। যোৱা ২৪ ঘণ্টাত দেশত মাত্ৰ ৪১,১০০গৰাকী লোকহে ক’ভিড-১৯ৰ দ্বাৰা আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। শেহতীয়া ভাবে দিনটোৰ ভিতৰত আক্ৰান্তৰ সংখ্যাই ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিছিল যোৱা ৭ নৱেম্বৰ তাৰিখে। ইউৰোপ, আমেৰিকাৰ বিভিন্ন দেশত ক’ভিড-১৯ৰ সংক্ৰমণে পুনৰাই ভয়াবহ ৰূপ ধাৰণ কৰাৰ ইংগিত দিয়াৰ মুহূৰ্তত ভাৰতত ক’ভিডৰ বিৰুদ্ধে চলোৱা ব্যপক সচেতনতা অভিযান আৰু নমুনা পৰীক্ষাৰ তত্কালীন ব্যৱস্থাৰ সুবাদত দিনটোৰ ভিতৰত আক্ৰান্তৰ সংখ্যা ৫০ হাজাৰৰ তললৈ নমা পৰিলক্ষিত হৈছে।

আজিৰ তাৰিখত সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ৪,৭৯,২১৬ গৰাকী। মুঠ আক্ৰান্তৰ মাত্ৰ ৫.৪৪% লোকৰ দেহতহে ৰোগবিধে সক্ৰিয়তা প্ৰদৰ্শন কৰিছে।
১৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি নিযুত জনসংখ্যাৰ বিপৰীতে আক্ৰান্তৰ হাৰ ৰাষ্ট্ৰীয় হাৰ ৬,৩৮৭তকৈ কম বুলি নিশ্চিত কৰা হৈছে।

২৪ ঘণ্টাৰ প্ৰতিটো আবৰ্তত নতুনকৈ আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যাতকৈ আৰোগ্য লাভ কৰা ব্যক্তিৰ সংখ্যা অধিক হোৱা পৰিলক্ষিত হৈ আহিছে। আজিৰ তাৰিখত দেশত আৰোগ্য লাভ কৰা ব্যক্তিৰ মুঠ সংখ্যা ৮২,০৫,৭২৮ গৰাকী হৈছেগৈ। আৰোগ্য লাভ কৰা লোকৰ সংখ্যা আৰু সক্ৰিয়ভাবে আক্ৰান্ত লোকৰ সংখ্যাৰ মাজৰ ব্যৱধান হৈছেগৈ ৭৭,২৬,৫১২ গৰাকী। দিনৌ উচ্চ হাৰত আৰোগ্য লাভ কৰাৰ পৰিপ্ৰেক্ষিতত শেহতীয়া ভাবে আৰোগ্য লাভৰ শতাংশ হাৰ ৯৩.০৯% হৈছেগৈ।
নতুনকৈ আৰোগ্য লাভ কৰোতাৰ ৭৯.০৯%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, সৰ্বাধিক ৭,১১৭গৰাকী আৰোগ্যৰে শীৰ্ষ স্থান দখল কৰিছে দিল্লীয়ে। এই তালিকাত ৬,৭৯৩ আৰু ৪,৪৭৯ গৰাকী লোকেৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে।

নতুনকৈ আক্ৰান্তৰ ৮২.৮৭%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
যোৱা ২৪ ঘণ্টাত দিল্লীয়ে সৰ্বাধিক সংখ্যক আক্ৰান্তৰে শীৰ্ষ স্থান দখল কৰাৰ বিপৰীতে ৬,৩৫৭ আৰু ৪,২৩৭ গৰাকী আক্ৰান্তৰে ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে কেৰালা আৰু মহাৰাষ্ট্ৰ।

ইফালে, শেহতীয়া ২৪ ঘণ্টাত দেশত মৃত্যু হোৱা মুঠ লোকৰ ভিতৰৰ ৪৪৭ গৰাকী লোক তথা ৮৫.০১%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ।
ইয়াৰে, ২৩.৫% মৃতকৰ তথ্য লাভ কৰা হৈছে মহাৰাষ্ট্ৰ পৰা। মহাৰাষ্ট্ৰত এদিনত সৰ্বাধিক ১০৫ গৰাকী লোকে মৃত্যু বৰণ কৰাৰ বিপৰীতে দিল্লী আৰু পশ্চিম বংগত মৃত্যু হৈছে ক্ৰমে ৯৬ আৰু ৫৩ গৰাকী লোকৰ।

প্ৰতি নিযুত লোকৰ বিপৰীতে মৃত্যুৰ ৰাষ্ট্ৰীয় হাৰ ৯৪তকৈ কম হাৰ নিশ্চিত কৰা হৈছে দেশৰ ২১খন ৰাজ্য আৰু কেন্দ্ৰী শাসিত অঞ্চলৰ।

****
MV/KB
(ৰিলিজ আই ডি : 1673102)
অতিথি কক্ষ : 196
ত এই ৰিলিজটো পঢ়ক:
Telugu
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada