প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জৈছালমেৰত বায়ুসেনা বাহিনীক উদ্দেশ্যি আগবঢ়োৱা প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Posted On:
14 NOV 2020 7:30PM by PIB Guwahati
বন্ধুসকল,
জৈছালমেৰ সেনা ছাউনীলৈ মই কেইবাবাৰো অহাৰ সুযোগা পাইছো যদিও এনে এলানি ব্যস্ত কাৰ্যসূচী থাকে যে কেতিয়াও ৰ’বলৈ বা কাৰোবাৰ সৈতে এষাৰি কথা পাতিবলৈ সুবিধা নাথাকে, কিন্তু আজি মোৰে সৌভাগ্য যে এইবাৰ মই কেৱল আপোনালোকৰ মাজত আৰু দীপাৱলীৰ উৎসৱ পালনৰ সুযোগ পাইছো৷ আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালবৰ্গক দীপাৱলীৰ বহুত বহুত শুভকামনা জনাইছো৷
বন্ধুসকল,
দীপাৱলীৰ দিনা দুৱাৰমুখত শুভলাভ বা ৰিদ্ধি-সিদ্ধিৰ দৰে ৰংগোলীৰ পৰম্পৰা থাকে৷ ইয়াৰ জৰিয়তে ভৱা হয় যে দীপাৱলীৰ জৰিয়তে আমাৰ সমৃদ্ধি আহে৷ এতিয়া যিদৰে ঘৰত দুৱাৰ থাকে, সেইদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ সীমান্তই দুৱাৰমুখৰ দৰে৷ সেয়েহে ৰাষ্ট্ৰৰ সমৃদ্ধি, ৰাষ্ট্ৰৰ শুভলাভ, ৰাষ্ট্ৰৰ ৰিদ্ধি-সিদ্ধি আপোনালোকৰ পৰাক্ৰম জৰিয়তেই আহে৷ সেইবাবে আজি দেশৰ প্ৰতিটো ঘৰত আপোনালোকৰ গৌৰৱক উদযাপন কৰি আপোনালোকৰ বাবে বন্তি প্ৰজ্বলন কৰি নিজৰ মনোভাৱ প্ৰকট কৰিছে৷ দীপাৱলীৰ এই বন্তিয়ে আপোনালোকৰ পৰাক্ৰমৰ পোহৰেৰে জকমকাই আছে৷ দীপাৱলীৰ এই বন্তিয়ে আপোনালোকৰ সন্মান হিন্দুস্থানৰ চুকে কোণে, প্ৰতিটো পৰিয়ালত প্ৰজ্বলিত হৈছে৷ মই এই ভাৱনা লৈয়ে আপোনালোকৰ মাজত আছো৷ আপোনালোকক, আপোনালোকৰ দেশভক্তিক, আপোনালোকৰ নিয়মানুৱৰ্তিতাক, দেশৰ বাবে জীৱন-মৰণৰ আৱেগক মই আজি প্ৰণিপাত জনাইছো৷
বন্ধুসকল,
আজি যদি ভাৰতৰ গোলকীয় প্ৰভাৱ প্ৰত্যক্ষ কৰে যেতিয়া আৰ্থিক, সাংস্কৃতিক আৰু সৈনিক, সকলো পৰ্যায়তে শক্তিশালী হৈ আছে৷ বৰ্তমান বিশ্বজুৰি ভাৰতীয় মুলৰ লোকে দপদপাই আছে৷ ভাৰতৰ যুৱ প্ৰতিভাকো বিশ্বত সন্মান প্ৰতিদিনে বৃদ্ধি কৰি আহিছে আৰু যদি দেশৰ কথা কও ইয়াত সীমাৰ এই অঞ্চলত এই তিনিওটাই পৰিলক্ষিত হয়৷ বিগত কেইটামান বছৰত যি গতি আৰু মাত্ৰাত আপোনালোকক শক্তিশালী কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছে, সেইবোৰে আমাৰ আৰ্থিক শক্তিকে প্ৰদৰ্শিত কৰে৷ আপোনালোক সকলো বেলেগ বেলেগ ৰাজ্যৰ পৰম্পৰা, ইয়াৰ বৈচিত্ৰৰ সৈতে সংপৃক্ত৷ বিশ্বৰ আটাইতকৈ বিশাল সৈন্য শক্তিৰ অন্যতম হিচাপে গঢ় দিছে৷ আমাৰ সেনাৰ শক্তি এনে যে কোনোবাই আমালৈ বেয়া চকুৰে চালে, তেতিয়া তেওঁলোকক সেই ভাষাতে উত্তৰ দিয়াৰ মনোবৃত্তি আপোনালোক সকলোৰে আছে৷ আজি ভাৰতৰ সেনাই বিশ্বৰ ডাঙৰ ডাঙৰ দেশৰ সৈতে একেলগে অনুশীলন কৰি আহিছে৷ সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমি একেলগে সামৰিক কৌশল অব্যাহত ৰাখিছো৷ ভাৰতৰ সেনাই আজি দেখুৱাই দিলে যে তেওঁলোকে সন্ত্ৰাসবাদীৰ ঠিকনাত যিকোনো সময়তে য’তে-ত’তে অভিযান চলাব পাৰে৷ এয়াও ভাৰতীয় সেনাৰে শক্তি, বিশ্বৰ যিকোনো স্থানত শান্তিৰক্ষা অভিযানত নেতৃত্ব দি আহিছে৷ ভাৰতীয় সেনাই য’তে শত্ৰু দমন কৰিবলৈ সক্ষম, তাতে যিমান বাধা-বিঘিনিতো এগছি বন্তিৰ দৰে নিকে প্ৰজ্বলিত কৰি আনৰ জীৱনক পোহৰাই তোলে৷
বন্ধুসকল,
ক’ৰোনাৰ ফলত প্ৰভাৱিত দেশৰ নাগৰিকসকলক বিদেশৰ পৰা সুৰক্ষিতভাৱে ঘূৰাই অনাৰ ক্ষেত্ৰত বায়ু সেনা আৰু আমাৰ নৌসেনাৰ ভূমিকা অতি প্ৰশংসনীয়৷ ক’ৰোনা সংক্ৰমণৰ সময়ত যেতিয়া য়ুহান যাবলৈ প্ৰত্যাহ্বানে দেখা দিছিল আৰু সেই ভয়াবহতাৰ মাজতে যুহানৰ যিবোৰ স্থানত আমাৰ ভাৰতীয় লোক আৱদ্ধ হৈ আছিল, তেওঁলোকক উদ্ধাৰৰ ক্ষেত্ৰত বায়ু সেনাৰ লোকসকল প্ৰথমে আগুৱাই আহিছিল৷ এনে একাংশ দেশ আছিল, যিসমূহে নিজ দেশৰ নাগৰিকসকলক তেওঁলোকৰ ভাগ্যৰ ওপৰতে এৰি দিছিল, কিন্তু ভাৰতে কেৱল নিজৰ প্ৰতিগৰাকী নাগৰিককেই নহয়, তাৰ পৰা ওলোৱা অন্য দেশৰ লোককো আমাৰ বায়ু সেনাৰ জোৱানসকলে সহায় কৰিছিল৷ অপাৰেশ্যন সমূদ্ৰসেতুৰ জৰিয়তেও বিদেশী লোক আমাৰ নৌসেনাৰ জোৱানসকলৰ বাবে সুৰক্ষিত অৱস্থাত ভাৰতলৈ ঘূৰি আহিল৷ দেশৰে নহয় বৰঞ্চ, মালদ্বীপ, মৰিচাচ, আফগানিস্তানৰ পৰা আৰম্ভ কৰি কুৱেট, কাংগো আৰু দক্ষিণ ছুডানসহ বহু মিত্ৰ দেশক সহায় কৰাৰ ক্ষেত্ৰত বায়ুসেনা আটাইতকৈ প্ৰথমে আগবাঢ়ি আহিছিল৷ বায়ুসেনাৰ সহযোগত সংকটৰ সময় শ শ টন সাহায্য সামগ্ৰী প্ৰয়োজনীয় স্থানত সময়মতে যোগান ধৰিবলৈ সক্ষম হৈছিল৷
বন্ধুসকল,
ক’ৰোনাৰ সময়ত আপোনালোক সকলোৰে এই প্ৰচেষ্টাৱলীৰ যথেষ্ট চৰ্চা হোৱা নাছিল আৰু সেইবাবে আজি বিশেষভাৱে দেশৰ দৃষ্টি এইফালে আকৰ্ষিত কৰি আছো৷ ডিআৰডিঅ’ই হওক বা আমাৰ তিনিওটা সেনাই হওক বা বিএছএফসহ আমাৰ বিশাল অৰ্ধ-সামৰিক বাহিনীয়ে ক’ভিডৰ সৈতে ডড়িত সঁজুলিৰ পৰা কোৱাৰেণ্টিন আৰু চিকিৎসালৈকে যিদৰে যুদ্ধগতিৰে কাম কৰিলে, সেয়া অভূতপূৰ্ব৷ যেতিয়া দেশৰ আৰম্ভণিতে ছেনিটাইজাৰ আৰু মাস্কৰ পৰা আদি কৰি পিপিই কিটলৈকে প্ৰত্যাহ্বান আচিল, তেতিয়া এই প্ৰয়োজনীয়তা পুৰণ কৰাৰ দায়িত্ব আপোনালোকে পালন কৰিছিল৷ সুৰক্ষা সঁজুলিয়েই হওক বা ভেণ্টিলেৰ্ছেই হওক বা মেডিকেল অক্সিজেনৰ সৈতে জড়িত সুবিধাই হওক বা হাস্পতালেই হওক, প্ৰতিটো ক্ষেত্ৰত আপোনালোক সকলোৱে নিজৰ নিজৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ ইমানেই নহয়, যেতিয়া দেশৰ বিভিন্ন প্ৰান্তত বিধ্বংসী ঘূৰ্ণীবতাহ আহিছিল, তেতিয়া আপোনালোকে জটিল অৱস্থাৰ সন্মুখীন হোৱা নাগৰিকসকলক সহায় কৰিছিল, তেওঁলোকক সাহায্য প্ৰদান কৰিছিল৷ আপোনালোকৰ ত্যাগ আৰু তপস্যাৰ ফলত উজ্বলি উঠা আপোনালোকৰ জীৱন সেইবোৰৰ পৰা প্ৰেৰণা লৈ আজি প্ৰতিগৰাকী ভাৰতীয়ই দ্বীপাৱলীৰ বন্তিৰে আলোকিত কৰাৰ লগতে দীপাৱলীৰ বন্তিৰ পোহৰেৰে আপোনালোকৰ গুণানুকীৰ্তন কৰি আছে৷
বন্ধুসকল,
আপোনালোক সকলোৱে মিলি এইটো নিশ্চিত কৰিছে যে ক’ৰোনাৰ সংক্ৰমণে আমাৰ কাৰ্যক্ষম গোটক কোনো পৰিস্থিতিতে প্ৰভাৱিত কৰিব নোৱাৰে৷ স্থল সেনাই হওক বা, নৌ সেনাই হওক অথবা বায়ুসেনাই হওক কোনেও নিজৰ প্ৰস্তুতি ক’ৰোনাৰ বাবে ৰ’বলৈ নিদিলে বা থমকিবলৈ নিদিলে৷ ক’ৰোনাৰ সময়তে এই জৈলছালমেৰতো আমাৰ সমূদ্ৰতো সেনা অনুশীলন ধাৰাবাহিকভাৱে চলি আছিল৷ এনে সময়ত যেতিয়া বিশ্বৰ বহু দেশ প্ৰায় থমকি ৰৈছিল, সেই সময়তো এই অনুশীলন দ্ৰুতগতিত আগবাঢ়ি যোৱাটো ইমান সহজ নহয়, কিন্তু আপোনালোকে সেয়া কৰি দেখুৱালে৷ ক’ৰোনা কালতে আধূনিক অস্ত্ৰ-শস্ত্ৰ আৰু সা-সৰঞ্জামৰ আদান প্ৰদান ক্ষিপ্ৰতাৰে হৈছিল৷ এই সময়ছোৱাতে ৮খন আধূনিক ৰাফেল বিমান দেশৰ সুৰক্ষা কৱচৰ অংশ হৈ পৰিছিল৷ এই ক’ৰোনা কালতে তেজছৰ স্কোৱাৰ্ডনৰ কাৰ্যক্ষণ কৰা হৈছিল৷ আপাচে আৰু চিনুক হেলিকপ্টাৰক সম্পূৰ্ণ শক্তিও সময়ছোৱাতে আমি পাবলৈ সক্ষম হৈছো৷ ভাৰততে নিৰ্মাণ কৰা ২খন আধূনিক ছাবমেৰিনো ক’ৰোনা কালতে নৌ সেনাই লাভ কৰিছে৷
বন্ধুসকল,
ক’ৰোনাৰ কালত ভেকচিন প্ৰস্তুত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা বৈজ্ঞানিকৰ লগতে মিছাইল প্ৰস্তুত কৰা আমাৰ বৈজ্ঞানিক সকলেও দেশৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ এই সময়ছোৱাত নিয়মীয়াকৈ এনে খবৰ আহে যে আজি এই মিছাইলৰ পৰীক্ষণ হৈছে৷ আজি সেইটো মিছাইলৰ আধুনিক প্ৰযুক্তিৰ বিকাশ সাধন কৰা হৈছে৷ আপোনালোকে কল্পনা কৰিব পাৰে যে বিগত কেইটামান মাহতে দেশৰ সামৰিক শক্তি কিমান বৃদ্ধি পালে৷ বিগত দুমাহতে দেশত বহু মিছাইলৰ সফল পৰীক্ষণ সম্পন্ন হৈছে৷ এক ছেকেণ্ডতে দুই কিলোমিটাৰ দুৰত্ব অতিক্ৰম কৰিব পৰা হাইপাৰছ’নিক ডেম’নষ্ট্ৰেটৰ ভেহিকলৰ সফল পৰীক্ষণে ভাৰতক বিশ্বৰ তিনি চাৰিখন শীৰ্ষ দেশৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে৷ জল, স্থল, মহাকাশ আদি সকলো স্থানৰ পৰা নিক্ষেপ কৰিব পৰা দীৰ্ঘ আৰু হস্ৰ দুৰত্বৰ বহু মিছাইল বিগত দিনসমূহত ভাৰতৰ মহাকাশত সুৰক্ষাৰ অভেদ্য প্ৰাচীৰ নিৰ্মাণ কৰিছে৷ এই ক’ৰোনা কালতে আমাৰ বৈজ্ঞানিকসকলে ভাৰতক ফায়াৰ পাৱাৰৰ ক্ষেত্ৰত বিশ্বৰ শ্ৰেষ্ঠ শক্তিধৰ দেশৰ তালিকাত সন্নিৱিষ্ট কৰিলে৷
বন্ধুসকল,
আধুনিক যুদ্ধ সা-সৰঞ্জামৰ লগতে দেশৰ সীমাৱৰ্তী এলেকাত আধুনিক যোগাযোগ ব্যৱস্থাৰ বৃহৎ আন্তঃগাঁথনিমূলক প্ৰকল্পও এই সময়ছোৱাতে সম্পূৰ্ণ কৰা হৈছে৷ বৰ্তমান অটল সুৰংগই লাডাখৰ যোগাযোগ ব্যৱস্থাৰ ডাঙৰ মাধ্যমত পৰিণত হৈছে৷ আমাৰ উত্তৰ আৰু পশ্চিম সীমাত কেইবা ডৰ্জন দলং আৰু দীৰ্ঘ দুৰত্বৰ পথও এই সময়ছোৱাতো সম্পূৰ্ণঁ কৰা হৈছে৷ যিসময়ত সমগ্ৰ বিশ্বত আলোড়ন সৃষ্টি কৰিছিল, প্ৰত্যেকে নিজৰ জীৱনক লৈ চিন্তিত হৈছিল, সেই সময়ত দেশৰ সুৰক্ষা নিয়মীয়াকৈ পালন কৰিছিল৷ আপোনালোকে ক’ত থাকি কাম কৰি দেশবাসীৰ অন্তৰ জয় কৰিছে৷
বন্ধুসকল,
আপোনালোক সকলোৰে এই প্ৰতিশ্ৰুতিয়ে দেশৰ সুৰক্ষাৰ ব্যৱস্থাক শক্তিশালী কৰিছে৷ বৰ্তমান দেশত এফালে য’ত আধুনিক প্ৰযুক্তি, আধুনিক সা-সৰঞ্জামৰ প্ৰতি গুৰুত্ব দিয়া হৈছে, সেইদৰে প্ৰতিৰক্ষা সংস্কাৰতো সমান গুৰুত্বৰে কাম কৰি থকা হৈছে৷ প্ৰতিৰক্ষা ক্ষেত্ৰত আন্তনিৰ্ভৰতাৰ লক্ষ্যৰ অন্তৰালত এই যে আধুনিৰ অস্ত্ৰ-শস্ত্ৰ আৰু প্ৰযুক্তিৰ বাবে বিদেশৰ ওপৰত নিৰ্ভৰতা হ্ৰাস পাওক৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আমাৰ তিনিও সেনাই মিলি এক প্ৰশংসনীয় সিদ্ধান্ত গ্ৰহণ কৰিছে৷ তেওঁলোকে এইটো সিদ্ধান্ত লৈছে যে এতিয়া সুৰক্ষাৰ সৈতে জড়িত ১০০তকৈ অধিক সা-সৰঞ্জাম বিদেশৰ পৰা আমদানি কৰাৰ পৰিৱৰ্তে দেশতে উৎপাদন কৰা হ’ব৷ ইয়াৰ জৰিয়তে এতিয়ালৈকে যিবোৰ সামগ্ৰী আমদান কৰা হৈছে, সেইবোৰ দেশতে নিৰ্মাণ কৰা হ’ব৷ আমাৰ সেনাৰ এই ইচ্ছা শক্তিয়ে অন্য লোকসকলকো ভোকেল ফল লোকেলৰ দিশত প্ৰেৰণা যোগাব৷
বন্ধুসকল,
ভাৰতত অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণ কৰা অধিকাংশ কোম্পানী অহাৰ বাবে প্ৰতিৰক্ষা ক্ষেত্ৰত এফডিআইৰ সীমা ৭৪শতাংলৈকে বৃদ্ধি কৰা হৈছে৷ ভাৰতলৈ যিবোৰ কোম্পানী আহিব বিচাৰে, তেওঁলোকে এই সুন্দৰ সুযোগ পাবৰ বাবে উত্তৰপ্ৰদেশ আৰু তামিননাডুত দুটা বৃহৎ প্ৰতিৰক্ষা কৰিড’ৰৰ কাম ক্ষিপ্ৰতাৰে কৰি থকা হৈছে৷
বন্ধুসকল,
সেনাৰ আধুনিকীকৰণ আৰু সেনা সা-সৰঞ্জামৰ আত্মনিৰ্ভৰতাৰ ক্ষেত্ৰত দেশত আটাইতকৈ প্ৰাচীন প্ৰক্ৰিয়া চলি আছে৷ এই প্ৰক্ৰিয়াৰ সৰলীকৰণৰ বাবে ধাৰাবাহিকভাৱে কাম কৰি থকা হৈছে৷ ইয়াৰ বাবে কেতবোৰ বৃহৎ সংস্কাৰ সাধন কৰা হৈছে৷ সেই অনুসৰি প্ৰথম পৰীক্ষণ প্ৰক্ৰিয়া বহুত জটিল আছিল৷ ইয়াত বহু সময় লাগিছিল৷ ইয়াৰ দ্বাৰা প্ৰতিৰক্ষা ক্ষেত্ৰত উপাদানৰ সংযোজন কৰোতে বহু পলম কৰিছিল৷ এতিয়া ইয়াক একেবাৰে সৰল কৰা হৈছে৷ আমাৰ তিনিওটা সেনাৰ মাজত সমন্বয় বৃদ্ধি পালে আৰু ক্ষিপ্ৰতাৰে সিদ্ধান্তৰ ফলতে ইয়াৰ বাবে চীফ অৱ ডিফেন্স ষ্টাফ ব্যৱস্থাৰ আমি দেখিবলৈ পাইছো৷ ইমান কম সময়তে দেশত এই নতুন ব্যৱস্থাৰ গুৰুত্ব অনুভৱ কৰিব পাৰিছে৷ সেইবাবে মই তিনিওটা সেনা বিভাগ অভিনন্দন জনাইছো৷
বন্ধুসকল,
সীমান্ত অঞ্চলত কি কি প্ৰত্যাহ্বান থাকে আৰু কিমান সমস্যা আছে, সেই বিষয়ে আপোনালোকতকৈ ভালকৈ আৰু কোনে জানিব৷ এই সমস্যাৱলীৰ সমাধানৰ বাবে সীমান্ত এলেকা উন্নয়নৰ লগতে সীমান্ত এলেকাৰ নৱপ্ৰজন্মক বিশেষ প্ৰশিক্ষণো সিমানেই প্ৰয়োজন৷ ১৫ আগষ্টত লালকিল্লীৰ পৰা মই কৈছিলো যে দেশৰ শতাধিক সীমান্তৱৰ্তী জিলাত এনচিচিৰ সৈতে যুৱক-যুৱতীসকলক জড়িত কৰাৰ বাবে বিশেষ অভিযান হাতত লোৱা হ’ব৷ সীমান্তৱৰ্তী আৰু সমুদ্ৰৰ সমীপৰ এই ক্ষেত্ৰত প্ৰায় ১ লাখ যুৱক-যুৱতীক সাজু কৰা হৈছে৷ ইয়াত ভাল কথা এই যে এই যুৱক-যুৱতীসকলক স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাই প্ৰশিক্ষণ প্ৰদান কৰিব৷ অৰ্থাৎ য’ত সেনাৰ চাউনী আছে, তাতে সেনাই প্ৰশিক্ষণ প্ৰদান কৰিব৷
বন্ধুসকল,
ইয়াৰে অধিকাংশ ছোৱালীক প্ৰশিক্ষণ দিয়াৰ লক্ষ্য লোৱা হৈছেষ এয়া সেই প্ৰচেষ্টাৰে অংশ, য’ত দেশৰ আত্মনিৰ্ভৰতা আৰু আত্মবিশ্বাস বৃদ্ধিৰ বাবে কন্যাসকলৰ ভূমিকাক প্ৰসাৰ কৰা হৈছে৷ আজি যিদৰে অন্যান্য ক্ষেত্ৰত মহিলাক আগুৱাই নিয়াৰ ক্ষেত্ৰত উৎসাহিত কৰা হৈছে, সেইদৰে আমাৰ সুৰক্ষা ব্যৱস্থাটো মহিলা শক্তিৰ ভূমিকাক আৰু অধিক ব্যাপক কৰা হৈছে৷ বৰ্তমান বায়ু সেনা আৰু নৌ সেনাত মহিলাসকলক যোদ্ধাৰ ভূমিকা পালন কৰিবলৈ দিয়া হৈছে৷ সেনা-আৰক্ষীতো কন্যাসকলক নিযুক্তি দিয়া হৈছে৷ বিএছএফো সেই অগ্ৰণী সংস্থাৰ অন্তৰ্গত য’ত সীমান্ত সুৰক্ষাত মহিলাসকলৰ ভূমিকা ক্ৰমান্বয়ে প্ৰসাৰিত কৰা হৈছে৷ এনে বহু প্ৰয়াসে আমাৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে, দেশৰ বিশ্বাস বৃদ্ধ কৰিছে৷
বন্ধুসকল,
দীপাৱলীত আপোনালোক সকলোৱে আৰু এটা লক্ষ্য কৰিছে, যেতিয়া আমি বন্তি প্ৰজ্বলন কৰো, তেতিয়া এগছি চাকিয়ে বাকী বন্তিকো পোহৰাই তোলে৷ এগছি বন্তিৰ পৰা হাজাৰ হাজাৰ বন্তি জ্বলে, সেইদৰে আপোনালোকে এগছি বন্তিৰ দৰে সমগ্ৰ দেশৰ পোহৰাই তুলিছে, দেশক শক্তিধৰ কৰিছে৷ সীমাত আপোনালোকৰ দৰে এগৰাকী সৈনিকৰ শৌৰ্যৰ জৰিয়তে দেশবাসীৰ দেশবাসীৰ দেশভক্তিৰ আৱেগ আন্দোলিত হয়৷ আপোনালোকৰ পৰা প্ৰেৰণা লৈ প্ৰতিগৰাকী দেশবাসীয়ে নিজা নিজা ধৰণে ৰাষ্ট্ৰহিতৰ বাবে আগুৱাই আহে৷ কোনোবাজন স্বচ্ছতাৰ সংকল্পৰ সৈতে জড়িত, কোনোবাজন দুৰ্নীতি বিৰোধী অভিযানক আগুৱাই নিছে, কোনোবাজনে ঘৰে ঘৰে পানী অভিযানৰ সৈতে জড়িত, কোনোবাজন যক্ষ্মামুক্ত ভাৰতৰ বাবে কাম কৰি আছে, কোনোবাজন অপুষ্টি বিৰুদ্ধে অভিযানক শক্তি যোগাইছে, কোনোবাজনে এজনে আনজনক ডিজিটেল লেনদেন শিকোৱাত দায়িত্ব পালন কৰিছে৷
বন্ধুসকল,
বৰ্তমান আত্ননিৰ্ভৰ ভাৰত অভিযানক দেশৰ প্ৰতিগৰাকী ব্যক্তিয়ে নিজৰ অভিযান হিচাপে গ্ৰহণ কৰিছে৷ ভোকেল ফৰ লোকেলে আজি প্ৰতিগৰাকী ভাৰতীয়ৰ অভিযানত পৰিণত হৈছে৷ বৰ্তমান ভাৰত প্ৰথম, ভাৰতীয় প্ৰথমৰ আত্মবিশ্বাস চাৰিওফালে প্ৰসাৰিত হৈছে৷ এই সকলোবোৰৰ অন্তৰালত আপোনালোকৰ শক্তি আছে, আপোনালোকৰ ওপৰত ভৰসা কৰিছে৷ যেতিয়া দেশৰ বিশ্বাস বৃদ্ধি পায়, তেতিয়া বিশ্বই সিমান ক্ষিপ্ৰতাৰে দেশৰ বিকাশ প্ৰত্যক্ষ কৰে৷ আহক বিশ্বাস, আত্মবিশ্বাসৰ এই সংকল্পক সিদ্ধি কৰাৰ বাবে আমি সকলো আগুৱাই যাও৷ দীপৱালীৰ এই পবিত্ৰ ক্ষণত নতুন সংকল্পৰে, নতুন আৱেগেৰে আমি কান্ধত কান্ধ মিলাই, খোজত খোজ মিলাই এক জীৱন, এক মিচন মোডত লক্ষ্যত উপনীত হোৱাৰ বাবে যৎপৰোনাস্তি কৰো৷ আহক, ১৩০ কোটি নাগৰিকৰ দেশত আমি সকলো এক হৈ আগুৱাই যাও আৰু মা-ভাৰতীয়ে যি ৰূপত সামৰ্থবান, সমৃদ্ধ হ’ব বিচাৰে, সেই সপোন আমি পুৰণ কৰিম, সেই চিন্তাধাৰাৰে আপোনালোকে মোৰ সৈতে একেলগে সজোৰে ক’ব, ভাৰত মাত কী…জয়, ভাৰত মাত কী…জয়, ভাৰত মাত কী…জয়৷ পুনৰবাৰ আপোনালোক সকলোকে দীপাৱলী উৎসৱৰ বহুত বহুত শুভকামনা জনালো৷
ধন্যবাদ৷
***
DS/SH/TS/DB
(Release ID: 1673074)
Visitor Counter : 299
Read this release in:
Manipuri
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam