প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপন উপলক্ষ্যে ১৬ নৱেম্বৰত ‘শান্তিৰ মূৰ্তি’ উন্মোচন কৰিব প্ৰধানমন্ত্ৰীয়ে

পোষ্ট কৰা হৈছে: 14 NOV 2020 5:41PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জৈনাচাৰ্য শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজৰ ১৫১ সংখ্যক জয়ন্তী উদযাপনৰ বাবে ১৬ নৱেম্বৰৰ দিনৰ ১২.৩০ বজাত ভিডিঅ কনফাৰেন্সিঙৰ মাধ্যমেৰে শান্তিৰ মূৰ্তি উন্মোচন কৰিব।

 

শ্ৰী বিজয় বল্লভ সুৰিশ্বৰ জী মহাৰাজে(১৮৭০-১৯৫৪)ভগৱান মহাবীৰৰ বাণী প্ৰচাৰৰ বাবে এগৰাকী জৈন সাধু হিচাপে নিস্বাৰ্থভাৱে আৰু উত্সৰ্গিত মনোভাৱেৰে কাম কৰি এক অত্যন্ত অনাড়ম্বৰ জীৱন অতিবাহিত কৰিছিল। তেওঁ জনগণৰ কল্যাণ, শিক্ষাৰ প্ৰসাৰ,সমাজৰ অশুভ শক্তি নিৰ্মূল কৰাৰ বাবে কাম কৰাৰ লগতে প্ৰেৰণামূলক সাহিত্য(কবিতা,ৰচনা,ভগৱানৰ স্তুতিগীত) ৰচনা কৰিছিল আৰু স্বাধীনতা আন্দোলন আৰু স্বদেশীৰ বাবে সক্ৰিয় সমৰ্থন আগবঢ়াইছিল। তেওঁৰ অনুপ্ৰেৰণাৰে  কলেজ, বিদ্যালয় আৰু অধ্যয়ন কেন্দ্ৰকে ধৰি ৫০খনতকৈ অধিক প্ৰসিদ্ধ শৈক্ষিক প্ৰতিস্থান বিভিন্ন ৰাজ্যত কাৰ্যক্ষম হৈ আছে। তেওঁৰ সন্মানাৰ্থে উন্মোচন কৰিবলগীয়া মূৰ্তিটো শান্তিৰ মূৰ্তি নামেৰে নামাকৰণ কৰা হৈছে। ১৫১ ইঞ্চি ওখ মূৰ্তিটো অষ্টধাতু অৰ্থাত্ ৮বিধ ধাতু, কপাৰ অধিকভাৱে ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে আৰু ৰাজস্থানৰ পালিৰ জেতপুৰাস্থিত বিজয় বল্লভ সাধনা কেন্দ্ৰত স্থাপন কৰা হৈছে।

 

*****

AP/KG


(ৰিলিজ আই ডি : 1672972) অতিথি কক্ষ : 169