প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়

আয়ুৰ্বেদ দিৱসত ৰাষ্ট্ৰৰ বাবে দুই ভৱিষ্যতৰ অৰ্থে-প্ৰস্তুত আয়ুৰ্বেদ প্ৰতিষ্ঠান উৎসৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে

পৰম্পৰাগত ঔষধৰ বৈশ্বিক কেন্দ্ৰ হিচাপে ভাৰতক বাছনি কৰাৰ বাবে ডব্লিউএইচঅ’ক ধন্যবাদ

আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ আয়ুৰ্বেদ পাঠ্যক্ৰমৰ আহ্বান

আয়ুৰ্বেদিক মাথো বিকল্প নহয়, ই হৈছে দেশৰ স্বাস্থ্যৰ মূল আধাৰঃ প্ৰধানমন্ত্ৰী

ক’ৰোনাৰ সময়ে আয়ুৰ্বেদ প্ৰডাক্টৰ ব্যৱহাৰ আৰু গৱেষণাক ত্বৰান্বিত কৰিলে

Posted On: 13 NOV 2020 12:19PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৫ম আয়ুৰ্বেদ দিৱসৰ দিনা ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰাষ্ট্ৰৰ বাবে দুই ভৱিষ্যতৰ অৰ্থে-প্ৰস্তুত আয়ুৰ্বেদ প্ৰতিষ্ঠান উৎসৰ্গা কৰে। এই প্ৰতিষ্ঠান দুখনি হৈছে জামনগৰস্থিত আয়ুৰ্বেদ শিক্ষা ও গৱেষণা প্ৰতিষ্ঠান (ITRA) আৰু জয়পুৰস্থিত ৰাষ্ট্ৰীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান (NIA)। দুয়োখন প্ৰতিষ্ঠানেই হৈছে দেশখনৰ আয়ুৰ্বেদৰ আগশাৰীৰ প্ৰতিষ্ঠান। পূৰ্বে সংসদৰ এখনি বিধেয়কৰ জৰিয়তে ইয়াক ৰাষ্ট্ৰীয় গুৰুত্ব প্ৰতিষ্ঠানৰ মৰ্য্যাদা প্ৰদান কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত বিশ্ববিদ্যালয় অনুদান আয়োগে ডীম বিশ্ববিদ্যালয়ৰ মৰ্য্যাদা প্ৰদান কৰে। ২০১৬ ৰপৰা আয়ুস মন্ত্ৰালয়ে ধনন্তৰী জয়ন্তী (ধনটেৰাচ) উপলক্ষে প্ৰতি বছৰে ‘আয়ুৰ্বেদ দিৱস’ পালন কৰি আহিছে।

এই কাৰ্যসূচীত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব) শ্ৰী শ্ৰীপদ নাইক, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী বিজয় ৰূপানী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট, ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ মিশ্ৰ, গুজৰাটৰ ৰাজ্যপাল আচাৰ্য্য দেব্ব্ৰট উপস্থিত থাকে। আৰু

এই উপলক্ষত বিশ্ব স্বাস্থ্যৰ সঞ্চালক ডাঃ টেড্ৰছ আদহানম ঘেব্ৰেয়েছাচে এটা ভিডিঅ’ বাৰ্তা প্ৰদান কৰে আৰু স্বাস্থ্য সম্পৰ্কীয় উদ্দেশ্য পূৰণ কৰিবলৈ আয়ুষ্মান ভাৰতৰ অধীনত সাৰ্বজনীন ক’ভাৰেজ আৰু পৰম্পৰাগত ঔষধৰ প্ৰমাণ-ভিত্তিক প্ৰোৎসাহনৰ অৰ্থে প্ৰধানমন্ত্ৰীৰ অংগীকাৰক প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতক পৰম্পৰাগত ঔষধৰ বৈশ্বিক কেন্দ্ৰ হিচাপে বাছনি কৰাৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা আৰু সঞ্চালক প্ৰধানজনক ধন্যবাদ জ্ঞাপন কৰে। তেখেতে কয় যে আয়ুৰ্বেদ হৈছে এটা ভাৰতীয় ঐতিহ্য আৰু সন্তোষৰ কথা এয়ে যে ভাৰতৰ পৰম্পৰাগত বিদ্যা আন দেশলৈয়ো বিয়পি গৈছে।

শ্ৰী মোদীয়ে আয়ুৰ্বেদ বিদ্যাক কিতাপ, ধৰ্মগ্ৰন্থ আৰু ঘৰুৱা বিধানৰপৰা উলিয়াই অনাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে আৰু আধুনিক প্ৰয়োজনীয়তা সাপেক্ষে এই প্ৰাচীন বিদ্যাক বিকশিত কৰিবলৈ কয়। তেখেতে কয়, আমাৰ প্ৰাচীন চিকিৎসা বিদ্যাৰ সৈতে ২১শ শতিকাৰ আধুনিক বিজ্ঞানৰপৰা লাভ কৰা তথ্যৰ সংমিশ্ৰণেৰে দেশখনত নতুন গৱেষণা সম্পন্ন কৰা হৈছে। তিনি বছৰ পূৰ্বে, ইয়াত সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠান স্থাপন কৰা হৈছিল। আজি আয়ুৰ্বেদ মাথো এটা বিকল্প নহয়, ই হৈছে দেশখনৰ স্বাস্থ্য নীতিৰ এটা মূল আধাৰ, প্ৰধানমন্ত্ৰীজনে কয়।

শ্ৰী মোদীয়ে অৱগত কৰে যে লেহত পৰম্পৰাগত তিব্বতীয় ঔষধ (Sowa-Rigpa) সম্পৰ্কীয় গৱেষণা আৰু আন অধ্যয়নৰ বাবে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠান উন্নয়নৰ কাম অব্যাহত আছে। আজি, গুজৰাট আৰু ৰাজস্থানত এই দুই উন্নীতকৃত প্ৰতিষ্ঠানো হৈছে উক্ত বৰ্ধনৰে সংযোজন।

উন্নীতকৰণৰ শুভলগনত প্ৰতিষ্ঠান দুখনিক অভিনন্দন জ্ঞাপন কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ইয়াৰ জৰিয়তে এতিয়া তেওঁলোকৰ দায়িত্ব বাঢ়িল আৰু এই প্ৰতিষ্ঠান দুখনিয়ে আন্তঃৰাষ্ট্ৰীয় মানদণ্ডসম্পন্ন আয়ুৰ্বেদ পাঠ্যক্ৰম যুগুত কৰি উলিওৱাৰ আশা প্ৰকাশ কৰে। তেখেতে তদুপৰি আয়ুৰ্বেদ ফিজিক্স আৰু আয়ুৰ্বেদ কেমেষ্ট্ৰীৰ দৰে নতুন পথৰ সন্ধান কৰিবলৈ শিক্ষা মন্ত্ৰালয় আৰু ইউজিচিক আহ্বান জনায়। তেখেতে তদুপৰি ষ্টাৰ্টআপ আৰু ব্যক্তিগত খণ্ডসমূহক বৈশ্বিক প্ৰৱণতা আৰু চাহিদা অধ্যয়ন কৰিবলৈ আহ্বান জনাই আৰু এই খণ্ডটোত তেওঁলোকৰ অংশগ্ৰহণ নিশ্চিত কৰিবলৈ কয়। সংসদৰ শেহতীয়া অধিৱেশনত নেশ্যনেল কমিশ্যন অৱ ইণ্ডিয়ান চিষ্টেম অৱ মেডিচিন আৰু নেশ্যনেল কমিশ্যন অৱ হোমিঅ’পেথী স্থাপন কৰা হয় আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতিয়েও এটা সংহত প্ৰচেষ্টা প্ৰোৎসাহিত কৰিছে। এই নীতিৰ মূল ধাৰণা হৈছে আয়ুৰ্বেদ শিক্ষাত এল্ল’পেথিক অনুশীলনৰ বিদ্যা অৱশ্যেই অন্তৰ্ভুক্ত কৰা।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ক’ৰোনাৰ সময়ছোৱাত আয়ুৰ্বেদিক প্ৰডাক্টৰ চাহিদা বিশ্বজুৰি তীব্ৰ গতিত বৃদ্ধি পালে। তেখেতে কয়, যোৱা বছৰৰ তুলনাত এই বৰ্ষৰ ছেপ্টেম্বৰত আয়ুৰ্বেদিক প্ৰডাক্টৰ ৰপ্তানি প্ৰায় ৪৫ শতাংশ বৃদ্ধি পালে। তেখেতে লগতে কয়, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ কাৰক হিচাপে আদা, হালধিৰ ৰপ্তানি লক্ষ্যণীয়ভাৱে বৃদ্ধি পাই, যিয়ে সমগ্ৰ বিশ্বখনত আয়ুৰ্বেদিক সমাধান আৰু ভাৰতীয় মচলাৰ প্ৰতি বিশ্বাস বৃদ্ধি হোৱাকে প্ৰতিফলিত কৰিছে। তেখেতে কয়, এতিয়া বহু দেশত, হালধিৰে প্ৰস্তুত কৰা বিশেষ পানীয়ৰ সেৱনো বৃদ্ধি পাইছে আৰু বিশ্বৰ সম্ভ্ৰম চিকিৎসা পত্ৰিকাসমূহেও আয়ুৰ্বেদৰ জৰিয়তে নতুন আশা দেখা পাইছে। তেখেতে কয়, ক’ৰোনাৰ সময়ছোৱাত, কেৱল মাথো আয়ুৰ্বেদৰ ব্যৱহাৰতে গুৰুত্ব সীমাবদ্ধ নাছিল বৰঞ্চ দেশ আৰু বিশ্বখনত আয়ুস সম্পৰ্কীয় গৱেষণাকো আগুৱাই নিয়া যায়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি এফালেদি ভাৰতে ভেকচিনৰ টেষ্টিং কৰি আছে আৰু আনফালেদি ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ আয়ুৰ্বেদিক গৱেষণাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাও বৃদ্ধি কৰি আছে। তেখেতে উল্লেখ কৰে যে বৰ্তমান সময়ত দিল্লীস্থিত সৰ্ব ভাৰতীয় আয়ুৰ্বেদ প্ৰতিষ্ঠানকে ধৰি এশৰো অধিক স্থানত গৱেষণা অব্যাহত আছে। এই প্ৰতিষ্ঠানখনিয়ে দিল্লীৰ ৮০ হাজাৰ আৰক্ষীৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সম্পৰ্কীয় গৱেষণা সম্পন্ন কৰিছে। ই সম্ভৱতঃ বিশ্বখনৰ সৰ্ববৃহৎ গ্ৰুপ অধ্যয়ন আৰু ইয়াৰ ফলাফলো উৎসাহজনক। অনাগত দিনসমূহত কেইবাটাও আন্তঃৰাষ্ট্ৰীয় পৰীক্ষা আৰম্ভ কৰা হ’ব বুলি তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, আজি ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আয়ুৰ্বেদিক ঔষধ, ভেষজ তথা পুষ্টিকৰ খাদ্যসমূহত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। তেখেতে কয়, আজি গংগাৰ পাৰত আৰু হিমালয়ৰ পাদদেশীয় অঞ্চলত মোটা শস্য তথা জৈৱিক পণ্য়ৰ উৎপাদন বৃদ্ধি কৰিবলৈ কৃষক ৰাইজক উৎসাহ প্ৰদান কৰা হৈছে। তেখেতে লগতে কয়, বিশ্বখনৰ সুখ-স্বাচ্ছন্দ্যত ভাৰতে অধিকৰো অধিক বৰঙণি যোগাবলৈ আয়ুস মন্ত্ৰালয়ে বিস্তৃত পৰিকল্পনা আগত ৰাখি কাম কৰি আছে, আমাৰ ৰপ্তানি আৰু আমাৰ কৃষক ৰাইজৰ আয় বৃদ্ধি কৰি তোলাটো আৱশ্যকীয়। তেখেতে উল্লেখ কৰে যে ক’ভিড মহামাৰী আৰম্ভ হোৱাৰ পাছত, আয়ুৰ্বেদিক ভেষজ যথাঃ অশ্বগন্ধা, গুলঞ্চ, তুলসী ইত্যাদিৰ মূল্য বহু পৰিমাণে বৃদ্ধি পাইছে। যোৱা বৰ্ষৰ তুলনাত অশ্বগন্ধাৰ মূল্য দুগুণৰো অধিক বৃদ্ধি পাইছে আৰু ইয়াৰ প্ৰত্যক্ষ লাভ অৰ্জন কৰিছে এই ভেষজৰ খেতি কৰা আমাৰ কৃষকসকলে।

ভাৰতত উপলব্ধ বহু ভেষজৰ উপযোগিতাৰ সজাগতা বৃদ্ধি কৰিবলৈ কৃষি মন্ত্ৰালয়, আয়ুস মন্ত্ৰালয় বা আন বিভাগসমূহক একেলগে কাম কৰাৰ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে উল্লেখ কৰে যে আয়ুৰ্বেদ সম্পৰ্কীয় সমগ্ৰ বাতাবৰণটোৰ উন্নয়নে দেশখনৰ স্বাস্থ্য আৰু সুখ-স্বাচ্ছন্দ্য সম্পৰ্কীয় পৰ্যটনকো প্ৰোৎসাহিত কৰিব। আজি জামনগৰ আৰু জয়পুৰত উদ্বোধন কৰা প্ৰতিষ্ঠান দুখনিয়ে এইদিশত একেদৰে বৰঙণি যোগাব বুলি তেখেতে আশা প্ৰকাশ কৰে।

আইটিআৰএ, জামনগৰঃ সংসদৰ এখন বিধেয়কৰ জৰিয়তে শেহতীয়াভাৱে প্ৰতিষ্ঠা কৰা আয়ুৰ্বেদ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (ITRA) হৈছে এখনি বিশ্বমানৰ হেল্থকেয়াৰ প্ৰতিষ্ঠান। আইটিআৰএত ১২ টা বিভাগ আছে। তদুপৰি ইয়াত আছে তিনিটা ক্লিনিকেল লেবৰেটৰী আৰু তিনিটা গৱেষণা লেবৰেটৰী। ইয়াৰোপৰি, পৰম্পৰাগত ঔষধৰ গৱেষণা কৰ্মত ই আগৰণুৱা আৰু বৰ্তমানে ই ৩৩ টা গৱেষণা প্ৰকল্প ৰূপায়ণ কৰি আছে। জামনগৰস্থিত গুজৰাট আয়ুৰ্বেদ বিশ্ববিদ্যালয়ৰ চৌহদত চাৰি আয়ুৰ্বেদ প্ৰতিষ্ঠান একত্ৰিত কৰি আইটিআৰএ গঠন কৰা হৈছে। ই হৈছে ৰাষ্ট্ৰীয় গুৰুত্ব প্ৰতিষ্ঠান (INI)ৰ মৰ্য্যাদা লাভ কৰা আয়ুস খণ্ডৰ প্ৰথমখনি প্ৰতিষ্ঠান। উন্নীতকৰণ স্থিতিত, আইটিআৰএয়ে আয়ুৰ্বেদ শিক্ষাৰ মানদণ্ড বৃদ্ধিৰ কৰ্তৃত্ব লাভ কৰিব। তদুপৰি ই আধুনিক, আন্তঃৰাষ্ট্ৰীয় মানদণ্ড অনুসৰি পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব। তদুপৰি, আয়ুৰ্বেদৰ সমসাময়িক বৰ্ধনৰ অৰ্থে আন্তঃবিষয়ক সহযোগিতাৰ সমন্বয় সাধন কৰিব।

এনআইএ, জয়পুৰঃ দেশজুৰি বিস্তৃত সমাদৃত আয়ুৰ্বেদ প্ৰতিষ্ঠান এনআইএয়ে ডীম বিশ্ববিদ্যালয় (নতুন শ্ৰেণী)ৰ মৰ্য্যাদা লাভ কৰিছে। ১৭৫-বছৰীয়া উত্তৰাধিকাৰৰ বাহক হিচাপে, যোৱা দশককেইটাত প্ৰামাণিক আয়ুৰ্বেদৰ সংৰক্ষণ, প্ৰোৎসাহন আৰু অগ্ৰগতিৰ অৰ্থে এনআইএৰ বৰঙণি লক্ষ্যণীয়। বৰ্তমানে এনআইএত ১৪ টা ভিন্ন বিভাগ আছে। এই প্ৰতিষ্ঠানখনিৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অনুপাত আশাব্যঞ্জক। ২০১৯-২০ ত ৯৫৫ ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে শিক্ষকৰ সংখ্যা আছিল ৭৫। চাৰ্টিফিকেটৰপৰা ডক্টৰেল পৰ্যায়লৈকে ই আয়ুৰ্বেদৰ বিভিন্ন পাঠ্যক্ৰম চলাই আছে। অত্যাধুনিক লেবৰ ব্যৱস্থাৰে, গৱেষণা কৰ্মতো এনআইএ হৈছে আগৰণুৱা। বৰ্তমান, ই ৫৪ টা ভিন্ন গৱেষণা প্ৰকল্প চলাই আছে। ডীম বিশ্ববিদ্যালয় (নতুন শ্ৰেণী)ৰ মৰ্য্যাদা লাভেৰে ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানখনিয়ে হেল্থ কেয়াৰ, শিক্ষা আৰু গৱেষণাত সৰ্বোত্তম মানদণ্ডৰে নতুন শিখৰত আৰোহণ কৰিব বুলি আশা কৰা হৈছে।

***

DS/AK/SB



(Release ID: 1672798) Visitor Counter : 226