বিত্ত মন্ত্ৰালয়
আত্মনির্ভৰ ভাৰত ৩.০-ৰ পদক্ষেপ ঘোষণা বিত্তমন্ত্রীৰ
‘আত্মনির্ভৰ ভাৰত ৰোজগাৰ যোজনা’ শীৰ্ষক এক নতুন আঁচনি মুকলি
এমএছএমইসমূহ, ব্যৱসায়, মুদ্ৰা ঋণ লওঁতা আৰু ব্যক্তিসকলৰ বাবে জৰুৰীকালীন ক্ৰেডিট লাইন গেৰাণ্টি আঁচনি ৩১ মাৰ্চ, ২০২১লৈ আৰু অতিৰিক্ত ক্ৰেডিট ২০শতাংশলৈকে সম্প্ৰসাৰিত কৰা হৈছে
১০টা চেম্পিয়ন খণ্ডক আগবঢ়োৱা হ’ব ১.৪৬ লাখ কোটি টকা মূল্যৰ প্ৰডাকচন লিংকড ইনচেণ্টিভ
প্ৰধানমন্ত্ৰী আৱাস যোজনা-নগৰীয়াৰ বাবে ১৮,০০০কোটি অতিৰিক্ত ধন ব্যয়
চৰকাৰী নিবিদাত আৰ্ণেষ্ট ডিপজিট ধন আৰু পাৰফৰমেন্স ছিকিউৰিটী শিথিল কৰা
ডেভলপাৰ্ছ আৰু গৃহ ক্ৰেতাৰ বাবে আয়কৰ ৰেহাই প্ৰদানেৰে চাৰ্কোল ৰেট আৰু চুক্তি মূল্যৰ মাজত দেখা পোৱা পাৰ্থক্য ২০ শতাংশলৈ বৃদ্ধি কৰা
ৰাষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি পুঁজি(এনআইআইএফ)ৰ ঋণ মঞ্চত ৬,০০০কোটি ইকুইটি বিনিয়োগ
কৃষিক সমৰ্থন কৰাৰ বাবে প্ৰদান কৰা ৰাজসাহায্যযুক্ত সাৰৰ বাবে ৬৫,০০০ কোটি
প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ ৰোজগাৰ যোজনাৰ বাবে অতিৰিক্ত ১০,০০০কোটি ধন প্ৰদান কৰা হৈছে
উন্নয়নশীল দেশসমূহক ভাৰতে প্ৰদান কৰা সহায়ৰ যোগেৰে প্ৰকল্প ৰপ্তানিৰ বাবে ৩,০০০ কোটি প্ৰদান কৰা হ’ব
পুঁজি আৰু ঔদ্যোগিক ব্যয়ৰ বাবে ১০,২০০ কোটি অতিৰিক্ত বাজেট প
Posted On:
12 NOV 2020 6:05PM by PIB Guwahati
কেন্দ্রীয় বিত্ত আৰু কর্প’ৰেট পৰিক্ৰমা মন্ত্রী শ্রীমতী নির্মলা সীতাৰমনে আত্মনির্ভৰ ভাৰত ৩.০-ৰ অধীনত কভিডসষ্ট জটিল অর্থনীতিক পুনৰুজ্জীৱিত কৰাৰ বাবে কেন্দ্রৰ ১২টা মুখ্য পদক্ষেপৰ কথা ঘোষণা কৰিছে। আজি ঘোষিত আঁচনিসমূহৰ মুঠ ব্যয় হব ২.৬৫ লাখ কোটি টকা। শ্রীমতী সীতাৰমনে আজি সাংবাদিক সম্মিলনত জানিবলৈ দিয়ে যে, কেন্দ্রই আৰু ৰিজাৰ্ভ বেংকে আজি পৰ্যন্ত যি পৰিকল্পনাৰ কথা ঘোষণা কৰিছে সেয়াই কভিড-১৯ মহামাৰীৰ ফলত সৃষ্ট পৰিস্থিতিৰ পৰা ৰাষ্ট্ৰক মুক্ত কৰাৰ বাবে সহায় কৰিব। এই পর্যন্ত ২৯.৮৭ লাখ কোটি টকা প্ৰদান কৰা হৈছে যি দেশৰ মুঠ জিডিপিৰ ১৫ শতাংশ। ইয়াৰ ভিতৰত জিডিপিৰ ৯ শতাংশ উদ্দীপক মূল্য অর্থ চৰকাৰে যোগান ধৰিছে।
আত্মনির্ভৰ ভাৰত ৩.০-ৰ ১২টা মূল ঘোষণা হ’ল :
(১) আত্মনির্ভৰ ভাৰত ৰোজগাৰ যোজনা
কভিড-১৯ মহামাৰীৰ ফলত উদ্ভূত পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কর্মসংস্থানৰ সুযোগ সৃষ্টি কৰিবলৈ এক নতুন আঁচনিৰ আৰম্ভ কৰা হৈছে। ইপিএফঅ’ পঞ্জীভুক্ত প্ৰতিস্থানসমূহে যদি পঞ্জীকৰণ অবিহনে নতুন কর্মচাৰী নিয়োজিত কৰে নাইবা যিসকলে পূৰ্বে কাম হেৰুৱাইছে তেওঁলোক এই যোজনাৰ জৰিয়তে উপকৃত হ’ব।
এই আঁচনিৰ অধীনত হিতাধিকাৰী/নতুন কর্মীসকল হ’ব :-
*ইপিএফঅ পঞ্জীভুক্ত কোনো প্ৰতিস্থানত যদিহে মাহে ১৫ হাজাৰ টকাৰ কম বেতনত কোনো কর্মীয়ে কামত যোগদান কৰিছে
*যিসকল ইপিএফঅ’ সদস্যই ১৫ হাজাৰ টকাৰ কম মাহিলী দৰমহা লাভ কৰে, যিসকলে ১ মার্চৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত কভিড মহামাৰীৰ বাবে কাম হেৰুৱাইছে আৰু ১ অক্টোবৰ বা তাৰ পাছত অন্য স্থানত কামত নিয়োজিত হৈছে
কেন্দ্রীয় চৰকাৰে ১অক্টোবৰত বা তাৰ পাছত সংস্থাপিত নতুন যোগ্য কর্মচাৰীসকলক দু'বছৰৰ বাবে তলত দিয়া ধৰণে ৰাজহ প্ৰদানৰ ব্যৱস্থা কৰিছে
* যি সমূহ প্ৰতিস্থানত সর্বোচ্চ ১ হাজাৰ জন কৰ্মচাৰীয়ে কাম কৰেঃ কৰ্মচাৰীৰ বৰঙণি(আয়ৰ ১২ শতাংশ) আৰু নিয়োগকৰ্তাৰ বৰঙণি(আয়ৰ ১২ শতাংশ)আয়ৰ মুঠ ২৪ শতাংশ
*যি সমূহ প্ৰতিস্থানত সর্বোচ্চ ১ হাজাৰৰ অধিক কৰ্মচাৰীয়ে কাম কৰেঃ মাত্ৰ কর্মচাৰীৰ ইপিএফ বৰঙণি (ইপিএফ আয়ৰ ১২ শতাংশ)
এই আঁচনি ১ অক্টোবৰ,২০২০ৰ পৰা কাৰ্যকৰী হব আৰু ৩০ জুনলৈকে চলিব। এই আঁচনিৰ অধীনত যোগ্যতা নির্ধাৰণৰ বিষয়সমূহ বিবেচনাৰ পাছত কেন্দ্রীয় চৰকাৰে নতুন কর্মচাৰীসকলক দুবছৰৰ বাবে ৰাজসাহায্য প্ৰদান কৰিব।
(২) আপদকালীন ক্ৰেডিট লাইন গেৰাণ্টি স্কীম :
অতি ক্ষুদ্র, ক্ষুদ্র আৰু মধ্যমীয়া উদ্যোগসমূহ, বিভিন্ন বাণিজ্যিক সংস্থা, মুদ্রা প্রকল্পৰ ঋণ লওঁতা আৰু যি সকল লোকে ব্যৱসায়িক কাৰণত ঋণ লৈছে তেওঁলোকৰ বাবে এই সুযোগ ৩১ মার্চ,২০২১ পর্যন্ত বৃদ্ধি কৰা হৈছে।
আমানত নিশ্চয়তা সহায়ক আঁচনি স্বাস্থ্যক্ষেত্র সহ ২৬টা ক্ষেত্রৰ বাবে আৰম্ভ কৰা হৈছে। এইক্ষেত্রত ৫০ কোটি টকাৰ পৰা ৫০০ কোটি টকা পর্যন্ত ঋণ বকেয়া থাকিলে তেওঁলোকে এই আঁচনিৰ সুবিধা লাভ কৰিব। এই প্ৰতিস্থানসমূহে বকেয়া ঋণৰ ২০ শতাংশ ধনৰ সমপৰিমাণৰ অতিৰিক্ত ঋণ পাঁচ বছৰৰ বাবে লাভ কৰিব। এই আঁচনিৰ সুযোগ ৩১ মার্চ পর্যন্ত লাভ কৰিব পাৰিব।
(৩) উৎপাদনৰ সৈতে জড়িত উৎসাহ-ভিত্তিক সাহায্য – ১০ চেম্পিয়ন খণ্ডলৈ ১.৪৬ লাখ কোটি টকা
১০টা মূল খণ্ডক উৎপাদন ভিত্তিক সাহায্য আঁচনিৰ অধীনত সামৰি লোৱা হৈছে যাৰ ফলত দেশীয় প্ৰতিস্থানসমূহৰ উৎপাদনৰ ক্ষেত্রত প্রতিযোগিতাৰ পৰিৱেশ গঢ় লৈ উঠিব। ইয়ে অর্থনীতি, বিনিয়োগ, ৰপ্তানি আৰু কর্মসংস্থান সৃষ্টিত গতি প্ৰদান কৰিব। আগন্তুক পাঁচ বছৰৰ বাবে এই আঁচনিসমূহত প্ৰায় ১.৫ লাখ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে। এই ১০টা ক্ষেত্র হ’ল – এডভান্সড চেল কেমিস্ট্রি বেটাৰী, বৈদ্যুতিক আৰু প্ৰযুক্তি সামগ্ৰী, অটোমবাইল আৰু গাড়ীৰ যন্ত্রাংশ, ঔষধ নির্মাণ উদ্যোগ, টেলিকম আৰু নেটৱর্কত ব্যৱহৃত সামগ্রী, বস্ত্র শিল্পৰ বিভিন্ন সামগ্রী, খাদ্য প্রক্রিয়াকৰণ, সৌৰশক্তিৰ বাবে উচ্চ ক্ষমতাসম্পন্ন পিভি মডিউল, শীতাতপ নিয়ন্ত্রিত যন্ত্র আৰু এলইডি বাল্ব আৰু বিশেষ ধৰণৰ তীখা।
(৪) পিএম আৱাস যোজনা - চহৰাঞ্চলৰ বাবে ১৮ হাজাৰ কোটি টকা অতিৰিক্ত ধন ব্যয়
পিএম আৱাস যোজনা - চহৰাঞ্চলৰ বাবে মুঠ ১৮ হাজাৰ কোটি টকা বিতৰণ কৰা হৈছে। ইয়াৰ আগেয়ে চলিত বছৰত আৰু ৮ হাজাৰ কোটি টকা দিয়া হৈছিল। ইয়াৰ ফলত, ১২ লাখ গৃহ নিৰ্মাণৰ কাম আৰম্ভ কৰাত সহায় কৰিব আৰু ১৮ লাখ গৃহৰ কাম সম্পূৰ্ণ হব। একেদৰে ইয়াৰ ফলত ৭৮ লাখ কর্মসংস্থানৰ সৃষ্টি হব আৰু উৎপাদনৰ গুণমান বৃদ্ধি পাব। লগতে, তীখা আৰু চিমেণ্টৰ বিক্রী বৃদ্ধিৰে অর্থনীতিত ইতিবাচক প্রভাৱ দেখা পোৱা যাব।
(৫) নির্মাণ আৰু আন্তঃগাঁথনি খণ্ডত সহায়-চৰকাৰী নিবিদাত আৰ্ণেষ্ট ডিপজিট মানি আৰু পাৰফৰমেন্স ছিকিউৰিটীৰ সকাহ
সহজতে ব্যৱসায় কৰাৰ পৰিৱেশ গঢ়ি তুলিবলৈ আৰু যি সকল ঠিকাদাৰে তেওঁলোকৰ ধন অন্য স্থানত বিনিয়োগ কৰিছে তেওঁলোকৰ বাবে বার্ষিক ৫-১০ শতাংশ হাৰত কাম সম্পাদনৰ ক্ষেত্রত নিৰাপত্তাৰ সুৰক্ষা প্ৰদান কৰা হব। এই অর্থৰ পৰিমাণ সর্বনিম্ন ৩ শতাংশ হব। এইক্ষেত্রত বিড ছিকিউৰিটি ডিক্লাৰেশ্যনৰ পৰিৱর্তে ইএমডি-ৰ জৰিয়তে নিবিদা প্রক্রিয়া সম্পন্ন কৰা হব। এই সকাহৰ ফলত সাধাৰণ অর্থনৈতিক নিয়মাবলী ২০২১-ৰ ডিচেম্বৰ পর্যন্ত কার্যকৰী হৈ থাকিব।
(৬) নির্মাণকৰ্তা আৰু গৃহ ক্রেতাসকলৰ বাবে আয়কৰ সকাহ
ৰিয়েল ইষ্টেটৰ ক্ষেত্রত চার্কোল ৰেট আৰু চুক্তিৰ ধনৰ যি পার্থক্য দেখা যায়, সেয়া আয়কৰ আইনৰ ৪৩চিএ ধাৰাৰ অধীনত এই পৰিমাণ ১০ শতাংশৰ পৰা বৃদ্ধি কৰি ২০ শতাংশ কৰা হৈছে। যিসকল নাগৰিকে সর্বোচ্চ ২ কোটি টকা পর্যন্ত ব্যয় কৰিব পাৰিব, তেওঁলোকৰ বাবে ৩০ জুন পর্যন্ত এই সুবিধা দিয়া হব। ইয়াৰ ফলত ক্রেতাসকলে ২০ শতাংশ পর্যন্ত সকাহৰ সুযোগ লাভ কৰিব। আয়কৰৰ নিয়মৰ ক্ষেত্রত এই পৰিৱর্তনৰ ফলত মধ্যবিত্ত শ্রেণীৰ লোকসকলে আৰু গৃহ ক্ৰয় কৰিবলৈ সক্ষম হব।
(৭) আন্তঃগাঁথনিমূলক ঋণৰ ক্ষেত্রত আর্থিক সাহায্যদান
চৰকাৰে নেশ্যনেল ইনভেষ্টমেণ্ট এণ্ড ইনফ্রাস্ট্রাকচাৰ ফাণ্ড (এনআইআইএফ)-ৰ ডেব্ট প্লেটফৰ্মত ৬,০০০কোটি ইকুইটী বিনিয়োগৰ সিদ্ধান্ত লৈছে। ইয়ে এই ফাণ্ডক আন্তঃগাঁথনি প্ৰকল্পৰ বাবে ২০২৫ বৰ্ষলৈকে ১.১ লাখ কোটি টকা ঋণ প্ৰদান কৰিব।
(৮) কৃষিক্ষেত্রত সহায় : ৰাজসাহায্যযুক্ত সাৰৰ বাবে ৬৫,০০০ কোটি টকা
দেশত সাৰৰ ব্যৱহাৰ যথেষ্ট বৃদ্ধি পাইছে। কৃষকসকলে যাতে সাৰৰ সৰবৰাহ সঠিক সময়ত লাভ কৰে তাৰ বাবে ৬৫,০০০ কোটি টাকা প্ৰদান কৰা হৈছে। ইয়াৰ ফলত সঠিক সময়ত সাৰ বজাৰৰ পৰা কিনিবলৈ পোৱা যাব।
(৯) গ্রামীণ কর্মসংস্থানৰ ওপৰত গুৰুত্ব
পিএম গৰীৱ কল্যাণ ৰোজগাৰ যোজনাৰ অধীনত ১০ হাজাৰ কোটি টকাৰ অতিৰিক্ত ধন প্ৰদান কৰা হৈছে।ইয়াৰ ফলত গ্রামীণ অর্থনীতিয়ে গতি লাভ কৰিব।
(১০) ৰপ্তানি সংক্রান্তীয় প্রকল্পসমূহত উৎসাহদান
EXIM বেংকক ৩ হাজাৰ কোটি টকাৰ মূলধন যোগান ধৰা হব যাতে বিভিন্ন ৰপ্তানি সংক্রান্তীয় প্রকল্পত সুবিধা হয়। ইন্ডিয়ান ডেভেলপমেন্ট এণ্ড ইকনমিক এছিচটেন্স স্কীমৰ অধীনত একজিম বেংকে মূলধনৰ যোগান ধৰিব পাৰিব।
(১১) মূলধন আৰু ঔদ্যোগিক উদ্দীপনা
ঘৰুৱা প্ৰতিৰক্ষা সঁজুলি, ঔদ্যোগিক আন্তঃগাঁথনি আৰু সেউজ শক্তিৰ ওপৰত পুঁজি আৰু ঔদ্যোগিক ব্যয়ৰ বাবে ১০,২০০ কোটি টকাৰ অতিৰিক্ত উদ্দীপক বাজেট প্ৰদান কৰা হৈছে।
(১২) কভিড টিকাৰ বাবে গৱেষণা আৰু উন্নয়ন অনুদান
কভিড-১৯ মহামাৰীৰ টিকাৰ গৱেষণা আৰু বিকাশমূলক কাম কৰাৰ বাবে জৈব প্রযুক্তি বিভাগক ৯০০ কোটি টকা অর্থ সাহায্য দিয়া হৈছে।
*******
RM/KMN/KG
(Release ID: 1672542)
Visitor Counter : 400
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada