দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়

গৰীৱ কল্যান ৰোজগাৰ অভিযানৰ অধীনত ৬খন ৰাজ্যৰ চিনাক্তকৃত ১১৬খন জিলাৰ ৩লাখ প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ দক্ষ ভাৰতৰ

Posted On: 12 NOV 2020 5:32PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ গৰীৱ কল্যান ৰোজগাৰ অভিযান(জিকেআৰএ)ৰ তত্বাৱধানত দক্ষতা বিকাশ আৰু উদ্যমিতা মন্ত্ৰালয়ে(এমএছডিই) ৬খন ৰাজ্য ক্ৰমে-উত্তৰপ্ৰদেশ, বিহাৰ, ৰাজস্থান, ওড়িশা, মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডৰ চিনাক্তকৃত ১১৬খন জিলাৰ ৩লাখ প্ৰব্ৰজিত শ্ৰমিকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আৰম্ভ কৰিছে৷ এই প্ৰচেষ্টাৰ লক্ষ্য হৈছে প্ৰব্ৰজিত শ্ৰমিক আৰু গ্ৰামীণ জনসাধাৰণক ক’ভিড-১৯ৰ পাছৰ সময়ছোৱাত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষক আঁচনি প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা(পিএমকেভিৱাই), ২০১৬-২০২০ৰ অধীনত চাহিদাভিত্তিক দক্ষতা বৃদ্ধি কৰা৷ সংশ্লিষ্ট জিলাৰ উপায়ুক্ত/জিলা দণ্ডাধীশ/উপায়ুক্তৰ সহযোগত এমএছডিইয়ে এই জিলাসমূহত ১২৫দিনীয়া এক প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে৷ একাংশ জিলাত এই প্ৰশিক্ষণ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে আৰু এমাহৰ ভিতৰতে পৰ্যায়ক্ৰমে বাকীসমূহ জিলালৈও সম্প্ৰসাৰণ কৰা হ’ব৷

এমএছডিইৰ সহযোগত ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমে(এনএছডিচি) পিএমকেভিৱাই, ২০১৬-২০২০ৰ অধীনত এই জিলাসমূহত একাংশ প্ৰশিক্ষণ প্ৰদানকাৰী তথা প্ৰকল্প ৰূপায়ণকাৰী প্ৰতিষ্ঠানৰ সৈতে এই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে৷ ১.৫লাখ প্ৰব্ৰজিত শ্ৰমিকক ইতিমধ্যে হস্ৰকালীন প্ৰশিক্ষণ প্ৰদান কৰা হৈছে আৰু বাকী ১.৫লাখ প্ৰব্ৰজিত শ্ৰমিকক অগ্ৰাধিকাৰভিত্তিক প্ৰশিক্ষণ আঁচনিৰ অধীনত প্ৰশিক্ষণৰ প্ৰদানৰ প্ৰস্তুতি চলোৱা হৈছে৷

ইয়াৰ অধীনত বিশেষকৈ এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ান, আত্মনিৰ্ভৰ দৰ্জী, খুচুৰা বিক্ৰেতা সহায়ক, কাষ্টমাৰ কেয়াৰ এক্সিকিউটিভ, চিলাই মেচিন অপাৰেটৰ আৰু অন্যান্য কামৰ সহযোগী হিচাপে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে৷

দক্ষ ভাৰতৰ ধ্বজাবাহী আঁচনি পিএমকেভিৱাইৰ অধীনত হাতত লোৱা হস্ৰকালীন প্ৰশিক্ষণৰ উদ্দেশ্য হৈছে বিদ্যায়ল/মহাবিদ্যালয় আধাতে সামৰা তথা নিবনুৱা যুৱক-যুৱতীক সংস্থাপনৰ পথ বাছি ল’ব পৰাকৈ বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা৷ দক্ষ ভাৰত মন্ত্ৰালয়ে বৰ্তমানলৈকে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, ২০১৬-২০২০ৰ অধীনত ৯২লাখতকৈ অধিক প্ৰাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰিছে৷

****

YB/SK/DB



(Release ID: 1672486) Visitor Counter : 151