ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

পেন্সনাৰসকলক জীৱনত আত্মনিৰ্ভৰ হোৱাত সহযোগিতা আগবঢ়াইছে চৰকাৰে : ড০ জিতেন্দ্ৰ সিং

পেন্সনাৰকলৰ বাবে আয়োজিত ‘পাৱাৰ অব থট্ছ এণ্ড মেডিটেশ্যন ইন ক’ভিড-১৯ পেনডেমিক’ শীৰ্ষক বাৰ্তালাপমূলক অনুষ্ঠানত সম্বোধন কৰিলে ৰাজ্যিক মন্ত্ৰী ড০ সিঙে

Posted On: 10 NOV 2020 5:28PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীৰ কুশল নেতৃত্বত পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগে পেন্সনাৰসকলক ‘ডিজিটেল লাইফ চাৰ্টিফিকেট’ প্ৰদান কৰি আত্মনিৰ্ভৰ হোৱাত সহযোগিতা আগবঢ়োৱাৰ প্ৰয়াস কৰিছে বুলি মন্তব্য কৰিছে ‘উত্তৰ পূব উন্নয়ণ বিভাগ’ৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী তথা, ‘প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী প্ৰশাসন, ৰাজহুৱা অভিযোগ তথা পেন্সন, আণৱিক শক্তি আৰু মহাকাশ বিভাগ’ৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে। এই প্ৰমাণ পত্ৰ ঘৰৰ পৰাও দাখিল কৰিব পৰা যাব। ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত ‘লাইফ চাৰ্টিফিকেট’ দাখিল কৰিবলৈ অহাৰ ক্ষেত্ৰত পেন্সনাৰসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল বাবে এই প্ৰমাণ পত্ৰ দাখিলৰ নিয়মীয়া সময়সীমা ১ নৱেম্বৰ ২০২০ৰ পৰা ৩১ ডিচেম্বৰলৈ সম্প্ৰসাৰিত কৰি ইতিপূৰ্বে চৰকাৰে সিদ্দান্ত ঘোষণা কৰিছিল।

পেন্সনাৰকলৰ বাবে আয়োজিত ‘পাৱাৰ অব থট্ছ এণ্ড মেডিটেশ্যন ইন ক’ভিড-১৯ পেনডেমিক’ শীৰ্ষক বাৰ্তালাপমূলক অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি ড০ সিঙে কয় যে ক’ভিড-১৯ৰ সংক্ৰমণৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠ নাগৰিক হিচাপে পেন্সনাৰসকল অতিকে বিপদাপন্ন হ’ব পৰা গোট, সেয়ে চিকিত্সা-ঔষধ পাতিৰ লগতে তেওঁলোকৰ প্ৰতি সহযোগিতাৰ হাত আগবঢ়োৱাটো নিতান্তই জৰুৰী কথা। এই কথা উপলব্ধি কৰিয়েই চৰকাৰে ‘ডিজিটেল লাইফ চাৰ্টিফিকেট’ৰ ব্যৱস্থা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে।

‘ব্ৰহ্মকুমাৰী’ ‘ছিষ্টাৰ’ শিৱানীৰে হোৱা কথোপকথনমূলক অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰা ড০ সিঙে কয় যে পেন্সনাৰসকলৰ অভিজ্ঞতাপুষ্ট অৰিহণাৰে নিশ্চিত ভাবেই সমাজ উপকৃত হৈ আহিছে। জীৱনৰ প্ৰতি ইতিবাচক মানসিকতা গঢ়ি তোলাৰ বাবে ব্ৰহ্মকুমাৰী শিৱানীয়ে আগবঢ়োৱা বক্তব্যৰ আঁত ধৰি তেওঁ কয় যে ক’ভিড-১৯ৰ দৰে মহামাৰীৰ সংকটৰ মাজত নেতিবাচক চিন্তাধাৰা পৰিত্যাগ কৰিবলৈ হ’লে জীৱনধাৰাৰ পৰিৱৰ্তন সাধন কৰিবই লাগিব।

অনলাইন ব্যৱস্থাৰে হোৱা অনুষ্ঠানটোত ব্ৰহ্মকুমাৰী শিৱানীয়ে বক্তৃতা প্ৰদান কৰে। অনুষ্ঠানত ‘পেন্সন আৰু পেন্সনাৰ কল্যাণ বিভাগ’ৰ সচিব ড০ ক্ষেত্ৰপতি শিৱাজী আৰু যুটীয়া সচিব শ্ৰী সঞ্জীৱ নাৰায়ণ মাথুৰকে ধৰি জ্যেষ্ঠ বিষয়াবৰ্গৰ লগতে পেন্সনাৰ সংস্থাৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

*****

SNC/SS/KB



(Release ID: 1671852) Visitor Counter : 183