ভাৰতীয় নিৰ্বাচন আয়োগ
বিহাৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু বিভিন্ন ৰাজ্যৰ উপ-নিৰ্বাচন-২০২০ৰ ভোট গণনাৰ পৰিণাম বিস্তাৰৰ ব্যৱস্থা-১০ নবেম্বৰ, ২০২০ত
পোষ্ট কৰা হৈছে:
09 NOV 2020 6:10PM by PIB Guwahati
বিহাৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচন আৰু বিভিন্ন ৰাজ্যৰ উপ-নিৰ্বাচনৰ পৰিণাম আৰু ধাৰা সকলো ভোট গণনা কেন্দ্ৰৰ উপৰি নিম্নোল্লিখিত স্থানতো ১০ নবেম্বৰ, ২০২০ত পুৱা ৮ বজাৰ পৰা উপলব্ধ হ'ব।
১। ভাৰতৰ নিৰ্বাচন আয়োগৰ ৱেবছাইট https://results.eci.gov.in/ত ভোট গণনাৰ পৰিণাম প্ৰদৰ্শন কৰা হ'ব আৰু প্ৰত্যেক নিৰ্বাচন ক্ষেত্ৰৰ ভোট গণনাৰ প্ৰতিটো পৰ্যায়ৰ পৰিণাম প্ৰদৰ্শন কৰিবৰ বাবে কেইমিনিট মানৰ অন্তৰে অন্তৰে আপডেট কৰা হ'ব।
২৷ ভোট গণনাৰ পৰিণাম গুগল প্লে ষ্ট'ৰ আৰু এপ্পল এপ ষ্ট'ৰত উপলব্ধ হ'ব। ''ভোটাৰ হেল্পলাইন'' মোবাইল এপৰ দ্বাৰাও পাব পাৰে।
ৱেবছাইট/মোবাইল এপ ছিষ্টেম, ৰিটাৰ্ণিং বিষয়াৰ দ্বাৰা তেওঁলোকৰ সংশ্লিষ্ট গণনা কেন্দ্ৰৰ শেহতীয়া তথ্য প্ৰদৰ্শন কৰা হ'ব। নিৰ্বাচন আয়োগে ৰিটাৰ্ণিং বিষয়াৰ দ্বাৰা ছিষ্টেমত অন্তৰ্ভুক্ত নিজৰ সংশ্লিষ্ট ভোট গণনা কেন্দ্ৰৰ তথ্য প্ৰদৰ্শন কৰিব।
***
MR
(ৰিলিজ আই ডি : 1671636)
অতিথি কক্ষ : 148