যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়

ভিডিঅ’ বাৰ্তাৰে ‘ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২০’ৰ চতুৰ্থ তাঙৰণৰ আয়োজন সন্দৰ্ভত তথ্য ঘোষণা কৰিলে শ্ৰী সঞ্জয় ধোত্ৰেই

৮ৰ পৰা ১০ ডিচেম্বৰলৈ ‘ভাৰ্চুৱেল’ মাধ্যমেৰে অনুষ্ঠিতব্য সন্মিলনখনত ৫০+ দেশ, ৩০০০+ চিএক্সঅ’ পৰ্যায়ৰ প্ৰতিনিধি আৰু ১৫০০০+ দৰ্শকে অংশগ্ৰহণ কৰিব

Posted On: 09 NOV 2020 5:17PM by PIB Guwahati

ইণ্ডিয়া মোবাইল কংগ্ৰেছ’(আইএমচি) ২০২০ৰ চতুৰ্থ তাঙৰণ অনুষ্ঠিত কৰা সম্পৰ্কীয় তথ্যাৱলী আজি আনুষ্ঠানিক ভাবে ঘোষণা কৰে কেন্দ্ৰীয় যোগাযোগ, শিক্ষা আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী সঞ্জয় ধোত্ৰেই। মন্ত্ৰী শ্ৰী ধোত্ৰেই এক ভিডিঅ বাৰ্তা যোগে কৰা এই ঘোষণাৰ তথ্য অনুসৰি অহা ৮ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ আইএমচি ২০২০ অনুষ্ঠিত হব। ইফালে, অব্যাহত থকা কভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এইবেলিৰ আইএমচি’ ‘ভাৰ্চুৱেল মাধ্যমৰেই সম্পন্ন কৰাৰ দিহা কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ দূৰ-সংযোগ বিভাগ(ঢিঅটি)আৰু চেলুলাৰ অপাৰেটৰ্ছ এছোচিয়েশ্যন অব ইণ্ডিয়া(চিঅএটি)ৰ যুটীয়া প্ৰচেষ্টাৰে অনুষ্ঠিত হবলগীয়া সন্মানীয় সন্মিলনখনৰ তিনিদিনীয়া কাৰ্যক্ৰমত ৫০+ প্ৰতিনিধিত্ব প্ৰদানকাৰী দেশ, ১১০+বিশ্বৰ বিশিষ্ট বক্তা, ষ্টাৰ্টআপ প্ৰতিষ্ঠান, ৩০০০+ চিএক্সঅ পৰ্যায়ৰ প্ৰতিনিধি আৰু ১৫০০০+ দৰ্শকে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

ইনক্লুচীভ ইনভেশ্যন-স্মাৰ্ট ছিকিওৰ ছাষ্টেইনেবলআইএমচি ২০২০ৰ প্ৰতিপাদ্য বিষয়। ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে দিয়া আত্মনিৰ্ভৰ ভাৰত(মেক ইন ইণ্ডিয়া, স্থানীয় উত্পাদন আৰু বিশ্বৰ বাবে উত্পাদন-ৰ প্ৰয়াস)ৰ আহ্বানৰ লগত সংগতি ৰাখি আন্তঃৰাষ্ট্ৰীয় আৰু আঞ্চলিক সহযোগিতাৰ উত্তৰণ সাধন কৰা, সতত ভাৰত-সনাতন ভাৰত(প্টিকেল ফাইবাৰৰে প্ৰায় ৬ লাখখন গাঁৱক সংযুক্ত কৰা আৰু বহণক্ষম উন্নয়ণ সম্ভৱ কৰা), সমগ্ৰ ভাৰত-সক্ষম ভৰত(উদ্যমী আৰু উদ্ভাৱন) অভিযানক উত্সাহিত কৰা, বিদেশী আৰু স্থানীয় বিনিয়োগৰ বাবে অভিযান চলোৱা, দূৰ-সংযোগ আৰু ক্ৰমাত্ থন ধৰি উঠা প্ৰযুক্তি খণ্ডৰ গৱেষণা আৰু উন্নয়ণক উত্সাহিত কৰা তথা ইয়াৰ সমৰ্থনৰ বাবে নিয়ামক আৰু নীতি সম্পৰ্কীয় ব্যৱস্থাৱলীৰ দিহা কৰাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে।

*******

RCJ/M/KB

 



(Release ID: 1671570) Visitor Counter : 170