বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়

ডিএছটিয়ে দেশখনৰ দ্ৰুত-পৰিৱৰ্তনশীল ভৱিষ্যৎ প্ৰয়োজনীয়তাৰ অৰ্থে কাম কৰি আছেঃ ডিএছটিৰ সচিব অধ্যাপক আশুতোষ শৰ্মা

“বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ অতি প্ৰশস্ত দিগন্ত আছে আৰু অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ অৰ্থে কৰ্পৰেট, নীতিপ্ৰস্তুতকাৰী আৰু প্ৰতিষ্ঠানসমূহৰ বাবে ইয়াৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা মনত ৰখাটো গুৰুত্বপূৰ্ণ”: ভাৰত চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা (CEA) ডঃ কৃষ্ণমূৰ্তি সুব্ৰমণিয়াম

Posted On: 09 NOV 2020 3:00PM by PIB Guwahati

অলপতে ডিএছটিৰ ৫০ বছৰ উদযাপনৰ অৰ্থে আয়োজিত এখন ৱেবিনাৰত, বিজ্ঞান ও প্ৰযুক্তি (DST) বিভাগৰ সচিব অধ্যাপক আশুতোষ শৰ্মাই কয় যে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনক ব্যৱহাৰৰদ্বাৰা উদ্ভাৱন, ষ্টাৰ্টআপ, নতুন নিয়োগ আৰু সম্পদ সৃষ্টিত অধিক গুৰুত্বৰে ডিএছটিয়ে দেশখনৰ দ্ৰুত গতি আৰু মাত্ৰাত পৰিৱৰ্তনশীল ভৱিষ্যতৰ প্ৰয়োজনীয়তাৰ অৰ্থে কাম কৰি আছে।

“ডিএছটিয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ সকলো ক্ষেত্ৰতে সামৰ্থ্য, সক্ষমতা বৰ্ধনৰ অৰ্থে কাম কৰি আছে। যোৱা পাঁচটা বছৰত, আমাৰ বাজেট দুগুণ হৈছে আৰু সেয়ে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰখনত আমি অধিক অন্বেষণ কৰিবলৈ সক্ষম হৈছো। ইয়াৰ উদ্দেশ্য হৈছে এটা সমৃদ্ধিশালী ভৱিষ্যতৰ অৰ্থে উদ্ভাৱনৰ ব্যৱহাৰৰ দিশত দেশখনক সহায় আগবঢ়োৱা,” শৰ্মাই কয়। ডিএছটি সোণালী জয়ন্তী বক্তৃতা শৃংখল- “মহামাৰীটোৰ অন্য দিশ” ৰ অংশ হিচাপে নেশ্যনেল কাউন্সিল ফৰ চায়েন্স এণ্ড টেকন’ল’জি কমিউনিকেশ্যন (NCSTC) আৰু বিজ্ঞান প্ৰসাৰৰদ্বাৰা আয়োজিত ৱেবিনাৰত ভাষণ আগবঢ়াই তেওঁ এইদৰে কয়।

এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি, ভাৰত চৰকাৰৰ মুখ্য় অৰ্থনৈতিক উপদেষ্টা (CEA) ডঃ কৃষ্ণমূৰ্তি সুব্ৰমণিয়ামে ৰাষ্ট্ৰ-নিৰ্মাণ আৰু দেশখনৰ অৰ্থনৈতিক প্ৰগতিত বিজ্ঞান আৰু প্ৰযুক্তিৰ ভূমিকা তথা দ্ৰুত-গতিৰে পৰিৱৰ্তনশীল বিশ্বখনত ভৱিষ্যৎ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰে।

ৰাষ্ট্ৰ-নিৰ্মাণত ডিএছটিৰ ভূমিকাক আদৰণি জনাই, তেওঁ কয়, “উদ্ভাৱন হৈছে অৰ্থনৈতিক বিকাশৰ এটা অতিশয় গুৰুত্বপূৰ্ণ উপাদান। আমি এতিয়ালৈকে অতিশয় ভাল কাম কৰিছো, কিন্তু আমি যেতিয়া অহা ৫০ বছৰ আগলৈ চাম, তেতিয়া এটা সিদ্ধান্তত উপনীত হ’ম যে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৰ অতি প্ৰশস্ত দিগন্ত আছে আৰু অৰ্থনৈতিক বিকাশ আৰু সমৃদ্ধিৰ অৰ্থে কৰ্পৰেট, নীতিপ্ৰস্তুতকাৰী আৰু প্ৰতিষ্ঠানসমূহৰ বাবে ইয়াৰ ব্যৱহাৰৰ প্ৰয়োজনীয়তা মনত ৰখাটো গুৰুত্বপূৰ্ণ হব। যাৰ অৰ্থে দেশখনৰ সমস্যা সাপেক্ষে গৱেষণা ৰূপায়ণ কৰিব লাগিব। অনুসন্ধানী উদ্ভাৱন হৈছে অগ্ৰণী আৰু বিফল হোৱাৰ সম্ভাৱনাও নোহোৱা নহয়। সেয়ে, অগ্ৰণী ফলাফল অৰ্জন কৰিবলৈ এই বিফলতাক সহ্য কৰাটো উচিত।”

তেওঁলোকে তদুপৰি ক’ভিড-১৯ক লৈ অধিক সতৰ্কতা অৱলম্বন আৰু কঠোৰভাৱে ক’ভিড প্ৰট’কল মানি চলাৰ প্ৰয়োজনীতাত গুৰুত্ব আৰোপ কৰে। মাস্ক পৰিধান, ছেনিটাইজাৰ ব্যৱহাৰ আৰু ঘনাই হাত মজাৰ আহ্বান জনাই জনসমাগম পৰিহাৰ কৰি সামাজিক দূৰত্ব বজাই ৰাখিবলৈ কয়। ইউৰোপ তথা আন দেশসমূহত মহামাৰীটোৰ দ্বিতীয় আৰু তৃতীয় ঢৌ সৃষ্টিৰ পৰিপ্ৰেক্ষিততে ভাৰতৰো যাতে এই দশা নহয়, তাৰ বাবেই এই ক্ষেত্ৰত তেওঁলোকে অধিক গুৰুত্ব দিছে।

*****

NB/KGS/(DST Media Cell)/SB



(Release ID: 1671544) Visitor Counter : 170