বিত্ত আয়োগ

২০২১-২২ৰ পৰা ২০২৫-২৬বিত্তীয় বৰ্ষৰ বাবে যুগুতোৱা প্ৰতিবেদন ৰাষ্ট্ৰপতিৰ হাতত দাখিল কৰিলে ‘পঞ্চদশ বিত্ত আয়োগ’-য়ে

Posted On: 09 NOV 2020 1:00PM by PIB Guwahati

‘পঞ্চদশ বিত্ত আয়োগ’ (XVFC)ৰ অধ্যক্ষ শ্ৰী এন কে সিঙে আজি ২০২১-২২ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাবে যুগুতোৱা প্ৰতিবেদনখন ৰাষ্ট্ৰপতিৰ হাতত আনুষ্ঠানিক ভাবে দাখিল কৰে। প্ৰতিবেদন দাখিলৰ মুহূৰ্তত অধ্যক্ষগৰাকীৰ সৈতে ‘বিত্ত আয়োগ’ৰ সদস্য শ্ৰী অজয় নাৰায়ণ ঝা, অধ্যাপক অনুপ সিং, ড০ অশোক লাহীড়ি, ড০ ৰমেশ চন্দ আৰু আয়োগৰ সচিব শ্ৰী অৰৱিন্দ মেহতাও উপস্থিত থাকে।

সিদ্ধান্ত অনুসৰি বিত্ত আয়োগক ৩০ ছেপ্টেম্বৰ ২০২০ৰ ভিতৰত ২০২১-২২ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ মাজৰ পাঁচোটা বৰ্ষৰ বাবে পৰামৰ্শ দানৰ দায়িত্ব অৰ্পণ কৰা হৈছিল। যোৱাটো বৰ্ষত আয়োগে ২০২১-২২ বৰ্ষৰ বাবে যুগুতোৱা প্ৰতিবেদনখন দাখিল কৰিছিল আৰু এই প্ৰতিবেদন গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰে যোৱা ৩০ জানুৱাৰী ২০২০ত সংসদত উপস্থাপন কৰাৰ দিহা কৰিছিল।

বিভিন্ন অনন্য আৰু বিস্তৃত পৰিসৰৰ প্ৰসংগ সন্দৰ্ভত পৰামৰ্শ দানৰ পোষকতাৰে আয়োগক দায়িত্ব অৰ্পণ কৰা হৈছিল। ‘কৰ-হস্তাৰণ’, ‘স্থানীয় প্ৰশাসনলৈ পুঁজিৰ অনুমোদন’, ‘দুৰ্যোগ প্ৰশমণ-প্ৰবন্ধনলৈ অনুমোদন’ৰ লগতে ‘শক্তি খণ্ড’, ‘প্ৰত্যক্ষ লাভ হস্তাৰণৰ ব্যৱস্থা গ্ৰহণ’, ‘গোটা আৱৰ্জনাৰ প্ৰবন্ধন’ আদিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ পৰীক্ষণ তথা তেওঁলোকক পুৰস্কৃত কৰাৰ বাবে পৰামৰ্শ আগবঢ়োৱাৰো দায়িত্ব অৰ্পণ কৰা হৈছিল আয়োগক। ইফালে, প্ৰতিৰক্ষা আৰু আভ্যন্তৰীণ সুৰক্ষাৰ বাবে আবণটন কৰিবলগীয়া পুঁজিৰ ক্ষেত্ৰত কোনো পৃথক ব্যৱস্থাপনাৰ প্ৰয়োজন আছে নেকি পৰীক্ষা কৰাৰ; আৰু যদি প্ৰয়োজনীয়তা থাকে তেন্তে কেনেধৰণৰ বিধি-ব্যৱস্থাৰ প্ৰয়োজন হ’ব সেয়া নিশ্চিত কৰাৰো দায়িত্ব আয়োগৰ ওপৰত ন্যস্ত কৰা হৈছিল। ‘বিত্ত আয়োগে’ এই সকলোবোৰ চৰ্ত পূৰণৰে প্ৰতিবেদনখন যুগুতোৱাৰ প্ৰয়াস কৰিছে।

চাৰিটা খণ্ডত প্ৰতিবেদনখন যুগুতোৱা হৈছে। পূৰ্বৰ আৰ্হিতে প্ৰথম আৰু দ্বিতীয় ভাগত প্ৰতিবেদনৰ মূল প্ৰসংগ আৰু সংযোজনসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে তৃতীয়টো ভাগ কেন্দ্ৰীয় চৰকাৰ আৰু গুৰুত্বপূৰ্ণ বিভাগসমূহৰ সন্দৰ্ভত কৰা গভীৰ আলোচনা তথা মধ্য কালীন প্ৰত্যাহ্বানসমূহৰ ব্যাখ্য আৰু ইয়াৰ অতিক্ৰমণৰে আগুৱাই যোৱাৰ দিহাৰ নামত উচৰ্গা কৰা হৈছে। প্ৰতিবেদনখনৰ চতুৰ্থটো ভাগ সম্পূৰ্ণ ৰূপে উচৰ্গা কৰা হৈছে ৰাজ্যসমূহৰ নামত। প্ৰতিখন ৰাজ্যলৈ বিত্তীয় সহযোগিতা আগবঢ়োৱাৰ প্ৰসংগ বিস্তৃত আৰু গভীৰভাবে বিশ্লেষণ কৰাৰ লগতে প্ৰত্যাহ্বানসমূহ ওফৰোৱাৰ বাবে আয়োগে ৰাজ্য ভিত্তিক পৰামৰ্শও প্ৰদান কৰিছে।

কেন্দ্ৰীয় চৰকাৰে যথা বিহিত ভাবে প্ৰতিবেদনখন সংসদত দাখিল কৰিলেই ইয়াৰ সবিশেষ ৰাইজৰ বাবে উপলব্ধ কৰা হ’ব। ৰাজ্য আৰু কেন্দ্ৰৰ মাজত সমতুলতাৰ ইংগিত বহণ কৰাৰ লগতে অনন্য ৰূপতে প্ৰতিবেদনখনৰ প্ৰচ্ছদ আৰু ‘ক’ভিড কালত বিত্ত আয়োগ’(ফাইনেন্স কমিছন ইন ক’ভিড টাইমছ) শীৰ্ষক শিৰোনাম সন্নিৱিষ্ট কৰা হৈছে।



(Release ID: 1671428) Visitor Counter : 535