সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়

২০২১ বৰ্ষৰ হজৰ বাবে নিৰ্দেশনা বিধি ঘোষণা কৰিলে মুখটাৰ আব্বাছ নাকভীয়ে

মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা বিধি ৰূপায়ণ কৰা হ’ব আৰু ২০২১ৰ হজৰ সময়ত ইয়াক কঠোৰ ভবে মানি চলিব লাগিব : নাকভী

‘হজ ২০২১’ৰ বাবে অনলাইন আবেদনৰ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ হৈছে

‘হজ ২০২১’ৰ বাবে আবেদনৰ অন্তিম দিন হ’ব ১০ ডিচেম্বৰ ২০২০

‘মেহৰাম’ নোহোৱাকৈ (পুৰুষ সংগী অবিহণেই) হজলৈ যোৱাৰ বাবে ২০২০ত কৰা মহিলাৰ আবেদন ২০২১তো বৈধ হ’ব

দেশৰ ১০টা স্থান : আহমেদাবাদ, বাংগালুৰু, কোচিন, দিল্লী, গুৱাহাটী, হাইদৰাবাদ, কলকাটা লক্ষ্ণৌ, মুম্বাই আৰু শ্ৰীনগৰৰ পৰা হজ ২০২১ৰ যাত্ৰাৰম্ভ কৰা হ’ব

Posted On: 07 NOV 2020 3:57PM by PIB Guwahati

ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত কেতবোৰ সাল-সলনিৰে ২০২১ বৰ্ষৰ হজৰ বাবে কেন্দ্ৰীয় সংখ্যালঘূ  পৰিক্ৰমা বিভাগৰ মন্ত্ৰী শ্ৰী মুখটাৰ আব্বাছ নাকভীয়ে নিৰ্দেশনা বিধি ঘোষণা কৰাৰ লগতে হজ ২০২১ৰ বাবে অনলাইন আবেদনৰ প্ৰক্ৰিয়া আজিৰে পৰা আৰম্ভ কৰা হৈছে।

মুম্বাইৰ হজ হাউছত আজি হজ ২০২১ৰ ঘোষণা কৰি শ্ৰী নাকভীয়ে কয় যে মহামাৰীৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনা বিধি ৰূপায়ণ কৰা হব আৰু ২০২১ৰ হজৰ সময়ত ইয়াক কঠোৰ ভবে মানি চলিব লাগিব। হজ ২০২১ৰ বাবে আবেদনৰ অন্তিম দিন হব ১০ ডিচেম্বৰ ২০২০। আগ্ৰহীসকলে অফলাইন, অনলাইন আৰু হজ মোবাইল এপ্-ৰ জৰিয়তেও হজৰ বাবে আবেদন কৰিব পাৰিব।

২০২১ চনৰ জুন-জুলাই মাহত হজ ২০২১ৰ যাত্ৰাসূচী নিৰ্দ্ধাৰিত কৰা হৈছে আৰু কৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় হজযাত্ৰীসকলৰ স্বাস্থ্য সুৰক্ষা নিশ্চিত কৰাৰ বাবে ছৌদী আৰবীয়া আৰু ভাৰত চৰকাৰে চৰকাৰে ঘোষণা কৰা প্ৰয়োজনীয় বিধি নিৰ্দেশনাৰ আধাৰত সামগ্ৰীক প্ৰক্ৰিয়া আগবঢ়াই নিয়া হব। সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়, স্বাস্থ্য মন্ত্ৰালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়, ভাৰতৰ হজ সমিতি, ছৌদী আৰবত থকা ভাৰতীয় দূতাবাস আৰু জেদ্দাত থকা ভাৰতৰ কনছুল জেনেৰলৰ কাৰ্যালয় আৰু সংশ্লিষ্ট সংস্থাসমূহৰে কৰা বিস্তৃত আলোচনাৰ অন্তত হজ ২০২১ৰ সিদ্ধান্ত চূড়ান্ত কৰা হয়।

এই সন্দৰ্ভত মন্তব্য কৰি শ্ৰী নাকভীয়ে কয় যে কৰোনা মহামাৰী পৰিপ্ৰেক্ষিতত ছৌদী চৰকাৰে আৰোপ কৰা বিভিন্ন চৰ্তৰ ফলত হজ যাত্ৰাৰ বাবে, যোগ্যতা, বয়সৰ বাধা নিষেধ, স্বাস্থ্য আৰু সুস্থতা প্ৰয়োজনীয়তা আৰু অন্যান্য চৰ্তাৱলীৰ ক্ষেত্ৰত বিশেষ বিধি নিয়মৰ ব্যৱস্থা কৰা হৈছে।

প্ৰতিগৰাকী যাত্ৰীয়ে হজ যাত্ৰাৰ ৭২ ঘণ্টাৰ পূৰ্বে কৰোনা পৰীক্ষা সম্পন্ন কৰিব লাগিব। হজযাত্ৰীসকলে ছৌদীলৈ যাত্ৰা কৰাৰ পূৰ্বে অনুমোদিত পৰীক্ষাগাৰে প্ৰদান কৰা পিচিআৰ পৰীক্ষাৰ নেতিবাচক ফলাফলাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

মহামাৰী আৰু এয়াৰ ইণ্ডিয়া তথা অন্যন্য সংস্থাসমূহে প্ৰদান কৰা যাৱতীয় তথ্যাৱলীৰ পৰিপ্ৰেক্ষিতত হজ যাত্ৰাৰ বাবে যাত্ৰাৰম্ভ কৰা স্থানৰ সংখ্যা ১০টালৈ হ্ৰাস কৰা হৈছে বুলি তথ্য প্ৰকাশ কৰে মন্ত্ৰী শ্ৰী নাকভীয়ে। সেই অনুসৰি আহমেদাবাদ, বাংগালুৰু, কোচিন, দিল্লী, গুৱাহাটী, হাইদৰাবাদ, কলকাটা লক্ষ্ণৌ, মুম্বাই আৰু শ্ৰীনগৰৰ পৰা হজ ২০২১ৰ যাত্ৰাৰম্ভ কৰা হব।

ইফালে, মেহৰাম নোহোৱাকৈ (পুৰুষ সংগী অবিহণেই) হজলৈ যোৱাৰ বাবে ২০২০ত কৰা মহিলাসকলৰ আবেদন ২০২১তো বৈধ হব বুলি জানিবলৈ দিয়ে শ্ৰী নাকভীয়ে। মেহৰাম নোহোৱাকৈ হজ যাত্ৰাৰ বাবে ইচ্ছুক মহিলাসকলে নতুনকৈয়ো আবেদন কৰিব পাৰিব। এই শ্ৰেণীৰ অধীনত আবেদন কৰা মহিলা যাত্ৰীসকলক লটাৰী পদ্ধতিৰে নিৰ্বাচিত কৰা হব।

 

Click here to see Guidelines

*****

NB/KGS/KB



(Release ID: 1671144) Visitor Counter : 199