ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

আজি তিনি নতুন তথ্য আয়ুক্তৰ শপতগ্ৰহণ

Posted On: 07 NOV 2020 2:34PM by PIB Guwahati

আজি কেন্দ্ৰীয় তথ্য আয়োগত অনুষ্ঠিত এটি শপতগ্ৰহণ অনুষ্ঠানত মুখ্য তথ্য আযুক্ত শ্ৰী ৱাই.কে. সিনহাই তথ্য আয়ুক্ত শ্ৰী হীৰালাল চামাৰিয়া, শ্ৰীযুতা সৰোজ পুনহানী আৰু শ্ৰী উদয় মহুৰকৰক শপতবাক্য পাঠ কৰোৱায়। তেওঁলোকৰ অভিষেকৰ ফলত, কেন্দ্ৰীয় তথ্য আয়োগটোত মুখ্য তথ্য আয়ুক্তকে ধৰি তথ্য আয়ুক্তৰ মুঠ সংখ্যা ৮ লৈ বৃদ্ধি পালে।

শ্ৰী হীৰালাল চামাৰিয়া হৈছে এগৰাকী প্ৰাক্তন আইএএছ বিষয়া। অৱসৰৰ পূৰ্বে তেওঁ ভাৰত চৰকাৰৰ শ্ৰম ও নিয়োগ মন্ত্ৰালয়ৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ চিভিল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰীধাৰী। প্ৰশাসন আৰু শাসনকাৰ্য হৈছে তেওঁৰ দক্ষতাৰ ক্ষেত্ৰ।

শ্ৰীযুতা সৰোজ পুনহানী হৈছে এগৰাকী আইএওএএছ বিষয়া। কেন্দ্ৰীয় তথ্য আয়োগত তথ্য আয়ুক্ত হিচাপে যোগদানৰ পূৰ্বে, তেওঁ ভাৰত চৰকাৰৰ উপ নিয়ন্ত্ৰক ও মহা-নিৰীক্ষক (মানৱ সম্পদ ও প্ৰশিক্ষণ) পদত কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ হিউমেনিটিজৰ স্নাতক ডিগ্ৰীধাৰী। প্ৰশাসন আৰু শাসনকাৰ্য হৈছে তেওঁৰ দক্ষতাৰ ক্ষেত্ৰ।

শ্ৰী উদয় মহুৰকৰ হৈছে এগৰাকী প্ৰৱীণ সাংবাদিক। কেন্দ্ৰীয় তথ্য আয়োগত তথ্য আয়ুক্ত হিচাপে যোগদানৰ পূৰ্বে, তেওঁ এটা প্ৰসিদ্ধ সংবাদ গোষ্ঠীৰ জ্যেষ্ঠ ডেপুটী এডিটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ মহাৰাজ সয়াজীৰাও বিশ্ববিদ্যালয়ৰপৰা ভাৰতীয় ইতিহাস, সংস্কৃতি আৰু প্ৰত্নতত্ত্বত স্নাতক শিক্ষা গ্ৰহণ কৰিছিল। সংবাদ মাধ্যমত বিশাল অভিজ্ঞতা হৈছে তেওঁৰ দক্ষতাৰ ক্ষেত্ৰ।

<><><><><>

SNC/SB



(Release ID: 1671076) Visitor Counter : 99