ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যম মন্ত্ৰালয়

এমএছএমইৰ নতুন অনলাইন প্ৰণালী/উদ্যম পঞ্জীয়ন সময়োচিত ও প্ৰযুক্তিচালিত

সম্পূৰ্ণ নিৰ্বিঘ্ন ও সুচল প্ৰণালীটোৱে সুস্থিৰতা ও প্ৰাণোচ্ছলতাও প্ৰদৰ্শন কৰিছে
১ জুলাই, ২০২০ত ইয়াৰ আৰম্ভণিৰেপৰা ইতিমধ্যে ১১ লাখৰোধিক এমএছএমইৰ পঞ্জীয়ন
ইয়াৰ ভিতৰত, পেন নম্বৰৰ সৈতে ৯.২৬ লাখৰোধিক পঞ্জীয়ন
ইয়াত অন্তৰ্ভুক্ত হৈছে ১.৮০ লাখৰোধিক পুৰণি ইউএএম হ’ল্ডাৰ; ১.৭৩ লাখ প্ৰতিষ্ঠানৰ গৰাকী হৈছে মহিলা
উদ্যম পঞ্জীয়ন বৃদ্ধিৰ অৰ্থে এমএছএমই মন্ত্ৰালয়ৰ বিশেষ অভিযান আৰম্ভ
ক্ৰান্তিকালীন ব্যৱস্থা হিচাপে পেন আৰু জিএছটি অবিহনে ৩১-৩-২০২১ পৰ্যন্ত পঞ্জীয়ন

Posted On: 07 NOV 2020 10:30AM by PIB Guwahati

কেন্দ্ৰীয় এমএছএমই মন্ত্ৰালয়ৰদ্বাৰা ১ জুলাই, ২০২০ৰপৰা কাৰ্যকৰী হোৱাকৈ শুভাৰম্ভ কৰা সময়োচিত ও প্ৰযুক্তিচালিত এমএছএমইৰ নতুন অনলাইন প্ৰণালী/উদ্যম পঞ্জীয়নৰ জৰিয়তে এতিয়ালৈকে ১১ লাখৰোধিক এমএছএমইয়ে সফলতাৰে পঞ্জীয়ন কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ্য যে এমএছএমই মন্ত্ৰালয়ে এমএছএমইৰ সংজ্ঞাৰ সংশোধনী ঘটাইছে আৰু পঞ্জীয়নৰ প্ৰক্ৰিয়াটো কিছু সাল-সলনি ঘটোৱা হৈছে। ১ জুলাই, ২০২০ৰপৰা এয়া কাৰ্যকৰী কৰা যায়। তদুপৰি ই এমএছএমই/উদ্যম পঞ্জীয়নৰ অৰ্থে নতুন পৰ্টেলৰ শুভাৰম্ভ কৰে (https://udyamregistration.gov.in)। তেতিয়াৰেপৰা, পৰ্টেলটোৱে সুচলতাৰে কাৰ্যক্ষম হৈ আছে। প্ৰথমবাৰৰ বাবে এটা মূল পদক্ষেপ হিচাপে, এই পৰ্টেলটো চিবিডিটি আৰু জিএছটি নেটৱৰ্কৰ সৈতে অবিৰতভাৱে সংহত কৰা হৈছে তথা জিইএমৰ সৈতে সংহত কৰি তোলা যায়। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এই সংহতকৰণৰ জৰিয়তে, এতিয়া এমএছএমই পঞ্জীয়ন এটা সম্পূৰ্ণৰূপে কাগজহীন প্ৰক্ৰিয়া।

মন্ত্ৰালয়ে ইয়াৰ সকলোবোৰ ক্ষেত্ৰ কাৰ্যালয় যথাঃ এমএছএমই-উন্নয়ন প্ৰতিষ্ঠান, এমএছএমই প্ৰযুক্তি কেন্দ্ৰ, এনএছআইচি, কেভিআইচি, কয়ৰ ব’ৰ্ডক উদ্যম পঞ্জীয়নৰ অৰ্থে উদ্যোগীসকলক সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশনা প্ৰদান কৰিছে। একেদৰে, সকলো জিলা দণ্ডাধীশ আৰু জিলা ঔদ্যোগিক কেন্দ্ৰক এমএছএমইৰদ্বাৰা পঞ্জীয়নক ত্বৰান্বিত কৰি তুলিবলৈ অনুৰোধ জনোৱা হয়। পঞ্জীয়ন সম্পৰ্কীয় এমএছএমইৰ অভিযোগ চেম্পিয়ন প্লেটফৰ্মৰদ্বাৰা নিষ্পত্তি কৰা হৈছে। সমগ্ৰ দেশত ইয়াৰ আছে কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষ আৰু ৬৮ ৰাজ্যিক নিয়ন্ত্ৰণ কক্ষৰ নেটৱৰ্ক।

৩১ অক্টোবৰ, ২০২০ পৰ্যন্ত পঞ্জীয়নসমূহৰ (১০ লাখৰো অধিক) বিশ্লেষণ অনুসৰি, ধাৰা আৰু বিস্তৃত ছবি তলত উল্লেখ কৰা হৈছেঃ-

• মেনুফেকচাৰিং শিতানত ৩.৭২ লাখ প্ৰতিষ্ঠান পঞ্জীয়ন কৰাৰ সমান্তৰালভাৱে সেৱা খণ্ডৰ অধীনত ৬.৩১ লাখ প্ৰতিষ্ঠান পঞ্জীয়ন কৰা হৈছে।

• ক্ষুদ্ৰ প্ৰতিষ্ঠানৰ শ্বেয়াৰ হৈছে ৯৩.১৭%। ইয়াৰ বিপৰীতে লঘু আৰু মজলীয়া প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰ হৈছে ক্ৰমে ৫.৬২% আৰু ১.২১%।

• ৭.৯৮ লাখ প্ৰতিষ্ঠানৰ গৰাকী হৈছে পুৰুষ উদ্যোগী আৰু ১.৭৩ লাখ প্ৰতিষ্ঠানৰ গৰাকী হৈছে মহিলা উদ্যোগী।

• ১১,১৮৮ প্ৰতিষ্ঠানৰ গৰাকী হৈছে দিব্যাংগ উদ্যোগী।

• পঞ্জীয়ন হোৱা শীৰ্ষ ৫ ঔদ্যোগিক খণ্ড হৈছে – খাদ্য পণ্য, টেক্সটাইল, এপ্পিয়াৰেল, ফেব্ৰিকেটেড মেটেল প্ৰডাক্ট আৰু যন্ত্ৰাংশ ও সা-সঁজুলি।

• এই পঞ্জীয়নৰ্ভুক্ত ইউনিটসমূহৰদ্বাৰা ১,০১,০৩,৫১২ লোকক নিয়োগৰ সুবিধা প্ৰদান কৰা হৈছে।

• উদ্যম পঞ্জীয়নৰ অৰ্থে ৫ শীৰ্ষ ৰাজ্য হৈছেঃ মহাৰাষ্ট্ৰ, তামিল নাডু, ৰাজস্থান, উত্তৰ প্ৰদেশ আৰু গুজৰাট।

ক্ৰান্তিকালীন ব্যৱস্থা হিচাপে পেন অবিহনে ৩১-০৩-২০২১ পৰ্যন্ত পঞ্জীয়নৰ অনুমতি দিয়া হৈছে।

• একেদৰে, ক্ৰান্তিকালীন ব্যৱস্থা হিচাপে জিএছটি নম্বৰ অবিহনেও ৩১-০৩-২০২১ পৰ্যন্ত পঞ্জীয়নৰ অনুমতি দিয়া হৈছে।

যিসমূহ প্ৰতিষ্ঠানে এতিয়ালৈকে পঞ্জীয়ন কৰা নাই, সেইসমূহে এমএছএমই মন্ত্ৰালয় আৰু আন চৰকাৰী সংস্থাসমূহৰ সা-সুবিধা লাভ কৰিবলৈ পঞ্জীয়ন কৰিব লাগে। এই পঞ্জীয়ন বিনামূলীয়া আৰু কেৱল চৰকাৰী পৰ্টেল showing .gov.in তহে পঞ্জীয়ন কৰিব লাগে।

উদ্যোগীসকলক পুনৰ পৰামৰ্শ প্ৰদান কৰা হৈছে যে তেওঁলোকে যাতে ভুৱা আৰু বিভ্ৰান্তিকাৰী সংস্থা আৰু ৱেবচাইট/পৰ্টেলসমূহৰ প্ৰতি সতৰ্কতা অৱলম্বন কৰে। যিকোনো সহায়ৰ অৰ্থে, উদ্যোগীসকলে সমীপৱৰ্তী মন্ত্ৰালয়টোৰ ডিআইচি বা চেম্পিয়ন নিয়ন্ত্ৰণ কক্ষৰে যোগাযোগ কৰিব পাৰিব বা আমাৰ পৰ্টেল https://champions.gov.in ত লিখিব পাৰিব।

*****

RCJ/RNM/IA/SB



(Release ID: 1671072) Visitor Counter : 169