প্ৰতিৰক্ষা মন্ত্ৰালয়

সৈনিক স্কুলত নামভর্তিৰ প্ৰক্রিয়া (২০২০-২১শিক্ষাবর্ষ)

Posted On: 07 NOV 2020 8:59AM by PIB Guwahati

নেচনেল টেষ্টিং এজেন্সি(এনটিএ)ই দেশৰ ২৩খন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৩৩খন সৈনিক স্কুলত ষষ্ঠৰ পৰা নৱম শ্রেণী পর্যন্ত নামভর্তিৰ পৰীক্ষা অহা ১০ জানুৱাৰী, দেওবাৰে অনুষ্ঠিত কৰিব৷ ২০ অক্টোবৰৰ পৰা আৰম্ভ হোৱা অলনাইন আবেদন প্ৰক্ৰিয়া ১৯ নৱেম্বৰত অন্ত পৰিব৷ আগ্ৰহী ছাত্ৰ-ছাত্রীসকলে আবেদনপত্ৰ জমা দিয়াৰ বাবে প্ৰথমে https://aissee.nta.nic.in/ এই ৱেবছাইটত নাম পঞ্জীয়নভুক্ত কৰিব লাগিব৷ এই ক্ষেত্ৰত অধিক বিস্তৃত তথ্য http://www.nta.ac.in/ এই ৱেবছাইটত পোৱা যাব৷ ২০২১-২২ শিক্ষা বর্ষত অ’বিচি-এনচিএল শ্রেণীৰ ছাত্ৰ-ছাত্রীসকলৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে। ছাত্ৰীসকলেও এতিয়াৰে পৰা ষষ্ঠ শ্রেণীত সকলো সৈনিক স্কুলত নামভর্তি কৰিব পাৰিব৷

***

ABB/Nampi/Rajib/DB



(Release ID: 1671071) Visitor Counter : 137