প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰত-ইটালীৰ ভাৰ্চুৱেল দ্বিপাক্ষিক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ
পোষ্ট কৰা হৈছে:
06 NOV 2020 5:49PM by PIB Guwahati
এক্সেলেঞ্চী,
নমস্কাৰ!
আপোনাৰ আৰম্ভণিৰ মন্তব্যৰ বাবে আপোনাক ধন্যবাদ।
কোভিড-১৯ৰ বাবে যিদৰে আপুনি কৈছে মই মে'ত নিজৰ ইটালী যাত্ৰা স্থগিত কৰিবলগীয়া হৈছিল। ভাল কথা এইটো যে আজি আমি ভাৰ্চুৱেল মাধ্যমত লগ হ'ব পাৰিছো। সৰ্বপ্ৰথমে মই ইটালীত কৰোণা ভাইৰাছৰ বাবে হোৱা ক্ষতিৰ বাবে মোৰ আৰু ভাৰতৰ সকলো নাগৰিকৰ ফালৰ পৰা সমবেদনা ব্যক্ত কৰিছো। যি সময়ত বিশ্বৰ অন্য দেশে কৰোণা ভাইৰাছক জানিহে আছিল, বুজিবলৈ চেষ্টা কৰি আছিল, তেতিয়া আপুনি এই সংকটৰ সৈতে যুঁজি আছিল।
আপুনি সম্পূৰ্ণ সফলতাৰে এক অত্যন্ত কঠিন স্থিতিত শীঘ্ৰেই মোকাবিলা কৰিব পাৰিলে আৰু সমগ্ৰ দেশক সংগঠিত কৰিলে। মহামাৰীৰ সেই প্ৰথম মাহবোৰত ইটালীৰ সফলতাই আমাক সকলোকে অনুপ্ৰাণিত কৰিলে। আপোনাৰ অনুভৱে আমাৰ সকলোৰে পথ প্ৰদৰ্শন কৰিলে।
এক্সেলেঞ্চী,
আপোনাৰ দৰে ময়ো ভাৰত আৰু ইটালীৰ সম্পৰ্ক আৰু অধিক ব্যাপক আৰু গভীৰ কৰি তুলিবলৈ সংকল্পবদ্ধ। ২০১৮ত টেক সন্মিলনৰ বাবে আপোনাৰ ভাৰত যাত্ৰা আৰু আমাৰ সাক্ষাৎ অনেক বিষয়ক স্পৰ্শ কৰা হৈছে, ভাৰতৰ মানুহৰ মনতো ইটালীৰ প্ৰতি এক নতুন জিজ্ঞাসাৰ জন্ম দিয়া ধৰণৰ হৈছে। ই আনন্দৰ কথা যে ২০১৮ত আমাৰ বাৰ্তালাপৰ পিছত পাৰস্পৰিক আদান-প্ৰদানলৈ যথেষ্ট গতি আহিছে।
মই এই কথা জানি আনন্দিত যে ইটালীৰ সংসদে যোৱা বছৰ ইণ্ডিয়া-ইটালী ফ্ৰেইণ্ডশ্বিপ গ্ৰুপ স্থাপন কৰিছে। মই আশা কৰিছো যে কোভিডৰ স্থিতি ভাল হোৱাৰ পিছত আমি ইটালীয়ান পাৰ্লিয়ামেণ্ট মেম্বাৰ্ছক ভাৰতত আদৰণি জনোৱাৰ সুযোগ পাম।
এক্সেলেঞ্চী,
এইটো পৰিষ্কাৰ যে কোভিড-১৯ মহামাৰী ছেকেণ্ড ৱৰ্ল্ড ৱাৰৰ দৰে ইতিহাসত এক ৱাটাৰশ্বেদ হ'ব। আমি সকলোকে এই নতুন পৃথিৱীৰ বাবে পোষ্ট কৰোণা ৱৰ্ল্ডৰ বাবে নিজে নিজক এডেপ্ট কৰিব লাগিব, ইয়াৰ পৰা উৎপন্ন হ'বলগীয়া প্ৰত্যাহ্বান আৰু সুযোগৰ বাবে আমি সকলোৱে এক নতুন প্ৰস্তুতিৰে সাজু থাকিব লাগিব।
মই বিশ্বাস কৰো যে আজিৰ আমাৰ বাৰ্তালাপৰ জৰিয়তে আমাৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব, পাৰস্পৰিক বুজাপৰা বাঢ়িব আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ চিনাক্ত কৰাত সহায়ক হ'ব।
***
DS/SH/BM
(ৰিলিজ আই ডি : 1670862)
অতিথি কক্ষ : 188
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam