শক্তি মন্ত্ৰালয়

৪৫ বছৰ পূৰ্তিৰ প্ৰাকক্ষণত, ভাৰতৰ শক্তি খণ্ডৰ ৰূপান্তৰ সাধনৰ লক্ষ্যৰ কথা দোহাৰিলে এনটিপিচিয়ে

সৰ্ববৃহৎ শক্তি উৎপাদকে ক’লে ৰাষ্ট্ৰৰ সেৱাই সৰ্বোচ্চ সন্মান; অসামান্য সুযোগেৰে ভৱিষ্যৎ উজ্জ্বল বুলি

পৰৱৰ্তী দশকটোৰ আৰম্ভণিতে নৱীকৰণৰ জৰিয়তে ৩২,০০০ মেগাৱাটৰ সামৰ্থ্য আহৰণৰ পৰিকল্পনা পিএছইউটোৰ

Posted On: 06 NOV 2020 2:13PM by PIB Guwahati

শক্তি মন্ত্ৰালয়ৰ অধীনস্থ পিএছইউ এনটিপিচি লিমিটেডে ইয়াৰ প্ৰতিষ্ঠা দিৱসৰ প্ৰাকক্ষণত ৰাষ্ট্ৰ নিৰ্মাণ আৰু ভাৰতক শক্তিসম্পন্ন কৰি তোলাৰ অৰ্থে অংগীকাৰৰ কথা পুনৰ এবাৰ দোহাৰিলে। ভাৰতৰ সৰ্ববৃহ শক্তি উপাদক হিচাপে ১৯৭৫ৰ ৭ নৱেম্বৰত ইয়াৰ সমৃদ্ধিশালী যাত্ৰাৰ শুভাৰম্ভ হৈছিল আৰু দেশখনৰ প্ৰতিটো কোণ পোহৰাই তোলাত বৰঙণি আগবঢ়ায়। সম্প্ৰতি ই ভাৰতৰ শক্তি খণ্ডৰ পৰৱৰ্তী স্তৰৰ বিকাশ আৰু ৰূপান্তৰৰ অভিমুখে আগবাঢ়িছে যিয়ে অসামন্য সুযোগ আগবঢ়াব।

’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত অনলাইন প্লেটফৰ্মেৰে সামাজিক দূৰত্ব বৰ্তাই ৰাখি প্ৰতিষ্ঠা দিৱস উদযাপনৰ দিহা কৰা হৈছে। অৱশ্যে, ক’ভিড মহামাৰীৰ মাজতো এইবাৰৰ প্ৰতিষ্ঠা দিৱস এইবাবেই বিশেষ হৈ উঠিছে কিয়নো লকডাউনৰ আৰম্ভণিৰেপৰাই ৰাষ্ট্ৰখনলৈ শক্তিৰ যোগানত যাতে যতি নপৰে, সেয়া সুনিশ্চিত কৰি তুলিবলৈ এনটিপিচিয়ে দিনটোৰ সকলো সময়তে সচেষ্টতা অৱলম্বন কৰিছিল। বিদ্যু হৈছে আমাৰ জীৱনৰ এটা অপৰিহাৰ্য্য অংগ। ইয়াৰ পৰিপ্ৰেক্ষিততে লকডাউনৰ সময়ছোৱাত ২৪x৭ ইয়াৰ উপলব্ধতা অতিশয় প্ৰয়োজনীয় হৈ উঠিছিল। ইয়াৰ জৰিয়তে, জৰুৰীকালীন সেৱা যাতে ব্যাহত নহয় তথা জীৱনৰক্ষাকাৰী সা-সঁজুলিসমূহৰ কাৰ্যপন্থা যাতে এক মুহূৰ্তৰ বাবেও স্থৱিৰ হৈ নপৰে, তাত গুৰুত্ব প্ৰদান কৰা হয়। এক কথাত ক’বলৈ গ’লে এই সময়ছোৱাত এনটিপিচিৰ দায়িত্ব বৃদ্ধি পাইছিল। চাহিদাৰ বৃদ্ধি হোৱাতে এনটিপিচিয়ে অতিৰিক্ত দায়িত্ব পালন কৰে। এই সময়ছোৱাত মেডিকেল প্ৰফেশ্যনেল আৰু অত্যাৱশ্যকীয় সেৱা আগবঢ়াওঁতাসকলে ফ্ৰন্ট-লাইন ক’ভিড যোদ্ধা হিচাপে দায়িত্ব পালন কৰাৰ সমান্তৰালভাৱে শক্তি অভিযন্তাসকলক নতুন হিৰ’ হিচাপে প্ৰতিষ্ঠা কৰিলে।

এনটিপিচিয়ে যোৱা ৪৫ বছৰে ৰাষ্ট্ৰখনত শক্তি খণ্ডটোৰ বাবে ধ্বজা বহনকাৰী হৈ আহিছে। বৰ্তমান ইয়াৰ বিদ্যু শক্তি উপাদনৰ সামৰ্থ্য হৈছে ৬২ মেগাৱাট। ২০৩২ ৰ ভিতৰত এটা ১৩০ গিগাৱাটৰ কোম্পানী হৈ উঠিবলৈ এনটিপিচিয়ে পৰিকল্পনা গ্ৰহণ কৰিছে। শক্তিৰ স্বচ্ছ উস নৱীকৰণ অভিমুখে বৈশ্বিক প্ৰৱণতাক অনুসৰণ কৰি, এনটিপিচিয়ে নৱীকৰণৰ জৰিয়তে ৩২,০০০ মেগাৱাট সামৰ্থ্য আহৰণ কৰাৰ পৰিকল্পনা হাতত লৈছে। যি হ’ব পৰৱৰ্তী দশকটোৰ আৰম্ভণিতে ইয়াৰ সামগ্ৰিক শক্তি সামৰ্থ্যৰ ২৫%। সম্প্ৰতি, এনটিপিচিৰ ২,৪০৪ মেগাৱাটৰ নৱীকৰণযোগ্য শক্তি প্ৰকল্প ৰূপায়ণৰ অৱস্থাত আছে, ইয়াৰ ২৩৭ মেগাৱাট আহে এনটিপিচিৰ বৰ্তমানে থকা জলভাণ্ডাৰসমূহত অৱস্থিত ফ্লটিং ছ’লাৰ প্ৰজেক্টসমূহৰপৰা। ইয়াৰ ভিতৰত আকৌ, নন-পিপিএ ম’ডত স্থাপন কৰা ১০০ মেগাৱাট শক্তিসম্পন্ন ৰামাগুদাম ফ্লটিং ছ’লাৰটো হৈছে দেশখনৰ ভিতৰতে সৰ্ববৃহ

নৱীকৰণৰ দিশে ক্ৰমান্বয়ে ৰূপান্তৰৰ মূলতে হৈছে বহনক্ষম শক্তি উপাদন আৰু পৰিবেশক সুৰক্ষা প্ৰদান কৰিবলৈ এনটিপিচিৰ অংগীকাৰ। একে সময়তে, এফজিডি সা-সৰঞ্জাম প্ৰয়োগৰ অৰ্থে বৰ্তমানে এনটিপিচিয়ে এটা বৃহ বিনিয়োগ কৰিছে। যাৰ জৰিয়তে ৬০ গিগাৱাটৰো অধিক সামৰ্থ্য আহৰণ কৰা হৈছে।

পৰিবেশৰ প্ৰতি ইয়াৰ অংগীকাৰৰ অংশস্বৰূপে, এনটিপিচিয়ে এই খণ্ডটোৰ বাবে বহু ‘প্ৰথম’ পদক্ষেপ গ্ৰহণ কৰিছে। এনটিপিচিয়ে পথাৰত শস্যৰ অৱশিষ্ট অংশ জ্বলাই দিয়াটো ৰোধ কৰিবলৈ শক্তি উপাদনৰ অৰ্থে ইয়াক ব্যৱহাৰ কৰিছে।

এনটিপিচিৰ শক্তি প্ৰকল্পসমূহে জল ব্যৱহাৰত নতুন শিখৰত আৰোহণ কৰিছে। ইয়াৰ অৰ্থে জিৰ’ লিকুইড ডিচাৰ্জ চিষ্টেম আৰু ৰেইনৱাটাৰ হাৰ্ভেষ্টিং চিষ্টেম প্ৰৱৰ্তন কৰা হৈছে।

এনটিপিচি ইয়াৰ কৰ্মচাৰীসকলৰ অৰ্থে ভিন্ন লাৰ্ণিং ও উন্নয়ন (L&D) ব্যৱস্থাৰদ্বাৰা উকৃষ্টতাৰ প্ৰতি অংগীকাৰবদ্ধ।

অব্যাহত থকা ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত, ভাৰতৰ সৰ্ববৃহ শক্তি উপাদনকাৰী হিচাপে ই ডিজিটেল ৱেবিনাৰ অনুষ্ঠিত কৰাৰ সমান্তৰালভাৱে কৰ্মচাৰীসকল আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে অনলাইন ক’ৰ্ছ প্ৰৱৰ্তন কৰে। য’ত নতুন-নতুন পাঠ্যক্ৰমৰ সমাহাৰ ঘটোৱা যায়। যিকোনো স্থানত থকা প্ৰতিজনকে যাতে ই স্পৰ্শ কৰিব পাৰে, তাৰ ব্যৱস্থাও কৰা হয়। কৰ্মচাৰীসকলৰ কল্যাণৰ অৰ্থে এনটিপিচি আৰ্ট অৱ লিভিং, ইশা ফাউণ্ডেশ্যন আৰু আন-আন এনে সংস্থাসমূহৰ সৈতে কাম কৰিছে।

এনটিপিচিয়ে ইতিমধ্যে কয়লা, গেছ, পানী, সৌৰ আৰু বতাহত নিজৰ স্থিতি প্ৰতিপন্ন কৰাৰ সমান্তৰালভাৱে জৈৱিক সাৰ, আৱৰ্জনাৰপৰা শক্তি অভিমুখে অগ্ৰসৰ হৈছে। ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ আৰু বৈশ্বিক পৰিৱৰ্তনেৰে খোজত খোজ মিলাই এনটিপিচিয়ে নিজৰ যাত্ৰা অব্যাহত ৰাখিবলৈ সচেষ্ট হ’ব।

****

RCJ/Monika/SB



(Release ID: 1670859) Visitor Counter : 129