সাংস্কৃতিক মন্ত্ৰালয়

সংস্কৃতি মন্ত্ৰালয়ে ''মিউজিয়াম, আৰ্ট গেলাৰী আৰু প্ৰদৰ্শনী পুনৰ খুলিবলৈ'' কিন্তু কোভিড-১৯ৰ প্ৰসাৰ ৰোধ কৰিবলৈ এছঅ'পি জাৰি কৰে

মিউজিয়াম, আৰ্ট গেলাৰী আৰু প্ৰদৰ্শনী এছঅ'পি অনুসৰি ১০ নবেম্বৰ ২০২০ৰ পৰা পুনৰ খুলিবলৈ অনুমতি প্ৰদান

Posted On: 05 NOV 2020 4:39PM by PIB Guwahati

গৃহ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি আনলক ৫.০ৰ দিক-নিৰ্দেশনাৰ আধাৰত আৰু সংস্কৃতি তথা ৰচনাত্মক উদ্যোগৰ বিভিন্ন হিতধাৰকৰ পৰা পোৱা পৰামৰ্শৰ ওপৰত বিবেচনা কৰাৰ পিছত সংস্কৃতি মন্ত্ৰালয়ে আজি ''মিউজিয়াম, আৰ্ট গেলাৰী আৰু প্ৰদৰ্শনী পুনৰ খুলিবলৈ'' কিন্তু কোভিড-১৯ৰ প্ৰসাৰ ৰোধ কৰিবলৈ প্ৰতিৰোধী উপায়যুক্ত বিস্তৃত এছ অ' পি জাৰি কৰিছে। এই দিক-নিৰ্দেশনাত সেই মানক সঞ্চালন প্ৰক্ৰিয়াসমূহ (এছ অ' পি) অন্তৰ্ভুক্ত আছে যিসমূহ পালন কৰাটো মিউজিয়াম, আৰ্ট গেলাৰী আৰু প্ৰদৰ্শনী (স্থায়ী আৰু অস্থায়ী দুয়োধৰণৰ)ৰ লগতে ইয়ালৈ অহা দৰ্শকসকলৰ বাবেও প্ৰযোজ্য। মিউজিয়াম, আৰ্ট গেলাৰী আৰু প্ৰদৰ্শনীত পৰ্যাপ্ত চাফাই, টিকট ক্ৰয় আৰু আগন্তুক তথা ষ্টাফৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে এই ব্যাপক দিক-নিৰ্দেশনা জাৰি কৰা হৈছে।

 

দিক-নিৰ্দেশনাত এই কথা স্পষ্ট কৰা হৈছে যে কণ্টেইনমেণ্ট জ'নত অহা মিউজিয়াম আৰু/বা আৰ্ট গেলাৰী খোলা নহ'ব। দিক-নিৰ্দেশনাত এই কথাও কোৱা হৈছে যে ৰাজ্য/ কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰসমূহে নিজৰ স্থানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অতিৰিক্ত উপায়ৰ প্ৰস্তাৱৰ ওপৰত বিবেচনা কৰিব পাৰে। কোভিড-১৯ৰ ব্যৱস্থাপনাৰ বাবে ৰাষ্ট্ৰীয় নিৰ্দেশনা আৰু গৃহ মন্ত্ৰালয়, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়, ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ দ্বাৰা জাৰি প্ৰাসংগিক দিক-নিৰ্দেশনাৰ সকলো গতিবিধি আৰু পৰিচালনাৰ সময়ত সুচাৰুৰূপে পালন কৰিব লাগিব।

 

এই দিক-নিৰ্দেশনা তাক্ষণিক প্ৰভাৱেৰে বলৱ হ'ব আৰু পৰৱৰ্তী নিৰ্দেশ নহালৈকে বলৱ থাকিব। সংস্কৃতি মন্ত্ৰালয়ৰ অধীনস্থ মিউজিয়াম, প্ৰদৰ্শনী আৰু আৰ্ট গেলাৰী য'ত ১০ নবেম্বৰ, ২০২০ৰ পৰা পুনৰ খুলিব পৰা যায়, তাত আনকো ৰাজ্য/চহৰ/স্থানীয় আইন/নিয়ম আৰু বিনিয়মন/বলৱ থকা আনলকৰ দিক-নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি সুবিধা অনুসৰি খুলিব পৰা যায়। ''মিউজিয়াম, আৰ্ট গেলাৰী আৰু প্ৰদৰ্শনী পুনৰ খোলা'' কিন্তু কোভিড-১৯ৰ প্ৰসাৰ ৰোধ কৰিবলৈ জাৰি এছ অ' পি চাবৰ বাবে ইয়াত ক্লিক কৰক

 

কোভিড-১৯ মহামাৰীয়ে বিশ্বজুৰি মিউজিয়াম আৰু কলা ক্ষেত্ৰক প্ৰভাৱিত কৰিছে। সম্প্ৰতি মিউজিয়াম আৰু আৰ্ট গেলাৰীয়ে লাহে লাহে নিজৰ সঞ্চালন পুনৰ আৰম্ভ কৰিছে, এনে অৱস্থাত প্ৰয়োজনীয় হৈ পৰে যে কোভিড-১৯ৰ প্ৰসাৰ ৰোধ কৰা আৰু ষ্টাফ তথা আগন্তুকসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ব্যাপক দিক-নিৰ্দেশনা জাৰি কৰিব লাগে।

 

সংস্কৃতি মন্ত্ৰালয়ৰ প্ৰশাসনীয় নিয়ন্ত্ৰণৰ অধীনত থকা সকলো মিউজিয়াম আৰু আৰ্ট গেলাৰী ১৭ মাৰ্চ, ২০২০ত আদেশ জাৰি কৰি বন্ধ কৰি দিয়া হৈছিল আৰু বৰ্তমানলৈকে বন্ধ আছে। এতিয়া যিহেতু উসৱৰ বতৰ, এনে অৱস্থাত মিউজিয়াম, আৰ্ট গেলাৰী আৰু প্ৰদৰ্শনী ১০ নবেম্বৰ, ২০২০ৰ পৰা পুনৰ খুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যাতে জনসাধাৰণে ভাৰতৰ সমৃদ্ধ ঐতিহ্য এবাৰ আকৌ প্ৰত্যক্ষ কৰি আনন্দ ল'ব পাৰে। আনলকৰ দিক-নিৰ্দেশনা সময়ে সময়ে গৃহ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা হয় আৰু ই কেন্দ্ৰীয় চৰকাৰী বা অন্য প্ৰতিষ্ঠানৰ ওপৰত বলৱ হয়। ই বলৱ হোৱাটো চহৰ/ৰাজ্যত কণ্টেইনমেণ্ট জ'নৰ অধিসূচনাৰ ওপৰত নিৰ্ভৰ কৰে। ৩০ আগষ্ট, ২০২০ত জাৰি আনলক ৪.০ৰ দিক-নিৰ্দেশনাত সামাজিক দূৰত্ব, ছেনিটাইজেচনৰ দৰে কোভিড-১৯ৰ আন প্ৰট'কল পালন কৰি ২১ ছেপ্টেম্বৰ, ২০২০ৰ পৰা সামাজিক/একাডেমিক/খেল/মনোৰঞ্জন/সাংস্কৃতিক তথা ধাৰ্মিক সমাৰোহ আৰু অন্য কাৰ্যক্ৰমত ১০০জন পৰ্যন্ত মানুহ একত্ৰিত হোৱাৰ অনুমতি প্ৰদান কৰা হৈছিল।

 

৩০ ছেপ্টেম্বৰ, ২০২০ত গৃহ মন্ত্ৰালয়ে আনলক ৫.০ৰ দিক-নিৰ্দেশনা জাৰি কৰে যি বৰ্তমানলৈকে বলৱ আছে (৩০ নবেম্বৰ, ২০২০ পৰ্যন্ত ইয়াক প্ৰসাৰিত কৰা হয়)। সাংস্কৃতিক প্ৰতিষ্ঠানৰ ক্ষেত্ৰত এই দিক-নিৰ্দেশনাৰ প্ৰাসংগিক অংশ তলত দিয়া হৈছেঃ

 

iv) ১৫ অক্টোবৰ, ২০২০ৰ পৰা কণ্টেইনমেণ্ট জ'নৰ বাহিৰত থকা চিনেমা/থিয়েটাৰ/মাল্টিপ্লেক্স বহাৰ ৫০% ক্ষমতাসহ খোলাৰ অনুমতি থাকিব যাৰ বাবে এছ অ' পি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা জাৰি কৰা হ'ব।

 

v) মনোৰঞ্জন পাৰ্ক আৰু এনেকুৱা অন্য স্থান ১৫ অক্টোবৰ, ২০২০ৰ পৰা খোলাৰ অনুমতি থাকিব যাৰ বাবে এছ অ' পি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় (এমঅ'এইচএফডব্লিউ)ৰ দ্বাৰা জাৰি কৰা হ'ব।

 

vi) ১৫ অক্টোবৰ, ২০২০ৰ পৰা কণ্টেইনমেণ্ট জ'নৰ বাহিৰত ব্যৱসায়ীৰ পৰা ব্যৱসায়ী (বি টু বি) প্ৰদৰ্শনীৰ অনুমতি থাকিব যাৰ বাবে এছ অ' পি বাণিজ্য বিভাগৰ দ্বাৰা জাৰি কৰা হ'ব।

 

vii) কণ্টেইনমেণ্ট জ'নৰ বাহিৰত সামাজিক/একাডেমিক/খেল/মনোৰঞ্জন/সংস্কৃতি/ ধাৰ্মিক/ৰাজনৈতিক সমাৰোহ আৰু অন্য ধৰণৰ সমূহক ১০০জন পৰ্যন্ত মানুহ একত্ৰিত হোৱাৰ অনুমতি পূৰ্বেই দিয়া হৈছে। ১০০জনতকৈ অধিক লোকৰ সভাক কণ্টেইনমেণ্ট জ'নৰ বাহিৰত, ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশে ১৫ অক্টোবৰ, ২০২০ৰ পিছত অনুমতি দিব পাৰে। এই অনুমতি নিম্নোল্লিখিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিব পাৰেঃ

 

ক) বন্ধ স্থানত অধিকতম ২০০জন লোক পৰ্যন্ত, হলৰ ক্ষমতাৰ অধিকতম ৫০%ৰ অনুমতি থাকিব। ফেইচ মাস্ক পিন্ধা, এজনে আনজনৰ পৰা দূৰত্ব বজাই ৰখা, থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা আৰু হাত ধোৱা বা ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৱশ্যকীয় হ'ব।

 

খ) মুকলি ঠাইত পথাৰ/স্থানৰ আকৰৰ প্ৰতি মনোযোগ দি আৰু এজনে আনজনৰ পৰা দূৰত্ব বজাই ৰখা, ফেইচ মাস্ক পিন্ধাৰ অনিবাৰ্যতা, হাত ধোৱা আৰু ছেনিটাইজাৰ বা থাৰ্মেল স্কেনিঙৰ ব্যৱস্থা সুচাৰুৰূপে পালন কৰিব লাগিব।

 

এনেধৰণৰ সভাসমূহক বিনিয়মিত কৰা আৰু সুচাৰুৰূপে এই নিয়মবিলাক বলৱ কৰিবৰ বাবে ৰাজ্য/কেন্দ্ৰীয় শাসিত প্ৰদেশৰ চৰকাৰসমূহে বিস্তৃত এছ অ' পি জাৰি কৰিব।

 

 

*******

NB/AKJ/OA



(Release ID: 1670493) Visitor Counter : 181