হাউছিং আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়

শিশু, শুশ্ৰূষা কৰা সকল আৰু পৰিয়ালসমূহৰ জীৱনৰ গুণগতমান উন্নত কৰাৰ বাবে সমাধানসমূহৰ চিনাক্তকৰণ, নতুন উপায় সন্ধান আৰু নিকটৱৰ্তী প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে চহৰসমূহ বিকশিত কৰিব লাগিব

‘ডাটাৰ সংস্কৃতি’ৰ নিৰ্মাণত চহৰসমূহৰ সাহায্যৰ বাবে ডিএমএৰ দ্বিতীয় চক্ৰ

নগৰ স্থানীয় নিগমত ডাটা আধাৰিত নিৰ্ণয় প্ৰক্ৰিয়াৰ বাবে মাৰ্গদৰ্শিত ই-লাৰ্ণিঙৰ বাবে চিডিঅ’ প্ৰশিক্ষণ কাৰ্যসূচী

হৰদ্বীপ সিং পুৰীয়ে ‘‘নিকটৱৰ্তী প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা, ডাটা ক্ষমতা মূল্যাংকনৰ ৰূপৰেখা’’ কাৰ্যসূচীৰ দ্বিতীয় অংশ আৰু নগৰ ডাটা বিষয়াসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচীৰ উদঘাটন কৰে

Posted On: 04 NOV 2020 4:25PM by PIB Guwahati

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ বাবে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ) শ্ৰী হৰদ্বীপ সিং পুৰীয়ে আজি আয়োজিত এক কাৰ্যসূচীত তিনিটা পদক্ষেপ মুকলি কৰে৷ শিশু আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে চহৰসমূহক আকাৰ প্ৰদান কৰাত গুৰুত্ব প্ৰদান কৰি নিকটৱৰ্তী প্ৰত্যাহ্বানসমূহৰ বাবে মোকাবিলা কৰা; নগৰসমূহৰ ডাটা পৰিস্থিতিক তন্ত্ৰৰ মূল্যাংকন কৰাৰ বাবে ডাটা ক্ষমতা মূল্যাংকন আন্তঃগাঁথনি আৰু ১০০ স্মাৰ্ট চহৰৰ নগৰ ডাটা বিষয়া (চিডিঅ’)ৰ বাবে এক অনলাইন প্ৰশিক্ষণ কাৰ্যসূচী৷ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব শ্ৰী দুৰ্গা শংকৰ মিশ্ৰা, মন্ত্ৰালয়ৰ জ্যেষ্ঠ অধিকাৰী আৰু অন্য হিতাধিকাৰীসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

নিকটৱৰ্তী প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ ৩ বছৰৰ এক যোজনা আছে য’ত সাৰ্বজনিক পৰ্যায়ত শিশু, শুশ্ৰূষা কৰা অভিভাৱক আৰু পৰিয়ালসমূহৰ জীৱনৰ গুণগতমান উন্নত কৰাৰ সমাধানসমূহ চিনাক্ত কৰা, নতুন উপায় সন্ধান কৰা  আৰু নিকটৱৰ্তী প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰাৰ বাবে চহৰসমূহ বিকশিত কৰিব লাগিব৷ এই কাৰ্যসূচী ডব্লিউআৰআই ইণ্ডিয়াৰ পৰা লাভ কৰা প্ৰযুক্তিগত সাহায্যৰ সৈতে নেডাৰলেণ্ডৰ বাৰ্নাৰ্ড বেন লীৰ ফাউণ্ডেচন নেডাৰলেণ্ডৰ সহযোগত আয়োজন কৰা হৈছে৷ প্ৰত্যাহ্বানৰ জৰিয়তে নিৰ্বাচিত চহৰসমূহক উদ্যান আৰু মুকলি স্থানসমূহক পুনৰ মুকলি কৰাৰ বাবে প্ৰযুক্তিগত সাহায্য আৰু ক্ষমতা-নিৰ্মাণ প্ৰদান কৰা হ’ব; শৈশৱৰ সুবিধাসমূহৰ সংস্কাৰ; শিশু আৰু পৰিয়ালৰ বাবে সুলভ, সুৰক্ষিত, খোজ কঢ়াৰ যোগ্য পথৰ নিৰ্মাণ কৰা হ’ব৷  এই প্ৰত্যাহ্বান সকলো স্মাৰ্ট চহৰ, পাঁচ লাখতকৈ অধিক আবাদীৰ অন্য চহৰ তথা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত প্ৰদেশৰ ৰাজধানীসমূহৰ বাবেও হ’ব৷

 

 

​***​

RJ/MANN



(Release ID: 1670300) Visitor Counter : 158