কেবিনেট

স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ইজৰাইলৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

Posted On: 04 NOV 2020 3:30PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ইজৰাইলৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷ এই চুক্তিয়ে সামৰি লোৱা সহযোগিতাৰ দিশবোৰ হৈছেঃ

(i) চিকিসক আৰু অন্যান্য স্বাস্থ্য কৰ্মীৰ বিনিময় আৰু প্ৰশিক্ষণ;

(ii)মানৱ সম্পদ উন্নয়ন আৰু স্বাস্থ্য সুবিধা গঢ় দিয়াত সহযোগিতা আগবঢ়োৱা;

(iii)ঔষধ, চিকিসা সঁজুলি আৰু কছমেটিক সামগ্ৰীৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় তথ্য বিনিময় কৰা;

(iv)জলবায়ু সম্বন্ধীয় বিপদৰ ক্ষেত্ৰত নাগৰিকৰ স্বাস্থ্যৰ আশংকাৰ মূল্যায়ন আৰু নিয়ন্ত্ৰণৰ উদ্দেশ্যে জন স্বাস্থ্য সম্পৰ্কীয় কাম-কাজৰ বিষয়ত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা;

(v) জলবায়ু সহনশীল আন্তঃগাঁথনিৰ লগতেগ্ৰীণ হেল্থকেয়াৰ বিকাশৰ বাবে সহযোগিতা আগবঢ়োৱাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা;

(vi)বিভিন্ন প্ৰাসংগিক ক্ষেত্ৰত পাৰস্পৰিক গৱেষণাত উদ্গনি যোগোৱা;

(vii)পৰস্পৰে নিৰ্ধাৰণ কৰা যিকোনো ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা ইত্যাদি বিষয়বোৰ সামৰি লৈছে৷

প্ৰতিখন দেশৰ প্ৰতিনিধিসকলক সহযোগিতা সম্পৰ্কীয় মেজমেল, আলোচনা-চক্ৰ, সভা-সমিতি, কৰ্মশালা আৰু সন্মিলন আয়োজন কৰাৰ বাবে উদ্গনি যোগোৱা হ’ব৷

******

VRRK/DB



(Release ID: 1670237) Visitor Counter : 146