পৰ্যটন মন্ত্ৰালয়
‘প্ৰসাদ’ আঁচনিৰ অধীনত কেৰালাৰ গুৰুভায়ুৰত স্থাপন কৰা এটা পৰ্যটক সেৱা কেন্দ্ৰ ‘ভাৰ্চুৱেল’ ব্যৱস্থাৰে মুকলি কৰিলে কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলে
চিনাক্ত কৰা তীৰ্থস্থান আৰু ঐতিহ্য ক্ষেত্ৰসমূহৰ সংহত বিকাশ সাধনৰ উদ্দেশ্য আগত ৰাখি ২০১৪-১৫ বৰ্ষত পৰ্যটন মন্ত্ৰালয়ে ‘প্ৰসাদ’ আঁচনি ঘোষণা কৰিছিল
प्रविष्टि तिथि:
04 NOV 2020 2:04PM by PIB Guwahati
‘প্ৰসাদ’ আঁচনিৰ অধীনত কেৰালাৰ গুৰুভায়ুৰত স্থাপন কৰা এটা পৰ্যটক সেৱা কেন্দ্ৰ ‘ভাৰ্চুৱেল’ ব্যৱস্থাৰে মুকলি কৰিলে কেন্দ্ৰীয় পৰ্যটন আৰু সংস্কৃতি বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী শ্ৰী প্ৰহ্লাদ সিং পেটেলে। বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্য মন্ত্ৰী শ্ৰী ভি মুৰলীধৰণ আৰু কেৰালা চৰকাৰৰ সমবায়, পৰ্যটন আৰু দেৱাশ্ৰম বিভাগৰ মন্ত্ৰী শ্ৰী কড়াক্মপল্লী সুৰেন্দ্ৰনেও এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে।

অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পেটেলে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা পুঁজিৰ উচিত ব্যৱহাৰ কৰি আন্তঃৰাষ্ট্ৰীয় মানৰ সেৱা কেন্দ্ৰ স্থাপন কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কাম-কাজক ভূয়সী প্ৰশংসা কৰে। তেওঁ পৰ্যটন ক্ষেত্ৰৰ উন্নয়ন সম্পৰ্কীয় সকলো পদক্ষেপলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে।

চিনাক্ত কৰা তীৰ্থস্থান আৰু ঐতিহ্য ক্ষেত্ৰসমূহৰ সংহত বিকাশ সাধনৰ উদ্দেশ্য আগত ৰাখি ২০১৪-১৫ বৰ্ষত পৰ্যটন মন্ত্ৰালয়ে ‘নেশ্যনেল মিছন অন ৰিজুভেনেশ্যন এণ্ড স্পিৰিচুৱেল, হেৰিটেজ অগমেণ্টেশ্যন ড্ৰাইভ’ চমুকৈ ‘প্ৰসাদ’ শাৰ্ষক আঁচনিখন ঘোষণা কৰিছিল।
****
NB/AKJ/OA/KB
(रिलीज़ आईडी: 1670229)
आगंतुक पटल : 220
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
हिन्दी
,
Marathi
,
Bengali
,
Manipuri
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam