PIB Headquarters

ক’ভিড-১৯ সন্দৰ্ভত পিআইবিৰ দৈনিক বুলেটিন

Posted On: 04 NOV 2020 5:56PM by PIB Guwahati

(বিগত ২৪ ঘণ্টাত প্ৰকাশিত ক’ভিড-১৯ সম্পৰ্কীয় প্ৰেছ বিজ্ঞপ্তি, পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুট আৰু পিআইবিৰ ফেক্ট চেকসমূহ ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে)

#Unite2FightCorona

#IndiaFightsCorona

Image

নিম্ন হাৰৰ চিকিসাধীন ৰোগীৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে ভাৰতে; ষষ্ঠ দিনৰ বাবে চিকিসাধীন ৰোগীৰ সংখ্যা ৬লাখৰ তলত আছে; আৰোগ্যৰ হাৰ ৯২% অতিক্ৰম

প্ৰতিদিনে সৰ্বাধিক সংখ্যাৰ ক’ভিড ৰোগীৰ আৰোগ্য হোৱাৰ ফলত মৃত্যুৰ হাৰ একেৰাহে হ্ৰাস পাই অহাৰ লগতে ভাৰতত চিকিসাধীন ৰোগীৰ নিম্নগামীতাও অক্ষুণ্ণ আছে৷ একেৰাহে ষষ্ঠ দিনৰ বাবে চিকিসাধীন ৰোগীৰ সংখ্যা ৬লাখৰ তলত আছে৷ আজিৰ দিনটোত ভাৰতত চিকিসাধীন ৰোগীৰ সংখ্যা ৫,৩৩,৭৮৭জন হৈছে৷ বৰ্তমান দেশত মুল আক্ৰান্তৰ বিপৰীতে চিকিসাধীন ৰোগীৰ হাৰ ৬.৪২% হৈছে৷ ১৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০লাখ লোকৰ বিৰীতে আক্ৰান্তৰ সংখ্যা ৰাষ্ট্ৰীয় গড় হাৰতকৈ নিম্ন৷ দেশত এতিয়া চিকিসাধীন ৰোগীৰ সংখ্যা ৭৬.৫লাখলৈ বৃদ্ধি পাইছে৷ ইফালে, দেশৰ ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ ৯২.৯%লৈ উন্নীত হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ৫৩,৩৫৭জন ৰোগী আৰো্গ্য হোৱাৰ বিপৰীতে ৪৬,২৫৩জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আৰোগ্যৰ হাৰ ৰাষ্ট্ৰীয় হাৰতকৈ অধিক৷ দেশত নমূনা পৰীক্ষাৰ সক্ষমতা দ্ৰুতগতিত বৃদ্ধি কৰা হৈছে৷ দেশত সামূহিক পৰীক্ষাৰ ১১,২৯,৯৮,৯৫৯টা হৈছে৷ বিগত ২৪ ঘণ্টাত দেশত ১২,০৯,৬০৯টা নমূনা পৰীক্ষা কৰা হৈছে৷ ২৫খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০ লাখ লোকৰ বিপৰীতে নমূনা পৰীক্ষাৰ ৰাষ্ট্ৰীয় হাৰ উন্নত হৈছে৷ নতুনকৈ আৰোগ্য হোৱা ৰোগীৰ ৭৮%ই ১০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ কেৰালাত ৮,০০০তকৈ অধিক ৰোগী আৰোগ্য হৈছে৷ ইফালে, নতুনকৈ আক্ৰান্ত হোৱা লোকৰ ৭৬%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ ইয়াৰে ভিতৰত কেৰালাত সৰ্বাধিক ৬,০০০ আৰু দিল্লী আৰু মহাৰাষ্ট্ৰত ৪,০০০তকৈ অধিক লোক আক্ৰান্ত হৈছে৷বিগত ২৪ ঘণ্টাত দেশত ৫১৪জন ৰোগী ক’ভিডত মৃত্যু হৈছে৷ ইয়াৰে ৮০%ই ১০খন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ৷ মহাৰাষ্ট্ৰত সৰ্বাধিক ১২০ৰোগীৰ লগতে পশ্চিমবংগত ৫৯জন ৰোগীৰ মৃত্যু হৈছে৷ ভাৰতত ক’ভিডৰ মৃত্যুৰ হাৰ ১.৪৯%লৈ নিম্নগামী হৈছে৷ ২১খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰতি ১০লাখ লোকৰ বিপৰীতে মৃত্যুৰ হাৰ কম৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1669975

 

স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ইজৰাইলৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেট বৈঠকত স্বাস্থ্য আৰু ঔষধৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে ভাৰত আৰু ইজৰাইলৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷ এই চুক্তিয়ে চিকিসক আৰু অন্যান্য স্বাস্থ্য কৰ্মীৰ বিনিময় আৰু প্ৰশিক্ষণ; মানৱ সম্পদ উন্নয়ন আৰু স্বাস্থ্য সুবিধা স্থাপনত সহযোগিতা; ঔষধ, চিকিসা সঁজুলি আৰু কছমেটিক সামগ্ৰীৰ নিয়ন্ত্ৰণ সম্পৰ্কীয় তথ্য বিনিময়; জলবায়ু সম্বন্ধীয় বিপদৰ ক্ষেত্ৰত নাগৰিকৰ স্বাস্থ্যৰ আশংকাৰ মূল্যায় আৰু নিয়ন্ত্ৰণৰ উদ্দেশ্যে জন স্বাস্থ্য সম্বন্ধীয় কাম-কাজৰ বিষয়ে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা; জলবায়ু সহনশীল আন্তঃগাঁথনিৰ লগতেগ্ৰীণ হেল্থকেয়াৰ বিকাশৰ বাবে সহযোগিতা আগবঢ়োৱাৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা; বিভিন্ন প্ৰাসংগিক ক্ষেত্ৰত পাৰস্পৰিক গৱেষণাত উদ্গনি যোগোৱা; পৰস্পৰে নিৰ্ধাৰণ কৰা যিকোনো ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা ইত্যাদি বিষয়বোৰ সামৰি লৈছে৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1670008

 

ভাৰত আৰু ব্ৰিটেইনৰ মাজত চিকিসা সামগ্ৰী উপাদনৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তি কেবিনেটৰ অনুমোদন

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় মন্ত্ৰী সভাই কেন্দ্ৰীয় ঔষধি মানক নিয়ন্ত্ৰণ সংগঠন (চিডিএছচিঅ'), ভাৰত আৰু ব্ৰিটেইন চিকিসা তথা স্বাস্থ্য সঁজুলিৰ উপাদন নিয়ামক সংস্থা (ইউকে এমএইচআৰএ)ৰ মাজত চিকিসা সামগ্ৰী উপাদনৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ লক্ষ্যৰে স্বাক্ষৰিত বুজাবুজি চুক্তিত অনুমোদন জনাইছে৷

অধিক বিৱৰণৰ বাবেঃ https://pib.gov.in/PressReleseDetail.aspx?PRID=1670014

 

নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োগকাৰীৰ ঘূৰণীয়া মেজমেলত পৌৰহিত্য কৰিব প্ৰধানমন্ত্ৰীয়ে


অহা ৫ নৱেম্বৰ, ২০২০ত ‘ভাৰ্চুৱেল’ মাধ্যমৰে অনুষ্ঠিতব্য এক ‘বিশ্ব বিনিয়োগকাৰীৰ ঘূৰণীয়া মেজমেল’(ভিজিআইআৰ)ত পৌৰহিত্য কৰিব প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে। ‘ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়’ আৰু ‘ৰা্ষ্ট্ৰীয় বিনিয়োগ আৰু আন্তঃগাঁথনি’ সম্পৰ্কীয় পুঁজিয়ে এই মেজমেলৰ আয়োজন কৰিছে। পৃথিৱীৰ অগ্ৰণী বিনিয়োগকৰ্তা সংগঠনৰ সৈতে ভাৰতীয় বাণিজ্যিক নেতৃত্ব, ভাৰত চৰকাৰৰ শীৰ্ষ সিদ্ধান্ত গ্ৰহণকাৰী তথা বিত্তীয় বিপণন নিয়ামক প্ৰাধিকাৰীসকলে প্ৰত্যক্ষ ভাবে মত বিনিময়ৰ অনন্য সুযোগ প্ৰদান কৰিব এই অনুষ্ঠানে। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী, বিত্ত ৰাজ্য মন্ত্ৰী, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰায় ৬ ত্ৰিলিয়ন মাৰ্কিন ডলাৰ পৰিমাণৰ সম্পদ প্ৰবন্ধনৰে জড়িত পৃথিৱীৰ একুৰি বৃহত্তম ‘পেন্সন আৰু সাৰ্বভৌম সম্পদ পুঁজি’ৰ শীৰ্ষ পদাধিকাৰীয়ে এই মেজমেলত অংশগ্ৰহণ কৰিব। এইসকল আনুষ্ঠানিক বিনিয়োগকৰ্তাই মূলতঃ ইউনাইটেড ষ্টেটছ অব আমেৰিকা, ইউৰোপ, কানাডা, কোৰিয়া, জাপান, মধ্য প্ৰাচ্য, অষ্ট্ৰিয়া আৰু ছিংগাপোৰক প্ৰতিনিধিত্ব আগবঢ়াব। মেজমেলত এইসমূহ শীৰ্ষ পুঁজি সংস্থাৰ শীৰ্ষ পদাধিকাৰী যথা: মুখ্য কাৰ্যবাহী বিষয়া আৰু মুখ্য বিনিয়োগ বিষয়াই অংশগ্ৰহণ কৰিব। প্ৰণিধানযোগ্য যে, ইয়াৰে একাংশ বিনিয়োগকৰ্তাই এই প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰৰ সৈতে মত বিনিময় কৰিব। বিশ্বৰ ভিন্ন প্ৰান্তৰ বিনিয়োগ সংস্থাসমূহৰ উপৰি ভাৰতৰো বহুকেইটা শীৰ্ষ স্থানীয় বিনিয়োগ প্ৰতিষ্ঠানে মেজমেলত ভাগ ল’ব। ভাৰতৰ অৰ্থনৈতিক আৰু বিনিয়োগ দৃশ্যপটৰ লগতে ৫ ত্ৰিলিয়ন অৰ্থনীতিৰ বাবে চৰকাৰে গ্ৰহণ কৰা সংস্থাগত সংস্কাৰ অভিযান আৰু চৰকাৰৰ দৃষ্টিভংগী সম্পৰ্কীয় প্ৰসংগৰ আলোচনাই মেজমেলত স্থান পাব।

 

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1669799

 

ৰাষ্ট্ৰসংঘৰ মহিলাৰ সহযোগত মাইগভে আয়োজন কৰা ক’ভিড-১৯ শ্ৰী শক্তি চেলেঞ্জত মহিলাৰ নেতৃত্বত ৬টা ষ্টাৰ্ট আপে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে

ৰাষ্ট্ৰসংঘৰ মহিলাৰ সহযোগত মাইগভে আয়োজন কৰা ক’ভিড-১৯ শ্ৰী শক্তি চেলেঞ্জত মহিলাৰ নেতৃত্বত ৬টা ষ্টাৰ্ট আপে শ্ৰেষ্ঠত্ব অৰ্জন কৰিছে৷ মহিলাসকলক অভিনৱ উদ্ভাৱনৰ ক্ষেত্ৰত ষ্টাৰ্ট আপৰ নেতৃত্ব প্ৰদানত উসাহিত কৰাৰ লক্ষ্যৰে এই প্ৰতিযোগিতাৰ আয়োজন কৰা হয়৷ তদুপৰি, তেওঁলোকে ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে ইয়াৰ প্ৰভাৱৰ ফলত দেখা দিয়া সমস্যাৰ সমাধানত সফল হয়৷ চলিত বৰ্ষৰ এপ্ৰিলত এই প্ৰতিযোগিতাৰ আৰম্ভ কৰা হয়৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1669816

চেন্নাইৰ চতুৰ্থ বেটেলেয়িন চেণ্টাৰত ১০খন বিছনাযুক্ত ভাসমান হাস্পতাল আৰু আইছ’লেচন চেণ্টাৰ মুকলি কৰিলে ড০ হৰ্ষ বৰ্ধনে

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যান, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, ভূ-বিজ্ঞান মন্ত্ৰী ড০ হৰ্ষ বৰ্ধনে ভিডিঅ’ কনফাৰেন্সিংযোগে চেন্নাইৰ চতুৰ্থ বেটেলেয়িন চেণ্টাৰত চিএছআইআৰে নিৰ্মাণ কৰা ১০খন বিছনাযুক্ত ভাসমান হাস্পতাল আৰু আইছ’লেচন চেণ্টাৰ মুকলি কৰিলে ড০ হৰ্ষ বৰ্ধনে৷ এই উপলক্ষে আগবঢ়োৱা ভাষণত মন্ত্ৰীগৰাকী চিএছআইআৰ-এছইআচি আৰু ইয়াৰ বিজ্ঞানীসকলৰ লগতে ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমণ বিভাগৰ অভিনৱ কৌশলৰ বাবে অভিনন্দন জ্ঞাপন কৰে৷ এই চিকিসালয়ে ৰোগীসকলক এক নিৰাপদ, সুৰক্ষিত আৰু আৰামদায়ক পৰিৱেশ প্ৰদান কৰিব৷ এই ভাসমান হাস্পতালৰ ম্যাদ ২০ বছৰ৷

অধিক বিৱৰণৰ বাবে: https://pib.gov.in/PressReleseDetail.aspx?PRID=1660070

 

পিআইবিৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ ইনপুটসমূহ

  • মহাৰাষ্ট্ৰঃ ক’ভিড-১৯ ৰোগীৰ সংখ্যা সৰ্বাধিক হ’লেও বিগত ১৫ দিনত ৰোগী আৰু মৃত্যুৰ সংখ্যা আধা হ্ৰাস পাইছে মহাৰাষ্ট্ৰত৷ অৱশ্যে বিশেষজ্ঞসকলে জনোৱা মতে ৰাজ্যখনত জানুৱাৰী মাহত শীত আৰু দীপাৱলীৰ লগতে মানুহৰ মাজত বৃদ্ধি পোৱা সম্পৰ্কৰ ফলতে আক্ৰান্ত লোকৰ সংখ্যা আকৌ বৃদ্ধি পোৱা আশংকা আছে৷ ৰাজ্যখনত বৰ্তমান ১.১৬লাখ ৰোগী চিকিসাধীন হৈ আছে৷
  • গুজৰাটঃ বিগত ২৪ ঘণ্টাত গুজৰাটত ৯৫৪জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ আৰোগ্যৰ হাৰ ৰাজ্যখনত ৯০.৭৮%লৈ উন্নীত হৈছে৷ এতিয়ালৈকে মুঠ ১,৭৫,৬৩৩জন লোক আক্ৰান্ত হোৱা গুজৰাটত বৰ্তমান ১২,৪৫১জন ৰোগী চিকিসাধীন হৈ আছে৷
  • ৰাজস্থানঃ ৰাজ্যখনত একেৰাহে তৃতীয় দিনাও চিকিসাধীন ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ ১৩ৰপৰা ৩১ অক্টোবৰলৈ গ্ৰহণ কৰা পদক্ষেপৰ ফলত চিকিসাধীন ৰোগীৰ সংখ্যা ২১,৯২৪ৰ পৰা ১৫,১০২লৈ হ্ৰাস পাইছিল যদিও মঙলবাৰে নতুনকৈ ১,৭২৫জন লোক আক্ৰান্ত হোৱাৰ ফলত পুনৰ ৰোগীৰ সংখ্যা ১৬,৩৮৫জনলৈ বৃদ্ধি পাইছে৷
  • চত্তীশগড়ঃ মঙলবাৰে নতুনকৈ আক্ৰান্ত ১,৭২৪জন ৰোগীসহ চত্তীশগড়ত মুঠ ক’ভিড ৰোগীৰ সংখ্যা ১.৯২লাখলৈ বৃদ্ধি পাইছে৷
  • অসমঃ কালি অসমত ৩৭৯জন লোক নতুনকৈ আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৭৩জন ৰোগী ডিছচাৰ্জড দিয়া হৈছে৷ মুঠ ২,০৭,৩৬১জন ৰোগীৰ ভিতৰত এতিয়ালৈকে ১,৯৮,০৩৯জন আৰোগ্য হোৱাৰ বিপৰীতে ৮,৩৮৫জন ৰোগী চিকিসাধীন হৈ আছে আৰু ৯৩৪জন ৰোগীৰ মৃত্যু হৈছে৷
  • মেঘালয়ঃ ৰাজ্যখনত কালি নতুনকৈ ৬৩জন লোক আক্ৰান্ত হৈছে৷ বৰ্তমান ৯৭১জন ৰোগী চিকিসাধীন হৈ থকাৰ বিপৰীতে এতিয়ালৈকে ৮,৬৮০জন ৰোগী আৰোগ্য হৈছে৷
  • মিজোৰামঃ ৰাজ্যখনৰ ১০১জন লোক কালি নতুনকৈ আক্ৰান্ত হৈছে৷ মুঠ ২,৮৯৩ ক’ভিড ৰোগীৰ বৰ্তমান ৫১৬জন ৰোগী চিকিসাধীন হৈ আছে৷
  • নাগালেণ্ডঃ ৰাজ্যখন কালি ৫৫জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ ইয়াৰে ৩৯জন ডিমাপুৰ, ১৩জন ক’হিমা, ২জন মন আৰু ১জন পেৰেনৰ৷
  • ছিকিমঃ ৰাজ্যখনত কালি ৬২জন লোক নতুনকৈ আক্ৰান্ত হৈছে৷ মুঠ ৪,০৬৭জন ৰোগীৰ ভিতৰত এতিয়ালৈকে ৩,৬৫৭জন ৰোগী আৰোগ্য হৈছে আৰু ২৫৪জন ৰোগী চিকিসাধীন হৈ আছে৷
  • কেৰালাঃ সাৱৰীমলা মন্দিৰত অনুষ্ঠিত হ’বলগীয়া মান্দালা-মকৰাভিলাক্কু তীৰ্থযাত্ৰীৰ অনলাইন বুকিং কেৱল দুদিনৰ বাবে মুকলি কৰি বন্ধ কৰি দিয়া হয়৷ এই মন্দিৰ ১৫ নৱেম্বৰত তীৰ্থযাত্ৰীৰ বাবে খোলা হ’ব৷ ৰাজ্য চৰকাৰে প্ৰতিদিনে ১,০০০তীৰ্থযাত্ৰী দৰ্শনৰ অনুমতি প্ৰদান কৰিছে৷ ইফালে, চিপিআই নেতা পি বিজুৰ আজি ক’ভিডত আৰোগ্য হোৱাৰ পাছত ৪৩বছৰ বয়সত মৃত্যু হয়৷ ৰাজ্যখনত কালিত ৬,৮৬২জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে৷ তদুপৰি, ২৬জন ৰোগীৰো কালি মৃত্যু হয়৷
  • তামিনাডুঃ চলিত বৰ্ষত তামিলনাডুত কোনো আন্তঃৰাজ্যিক বাছৰ চলাচল নহয়৷ অৱশ্যে দীপাৱলীৰ পৰিপ্ৰেক্ষিতত ১১ৰ পৰা ১৩ নৱেম্বৰলৈ ৰাজ্যখনৰ ভিতৰত ৯,৫১০খন বাছ চলাচল কৰিব৷
  • কৰ্ণাটকঃ স্বাস্থ্য আৰু পৰিয়াল কল্যান আৰু চিকিসা শিক্ষা মন্ত্ৰী ড০ কে সুধাকৰে বুধবাৰে প্ৰকাশ কৰা প্ৰথম ছেৰ’ ছাৰ্ভেৰ তথ্য অনুসৰি ৰাজ্যখনত আইজিজি এণ্টিবডীৰ পোৱাৰ পাছতো ১৬.৪% লোক ছাৰ্ছ ক’ভ২ত আক্ৰান্ত হৈছে৷
  • অন্ধ্ৰপ্ৰদেশঃ ২ নৱেম্বৰৰ পৰা বিদ্যালয় খোলাৰ পাছত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত কেইগৰাকীমান শিক্ষক আৰু ছাত্ৰ-ছাত্ৰী ক’ৰোনা আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে উপযুক্ত পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে৷
  • তেলেংগানাঃ বিগত ২৪ ঘণ্টাত তেলেংগানা ১,৬৩৭জন নতুন আক্ৰান্ত, ১,২৭৩জন আৰোগ্য আৰু ৬জন ৰোগীৰ মৃত্যুৰ তথ্য পোৱা গৈছে৷ বৰ্তমান ৰাজ্যখন ১৮,১০০ ৰোগী চিকিসাধীন হৈ আছে৷ তামিলনাডুৰ আৰোগ্যৰ হাৰ ৯২.০৩শতাংশ৷

 

 

FACT CHECK

Image

********

YB


(Release ID: 1670222) Visitor Counter : 172