জল শক্তি মন্ত্ৰালয়

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ মন্ত্ৰীসকলেৰে জল জীৱন অভিযানৰ অগ্ৰগতি পৰ্যালোচনা কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ; ক’ভিড-১৯ মহামাৰী সত্বেও গ্ৰামাঞ্চলৰ গৃহস্থীসমূহক টেপ সংযোগ প্ৰদান কৰিবলৈ হাতত লোৱা অসামান্য প্ৰচেষ্টাৰ শলাগ

জল জীৱন অভিযানে ইজ অৱ লিভিঙক নিশ্চিত, জীৱন ধাৰণৰ মানদণ্ড উন্নত আৰু গ্ৰামাঞ্চলত নিয়োগৰ সুযোগ সৃষ্টি কৰিবঃ শ্ৰী শ্বেখাৱট

Posted On: 03 NOV 2020 5:09PM by PIB Guwahati

কেন্দ্ৰীয় জল শক্তি মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে আজি ২০২৪ ৰ ভিতৰত গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীলৈ টেপ ৱাটাৰ সংযোগ প্ৰদানৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰখনৰ ধ্বজাবাহী কাৰ্যক্ৰম জল জীৱন অভিযানৰ অধীনত অগ্ৰগতিৰ পৰ্যালোচনাৰ অৰ্থে সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ গ্ৰাম্য পানী যোগানৰ তত্বাৱধায়ক মন্ত্ৰীসকলেৰে এখনি ভাৰ্চুৱেল সন্মিলনত পৌৰহিত্য কৰে। এই ভাৰ্চুৱেল সন্মিলনখনিত জল শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰট্টন লাল কাটাৰিয়া, হাৰিয়ানা আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীয়েও অংশগ্ৰহণ কৰে। এই সন্মিলনখনি অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে ভিন্ন প্ৰসংগ যথাঃ অদ্যপি পৰিকল্পনা, ৰূপায়ণ আৰু অগ্ৰগতি সন্দৰ্ভত আলোচনা কৰা আৰু টেপ ৱাটাৰ সংযোগ এতিয়ালৈকে লাভ নকৰা গ্ৰামাঞ্চলৰ গৃহস্থীসমূহক কিদৰে ক্ষীপ্ৰতাৰে সংযোগ প্ৰদান কৰিব পৰা যাব তাৰ ৰূপৰেখা অংকন কৰা।

ভাৰ্চুৱেলী এই সন্মিলনখনি সম্বোধন কৰি, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীজনে গ্ৰামাঞ্চলৰ গৃহস্থীসমূহক টেপ সংযোগ প্ৰদান কৰিবলৈ ক’ভিড-১৯ মহামাৰীৰ পৰিপ্ৰেক্ষিতত বলবৎ কৰা লকডাউনৰ সময়ছোৱাত ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে গ্ৰহণ কৰা অসামান্য প্ৰচেষ্টাৰ শলাগ লয়। শ্ৰী শ্বেখাৱটে ‘হৰ ঘৰ জল’ নিশ্চিত কৰি তুলিবলৈ ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে সকলো প্ৰচেষ্টা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে আৰু জল জীৱন অভিযানৰ দ্ৰুত, মাত্ৰিক আৰু দক্ষ ৰূপায়ণৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে অনুসৰণ কৰিবলগীয়া পৰিকল্পনা, অগ্ৰগতি আৰু ৰূপৰেখা সন্দৰ্ভত আলোচনা কৰে। মন্ত্ৰীজনে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক ইয়াৰ ৰূপায়ণক গতি প্ৰদান কৰিবলৈ আহ্বান জনায়।

ৰাষ্ট্ৰীয় জল জীৱন অভিযানে উক্ত সন্মিলনত সকলো ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে আৰু নিৰ্দিষ্ট সময়ৰ ভিতৰত এই অভিযানৰ লক্ষ্য বাস্তৱায়িত কৰি তুলিবলৈ ৰূপায়ণৰ ক্ষীপ্ৰতা কামনা কৰে। ইয়াৰ জৰিয়তে গ্ৰামাঞ্চলৰ প্ৰতিঘৰ গৃহস্থীয়ে টেপ ৱাটাৰ সংযোগ লাভ কৰিব বুলি কয়। ইয়াতে কেন্দ্ৰীয় মন্ত্ৰীজনে নলেজ ৰিচ’ৰ্ছ চেন্টাৰৰ নীতি-নিৰ্দেশনাখনি প্ৰকাশ কৰে। এই নীতি-নিৰ্দেশনাখনিয়ে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিন্ন বিষয়াবৰ্গক প্ৰশিক্ষণ আগবঢ়াবলৈ যাওঁতে বিশিষ্ট প্ৰতিষ্ঠানসমূহক সহায় আগবঢ়াব।

ভিডিঅ’ কনফাৰেন্সিঙৰ অন্তত সংবাদ মাধ্যমক সম্বোধন কৰি, কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীজনে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এই অভিযানৰ শুভাৰম্ভ কৰিছিল। তেখেতে ইয়াৰ শুভাৰম্ভ কৰাৰ লক্ষ্য আছিল গ্ৰামাঞ্চলত বসবাস কৰা জনসাধাৰণৰ জীৱন-ধাৰণৰ ‘ইজ অৱ লিভিং’ নিশ্চিত কৰা আৰু তেওঁলোকৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰি তোলা। বিশেষতঃ প্ৰতিঘৰ গৃহস্থীৰ মহিলাৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈকে এই অভিযানৰ শুভাৰম্ভ কৰা যায়। কিয়নো মহিলাসকলে দূৰৰপৰা পানী কঢ়িয়াবলগীয়া হোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকেও অধিক সমস্যাৰ সন্মুখীন হৈ অহাৰ কথাটো চৰকাৰখনে অনুধাৱন কৰিছে। সমান্তৰালভাৱে গৃহস্থীসমূহলৈ বিশুদ্ধ পানী যোগানে স্বাস্থ্য সম্পৰ্কীয় সমস্যাসমূহ ৰোধ কৰাৰ ক্ষেত্ৰটো সহায়ক হৈ উঠিব। এই অভিযানৰ লক্ষ্য মাথো সুৰক্ষিত পানী যোগান ধৰাই নহয় বৰঞ্চ গ্ৰামাঞ্চলৰ স্থানীয় লোকসকলৰ অৰ্থে নিয়োগৰ সুযোগ সৃষ্টিৰো পদক্ষেপ গ্ৰহণ কৰা যায়। প্ৰতিখন গাঁৱতে ইয়াৰ ৰূপায়ণৰ অৰ্থে দক্ষ মানৱশক্তি যথাঃ প্লাম্বিং, মেচনৰী, ইলেকট্ৰিকেল, পাম্প অপাৰেটৰ ইত্যাদিৰ প্ৰয়োজন, সেয়ে ইয়াত প্ৰশিক্ষণ প্ৰদানো জড়িত হৈ পৰে।

বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ আশ্ৰমশালা (জনজাতীয় অঞ্চলসমূহত আৱাসিক বিদ্যালয়)ত পাইপেৰে পানীৰ যোগান আগবঢ়াবলৈ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্য আৰু তত্বাৱধানৰ অধীনত, ২০২০ৰ ২ অক্টোবৰত এটা ‘১০০-দিনীয়া’ অভিযানৰ শুভাৰম্ভ কৰা হৈছে। ইয়াৰ লক্ষ্য আছিল শ্ৰেষ্ঠতৰ স্বাস্থ্য আৰু সৰ্বাংগীন উন্নয়নৰ বাবে শিশুহঁতৰ অৰ্থে সুৰক্ষিত পানী সুনিশ্চিত কৰা। শ্ৰী শ্বেখাৱটে কয় যে লকডাউনৰ পৰৱৰ্তী সময়ত বিদ্যালয়ৰ পুনৰ মুকলিত শিশুহঁতক আদৰিবলৈয়ো ৰাজ্যসমূহৰ বাবে পেয় জলৰ সুনিশ্চিতি গুৰুত্বপূৰ্ণ। ক’ভিড মহামাৰীৰপৰা অতিশয় গুৰুত্বপূৰ্ণ ৰক্ষাকৱচ হৈছে ঘনাই হাত মাজি থকা। যাৰ বাবে বিদ্যালয়, অংগনৱাড়ী কেন্দ্ৰ আৰু আশ্ৰমশালাৰ চৌহদচ পানী যোগানৰ আৱশ্যকতা আছে। তদুপৰি ইয়াত সেৱন, মধ্যাহ্ন-ভোজনৰ ৰন্ধন, টয়লেটত ব্যৱহাৰৰ বাবেও পানী যোগানৰ আৱশ্যকতা আছে যাৰ জৰিয়তেহে জীৱন ৰক্ষা সম্ভৱপৰ হ’ব।

এই সন্মিলনখনিত জল জীৱন অভিযানৰ ৰূপায়ণ সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰসংগত আলোচনা কৰাৰ সমান্তৰালভাৱে শ্ৰেষ্ঠতৰ প্ৰদৰ্শন কৰা ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সু অভ্যাসৰ অৱতাৰণা কৰা হয়। গ্ৰামাঞ্চলসমূহত প্ৰাথমিক প্ৰয়োজনীয়তাসমূহ প্ৰদানৰদ্বাৰা জনসাধাৰণৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ চৰকাৰখন সংকল্পবদ্ধ আৰু ‘হৰ ঘৰ জল’ নিশ্চিত কৰি তুলিবলৈ জল জীৱন অভিযানে নিৰলসভাৱে কাম কৰি আছে।

এফএইচটিচিৰে ১০০% ক’ভাৰেজৰ অৰ্থে ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ সময়সীমা

২০২০ত ১০০% এফএইচটিচিঃ গোৱা (সফলতা লাভ)

২০২১ত ১০০% এফএইচটিচিঃ আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ, বিহাৰ, পুডুচেৰী, তেলেংগানা

২০২২ত ১০০% এফএইচটিচিঃ হাৰিয়ানা, জম্মু-কাশ্মীৰ, লাডাখ, হিমাচল প্ৰদেশ, গুজৰাট, মেঘালয়, পঞ্জাৱ, ছিকিম, উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ

২০২৩ত ১০০% এফএইচটিচিঃ অৰুণাচল প্ৰদেশ, চত্তীশগড়, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, মণিপুৰ, মিজোৰাম, নাগালেণ্ড, তামিল নাডু, ত্ৰিপুৰা

২০২৪ত ১০০% এফএইচটিচিঃ অসম, অন্ধ্ৰ প্ৰদেশ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, উৰিষ্যা, ৰাজস্থান, পশ্চিম বংগ

(Click here to see detailed background note)

***********

APS/MG/AS/SB



(Release ID: 1669958) Visitor Counter : 113