ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়

পচ্ছাদ ক’ভিড-১৯ অৰ্থনীতিত ভাৰতে বিশ্বৰ নেতৃত্ব বহন কৰিবঃ ড০ জিতেন্দ্ৰ সিং

উত্তৰ পূৰ্বাঞ্চলৰ বিকাশে ভাৰতীয় অৰ্থনীতিত ‘নতুন ইঞ্জিন’ হিচাপে কাম কৰিব

Posted On: 03 NOV 2020 4:27PM by PIB Guwahati

কেন্দ্ৰীয় ৰাজ্যিক ড’নাৰ, পিএমঅ’, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন, আণৱিক শক্তি আৰু মহাকাশ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে আজি  নতুন দিল্লীত ‘‘Economic Revival through  Capital Markets post covid-19’’ শীৰ্ষক এক ৱেবিনাৰ মুকলি কৰে৷ এই ৱেবিনাৰখনৰ আয়োজন কৰে নতুন দিল্লীৰ আইচিএছআই-এনআইআৰচিয়ে৷

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে পচ্ছাদ ক’ভিড-১৯ অৰ্থনীতিত নেতৃত্ব বহন কৰিব৷

দেশৰ অৰ্থনীতিত উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে ড০ জিতেন্দ্ৰ সিঙে কয় যে ক’ভিড-১৯ৰ পিছৰ সময়ছোৱাত এই অঞ্চলটো ইউৰোপৰ পৰ্যটকসকলৰ বাবে বৈকল্পিক গন্তব্যস্থান হিচাপে গঢ় লৈ উঠিব কিয়নো অঞ্চলটোত ক’ভিড-১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা কম৷

তেওঁ ইয়াকো কয় যে উত্তৰ পূৰ্বাঞ্চল ব্যৱসায়ৰ বাবে উত্তম স্থান হিচাপে গঢ় লৈ উঠাৰ সম্ভাৱনা আছে কিয়নো অঞ্চলটোত প্ৰচুৰ পৰিমাণে উপাদন হোৱা বাঁহে অৰ্থনীতিলৈ প্ৰভূত অৰিহণা আগবঢ়াব পাৰে৷ দেশৰ অৰ্থনীতিত  উত্তৰ পূৰ্বাঞ্চল ‘নতুন ইঞ্জিন’ হিচাপে বিকশিত হৈ উঠাৰ সম্ভাৱনা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে৷

দেশৰ অৰ্থনীতিত কোম্পানী ছেক্ৰেটেৰীজৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি ড০ জিতেন্দ্ৰ সিঙে কয় যে এই ধৰণৰ ৱেবিনাৰসমূহে আইচিএছআইৰ শিক্ষাৰ্থীসকলক সৱলীকৃত কৰিব৷

আজিৰ ৱেবিনাৰখনত আইচিএছআইৰ অধ্যক্ষ চিএছ আশীষ গাৰ্গ, আইচিএছআইৰ সম্পাদক শ্ৰী সুৰেশ পাণ্ডেয়েও ভাষণ প্ৰদান কৰে৷

******

SNC/SS/MANN



(Release ID: 1669908) Visitor Counter : 128